ETV Bharat / state

বিগত নির্বাচনৰ জৰিয়তে গণতন্ত্রক সম্পূর্ণ ধ্বংস কৰা হ'ল: জে আই কাথাৰ - J I Kathar demands re election

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 11:05 PM IST

ডিফু লোকসভা আসনত ৪,৯২৯ টা অতিৰিক্ত ভোটৰ দাবী এপিএইচএলচিৰ জে আই কাথাৰৰ । পুনৰ নিৰ্বাচনৰ দাবী কৰি ইভিএম বিসংগতিৰ বাবেই তেওঁৰ পৰাজয় হোৱা বুলি অভিযোগ উত্থাপন কৰে ।

J.I. Kathar demand re-election in Diphu Lok Sabha seat
ইভিএম বিসংগতিৰে জয় লাভ কৰাৰ অভিযোগ (ETV Bharat Assam)

ডিফু,১১ জুন: ডিফু লোকসভা আসনত বিজেপি দলে জয়লাভ কৰিলে যদিও এই জয় ইভিএম বিসংগতিৰে লাভ কৰা বুলি অভিযোগ কৰি সমষ্টিটোত পুনৰ নির্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচি সমর্থিত দ্বিতীয় স্থানত থকা নির্দলীয় প্রার্থী জে আই কাথাৰে । মঙলবাৰে ডিফুস্থিত নিজা বাসগৃহত এক সংবাদমেলৰ জৰিয়তে কাথাৰে কয়, "বিগত নির্বাচনৰ জৰিয়তে গণতন্ত্রক সম্পূর্ণ ধ্বংস কৰা হ'ল ।"

এই বিজয় আমি ইভিএম টেম্পাৰিং কৰি লাভ কৰা বিজয় বুলি উল্লেখ কৰিম বুলি প্রকাশ কৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ পাঁচোটা বিধানসভা সমষ্টিত ভোট গণনাত বিসংগতি থকা বুলি উল্লেখ কৰি ভোটগণনাৰ অন্তত মুঠ ৪৯২৯ টা অতিৰিক্ত ভোট ক'ৰ পৰা ওলাল বুলি প্রশ্ন উত্থাপন কৰে ৷ ডিফু লোকসভা সমষ্টিত মুঠ ৬,৮২,৪৪১ টা ভোট প্রদান কৰা হৈছিল । কিন্তু ভোট গণনাৰ অন্তত দেখা গ'ল ৬,৮৩,২২৩টা ভোট গণনা কৰা হ'ল ।

মুঠ ৭৮২ টা ভোট অতিৰিক্তভাবে ক'ৰ পৰা আহিল বুলি কাথাৰে প্রশ্ন উত্থাপন কৰে কাথাৰে । আনহাতে ভোট গণনাৰ সময়ত ৭ টা ইভিএম বিসংগতিৰ বাবে খোল খোৱা নাছিল । যাৰ বাবে এই ৭ টা ইভিএমত থকা ৪,১৪৭ টা ভোট গণনাত অন্তর্ভুক্ত হোৱা নাছিল । ভোট গণনাৰ অন্তত দেখা গ'ল এই ৭ টা ইভিএমৰ ৪,১৪৭ সহ অতিৰিক্ত ৭৮২ টা ভোটকে ধৰি মুঠ ৪৯২৯ টা ভোট অতিৰিক্তভাবে সমষ্টিটোত যোগ হ'ল ।

সমষ্টিটোত বিধানসভা অনুযায়ী ভাৰতীয় নির্বাচন আয়োগ আৰু ডিফু লোকসভা আসনৰ ৰিটার্ণিং বিষয়াৰ তথ্যৰ বিসংগতি থকা বুলি উল্লেখ কৰি কাথাৰে কয় যে বোকাজান বিধানসভা সমষ্টিত নির্বাচন আয়োগৰ তথ্য অনুসৰি ১,১৬,৭৩২ ভোট প্রদান কৰাৰ বিপৰীতে ৰিটার্ণিং বিষয়াৰ তথ্যত ১,১৫,৯৮৯ টা ভোট গণনা হয় । সমষ্টিটোত ৭৪৩ ভোটৰ তফাৎ দেখা পোৱা যায় ।

