অসম

assam

KMSS challenges CM Himanta: মুখ্যমন্ত্রীৰ পত্নীয়ে চৰকাৰী আঁচনিৰ সাহায্য লাভ কৰাক লৈ সৰৱ কৃষক মুক্তি

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 9:24 PM IST

সংবাদমেলযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক নিজৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । দহ মাহৰ ভিতৰত মাটি ক্ৰয়, মাটিৰ শ্ৰেণী পৰিৱৰ্তন, ৰাজ সাহায্যৰ বাবে আবেদন, ৰাজ সাহায্য লাভ কেৱল মুখ্য মন্ত্রীৰ পত্নীৰ ক্ষেত্ৰতহে সম্ভৱ বুলি মন্তব্য কৃষক মুক্তিৰ।

Press Conference of KMSS in Guwahati
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল

সংবাদমেলযোগে মুখ্যমন্ত্রীক প্ৰত্যাহ্বান কৃষক মুক্তিৰ

গুৱাহাটী, ১০ ছেপ্টেম্বৰ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক নিজৰ লগতে তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ দেওবাৰে গুৱাহাটীৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে আৰু কাৰ্যালয় সম্পাদক বাসুদেৱ বড়োৱে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক এই প্ৰত্যাহ্বান জনায় ৷

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ উদ্ধৃতি দি সংবাদমেলত বিদ্যুৎ শইকীয়াই কয় যে, নগাঁও জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাড়িগজি গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি ৷ যি কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰিছে ৷ মাত্ৰ ১০ মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য ৷

এই অভিযোগ উত্থাপন কৰি তেওঁ কয় যে মাত্ৰ ১০ মাহৰ ভিতৰত এনেদৰে মাটি ক্ৰয় কৰি মাটিৰ শ্ৰেণী পৰিৱৰ্তনেৰে উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য লাভ কেৱল মুখ্যমন্ত্রীৰ পত্নীৰ ক্ষেত্ৰতহে সম্ভৱ ৷ তেওঁ লগতে কয় যে যি সময়ত অসমৰ বিভিন্ন প্ৰান্তত সৰ্বসাধাৰণ ৰাইজ উচ্ছেদৰ বলি হৈ গৃহহীন হৈছে, ভেঁটি হেৰুৱাই দিশহাৰা হৈছে সেই সময়তে মুখ্যমন্ত্রীৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ সম্পত্তিৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে ৷ এক কথাত এই পৰিয়ালটো সম্পত্তি দখলৰ প্ৰতিযোগিতাত নামিছে বুলি তেওঁ কয় ৷

২০২১ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা শপতনামাত কৃষিভূমি শূণ্য বুলি দিয়া হিচাপ কিমান দূৰ সত্য বুলি সদৰী কৰি তেওঁ কয় যে, বৰপথাৰৰ ভগৱান চাহ বাগিছা, গোলাঘাটৰ ৰাধা, কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিছা তথা বিয়াগোম ৰিজ’ৰ্ট, হোটেল, বন্দ্যা ইন্টাৰনেচনেল স্কুল, নিউজ চেনেল, সৌ সিদিনা তোলপাৰ লগোৱা ২৯ বিঘা মাটিৰ মালিকীস্বত্বৰ পৰা এদিনত ক্ৰয় কৰা ৫০ বিঘা ২কঠা ১৯ লেচা মাটিৰ মালিকীস্বত্বই মুখ্যমন্ত্রী গৰাকী আৰু পৰিয়ালৰ কেলেংকাৰী আৰু ক্ষমতাৰ কিমান সৎ ব্যৱহাৰ হৈছে তাৰেই ইংগিত বহন কৰিছে ৷

ইয়াৰ পাছতো কোনখন মুখেৰে একেজন মানুহেই কেনেকৈ ৰাজ্যৰ সৰ্বোচ্চ পদত বহি সৰ্বসাধাৰণ ৰাইজৰ আগত ন্যায়, শূন্য সহনশীলতাৰ ভাওনা বচন আওঁৰাব পাৰে বুলি তেওঁ কয় ৷ শইকীয়াই আৰু কয়, ‘‘আমাৰ প্ৰত্যাহ্বান, যদি সাহস আছে মুখ্যমন্ত্রীয়ে নিজৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰক আৰু তেখেতৰ পত্নীয়ে সংঘটিত কৰা এই কাৰ্যৰ তদন্ত দিয়ক ৷’’

লগতে পঢ়ক :G20 summit in Delhi: অসমৰ প্ৰতি আগ্ৰহ দেখুৱাইছে ছিংগাপুৰে; নাৰ্ছিং তথা কৌশল বিকাশ প্ৰশিক্ষণত কাম কৰাৰ আগ্ৰহ !

ABOUT THE AUTHOR

...view details