অসমত বিজেপি দল নহয়, এইচ বি এছ কোম্পানীৰ ৰাজত্ব চলি আছে: অখিল গগৈ - Akhil Gogoi demands re election
Akhil Gogoi demands re-election: অসমৰ দুটাকৈ লোকসভা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা অখিল গগৈৰ । আগন্তুক পঞ্চায়ত আৰু বিধানসভাৰ নিৰ্বাচনত বিৰোধী দল ঐক্যবদ্ধ হৈ যুঁজ দি বিজেপিক পৰাভূত কৰাৰ আহ্বান জনাই শিৱসাগৰৰ বিধায়কগৰাকীয়ে । মঙলবাৰে লখিমপুৰত এক সংবাদমেল যোগে এই আহ্বান জনাই ৰাইজৰ দলৰ সভাপতি গগৈয়ে ।

Published : June 11, 2024 at 7:10 PM IST
লখিমপুৰ,১১ জুন: অখিল গগৈৰ হুংকাৰ "অসমৰ দুটাকৈ লোকসভা সমষ্টিত পুনৰ ভোটগ্রহণ অনুষ্ঠিত কৰক । আগন্তুক ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ধৰাশায়ী কৰিম । তাৰ বাবে ৰাইজৰ দলকে ধৰি ১৬ টা বিৰোধী ঐক্য মঞ্চৰ দলে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব । ২০২৪ ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ ত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত ১৬ টা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ বিৰোধী ঐক্য মঞ্চই ঐক্য বদ্ধভাৱে যুঁজ দিব লাগিব ।"
মঙলবাৰে লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি এনে মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । তেওঁ আগন্তুক দুয়োটা নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দি বিজেপিক পৰাভূত কৰিবলৈ ৰাইজৰ দলৰ হৈ বিৰোধী দলসমূহলৈ আহ্বান জনায় ।
তেওঁ কয় "সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলৰ বিৰূদ্ধে ৰাইজৰ মাজত এক ঢৌ সৃষ্টি হৈছে । ৰাইজৰ মাজত বিজেপিৰ স্বৈৰাচাৰী, একনায়কত্ববাদ, গুণ্ডাগিৰি, দাদা বিগ্ৰেডৰ ব্যবহাৰ আদিৰ বিৰুদ্ধে ক্ষোভ পুঞ্জীভূত হৈছে । বিৰোধী ঐক্যবদ্ধ হৈ নাথাকিলে বিজেপিৰ বিৰুদ্ধে সৃষ্টি হোৱা ঢৌ আৰু বিৰোধীৰ প্ৰতি থকা আস্থা বিশ্বাসত আঘাত পৰিব। তাৰবাবে বিৰোধী ঐক্য মঞ্চই কোনোধৰণৰ অহংকাৰী কথা নোকোৱাকৈ ৰাইজৰ আস্থাক আঁকোৱালি লৈ বিজেপিক ক্ষমতাচ্যুত কৰিব লাগে ।"
কেন্দ্রত মন্ত্রী দপ্তৰ বিতৰণৰ প্ৰসংগ উত্থাপন কৰি অগপ, ইউপিপিএল আদিকো কঠোৰ সমালোচনা কৰে গগৈয়ে । তেওঁ দল দুটাই দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলি ক্ষোভ উজাৰি কয়, "তেলুগু দেশম পাৰ্টিয়ে বিশেষ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিব লাগে বুলি দাবী কৰাৰ সময়ত একে সময়তে বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰা অসমৰ সাংসদ সকল নীৰৱে আছে ।"
মুখ্যমন্ত্রী, সৰ্বানন্দ সোণোৱাল আদিকো এইক্ষেত্ৰত সমালোচনা কৰে বিধায়কগৰাকীয়ে । সংবাদমেলখনত অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ক্ষুৰধাৰ সমালোচনা কৰে । অসমত বিজেপি দল নহয়, এইচ বি এছ কোম্পানীৰ ৰাজত্ব চলি আছে বুলি তেওঁ কটাক্ষ কৰে । চামচাগিৰি কৰিব পাৰিলেহে অসমত মন্ত্রী পদ পায় বুলি তেওঁ উল্লেখ কৰে ।
ৰাইজৰ দলৰ সভাপতি হিচাপে অখিল গগৈয়ে অসমৰ দুটাকৈ লোকসভা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী কৰে । সমষ্টি দুটা হল কৰিমগঞ্জ আৰু কোকৰাঝাৰ । কৰিমগঞ্জত বেছি ভোট আৰু কোকৰাঝাৰত কম ভোট ওলোৱাৰ বাবে তেওঁ এই দাবী উত্থাপন কৰে ।
তেওঁ কয়, "কৰিমগঞ্জত ভোট গ্রহণ হৈছিল ১১ লাখ ৩৬ হেজাৰ ৫৩৮ টা । ভোট গণনাত ওলাল ১১ লাখ ৪০ হেজাৰ ৩৪৯ টা ভোট। সমষ্টিটোত ৩ হেজাৰ ৮১১ টা ভোট বেছিকৈ ওলাল । তেনেদৰে কোকৰাঝাৰ সমষ্টিত ভোটগ্রহণ হৈছিল ১২ লাখ ৪০ হেজাৰ ৩০৬ টা ভোট। কিন্তু গণনাত ওলাল ১২ লাখ ২৯ হেজাৰ ৫৪৬ টা ভোট । সমষ্টিটোত ১০ হেজাৰ ৭৬০ টা ভোট কমকৈ ওলাল ।"
এই তথ্য দাঙি ধৰি ৰিগিং হোৱাৰ সন্দেহ কৰাৰ লগতে সমষ্টি দুটাত পুনৰ ভোটগ্রহণ কৰিবলৈ তেওঁ দাবী জনায় । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয়, "আমি ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্রাম সমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিয়াৰ বাবে দাবী উত্থাপন কৰিছো । প্ৰকল্পটো সম্পুর্ণ নৌহওতেই এই পৰ্যন্ত প্ৰকল্পটোত ১৫ জন শ্ৰমিকৰ মৃত্যু হৈছে । প্ৰকল্পটোৱে ভবিষ্যতে ভয়াবহ বিপদ কঢ়িয়াই আনিব । সেয়ে প্ৰকল্পটো ভাঙি দিব লাগে ।"
প্ৰকল্পটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান এনএইচপিচিক সমালোচনা কৰি তেওঁ কয়, "যিখন নৈত ১৬৪ প্ৰজাতিৰ মাছ আছিল সেইখন নৈত এতিয়া প্ৰকল্পটোৰ বাবে মাছ নোহোৱা হল আৰু নৈ খনত এনএইচপিচিয়ে ৬ হেজাৰ হাইব্রিড মাছৰ পোনা মেলি দিয়ে । ই য়েই নৈ খনৰ অৱশিষ্ট থলুৱা মাছৰ অস্তিত্ব বিপন্ন কৰিব ।"
ইয়াৰোপৰি লখিমপুৰৰ ঢকুৱাখনাৰ ৰাজ্য কপোৱা সুনীল গগৈৰ হত্যা কাণ্ডত তেওঁ উদ্বেগ প্রকাশ কৰি এতিয়াও হত্যা কাৰীক কৰায়ত্ত কৰিব নোৱাৰা বাবে গৃহ বিভাগৰো দায়িত্বত থকা মূখ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে । সংবাদমেলখনত আজাদ হাজৰিকা, নিৰ্মল পায়েঙকে আদি কৰি কেইবাজনো বিষয়-ববীয়াই অংশগ্রহণ কৰে ৷