হাওৰাঘাট বিধানসভা সমষ্টিত নির্বাচন আয়োগে তথ্যত ১,৪৪,৮০৯ টা ভোট প্রদান হোৱা বুলি উল্লেখ কৰাৰ বিপৰীতে ৰিটার্ণিং বিষয়াইদিয়া তথ্যত ১,৪২,৫১৯ টা ভোট দিয়াৰ তথ্য সন্নিবিষ্ট হৈছে । সমষ্টিটোত দুয়োটা সংস্থাৰ ভোটৰ তফাৎ ২,২০৯ টা । ডিফু বিধানসভা সমষ্টিত ১,৩৩,৭৮৯ টা ভোট নির্বাচন আয়োগৰ তথ্যত ওলোৱাৰ বিপৰীতে ৰিটার্নিং বিষয়াৰ তথ্যত ১,৩২,৬৭৫ টা ভোট দেখুওৱা হ'ল । তফাৎ আছিল ১,১১৪ টা ।

পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং সমষ্টিত নির্বাচন আয়োগৰ তথ্যত ৯৯,৪৮৬ ভোটৰ বিপৰীতে ৰিটার্নিং বিষয়াই প্রদান কৰা তথ্যত ৯৯,৪৭৯ টা ভোট উল্লেখ আছে আৰু ইয়াত ভোটৰ ব্যৱধান ৭ টা । আমবি সমষ্টিত ৭১,৮৫৩ টা ভোট নির্বাচন আয়োগে দেখুৱাৰ বিপৰীতে ৰিটার্নিং বিষয়াই দিয়া তথ্যত ৭১,৮৫৪ টা ভোট দেখুওৱা হৈছে । ইয়াত ব্যৱধান মাত্র এটা বুলি কাথাৰে উল্লেখ কৰে ৷

কাথাৰে সংবাদ মাধ্যমৰ আগত প্রশ্ন উত্থাপন কৰি কয়, "ডিফু লোকসভা সমষ্টিৰ ৰিটার্নিং অফিচাৰক আমি আবেদনযোগে যোৱা ৬ জুনত নির্বাচনৰ ফলাফলৰ বিধানসভা অনুসৰি তথ্য প্রদান কৰিবলৈ আহ্বান জনাইছিলো যদিও আজিলৈকে আমাক এই তথ্য প্রদান নকৰিলে ।" এই সমস্ত ঘটনাৰ আঁৰত বৃহৎ চক্র জড়িত থকাৰ সন্দেহ কৰি কাথাৰে নির্বাচন আয়োগ আৰু ৰিটার্ণিং বিষয়াৰ পৰা তথ্যসহ বিতং ব্যাখ্যা আৰু উচিত সঁহাৰি নাপালে আদালতৰ কাষ চাপিব বুলি প্রকাশ কৰে ।

ইপিনে, কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৯ টা পৰিষদীয় সমষ্টি আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ গৰমপানী পৰিষদীয় সমষ্টিত কাথাৰে অগ্রগতি ল'বলৈ সক্ষম হোৱা বুলি দাবী কৰি ইয়াৰ তথ্য প্রকাশ কৰে । ২০২৬ চনত হ'বলগীয়া বিধানসভা নির্বাচনত কাথাৰৰ দলে অধিক উন্নত প্রদর্শন আগবঢ়াব বুলিও কাথাৰে সংবাদমেলত দাবী কৰে ।

২০২৬ চনৰ বিধানসভা নির্বাচনত কংগ্রেছৰ সৈতে মিত্রপাশত আৱদ্ধ হ'ব নেকি বুলি কৰা প্রশ্নৰ উত্তৰত কাথাৰে আমি ইণ্ডিয়া মর্চাৰ অধীনত আছো বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে ৷ কাথাৰে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই সমষ্টিটোত তেওঁক সমর্থন নকৰি প্রার্থিত্ব প্রদান কৰাৰ বাবে ফোন কৰি খেদ প্রকাশ কৰা বুলিও সংবাদ মাধ্যমত ব্যক্ত কৰে জে আই কাথাৰে ।

লগতে পঢ়ক: অসমত বিজেপি দল নহয়, এইচ বি এছ কোম্পানীৰ ৰাজত্ব চলি আছে: অখিল গগৈ - Akhil Gogoi demands re election

নিৰ্বাচনৰ পিচতে কংগ্ৰেছৰ সভাত হঠাৎ আবিৰ্ভাৱ ভৰত নৰহৰ - Bharat Narah sudden appear

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.