G20 summit in Delhi: অসমৰ প্ৰতি আগ্ৰহ দেখুৱাইছে ছিংগাপুৰে; নাৰ্ছিং তথা কৌশল বিকাশ প্ৰশিক্ষণত কাম কৰাৰ আগ্ৰহ !

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 6:13 PM IST

thumbnail

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: ‘‘ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব্ৰিটেইনত থাকিও নিজৰ সন্তানক মাতৃভাষা হিন্দী পঢ়াব বিচৰাটো আনন্দৰ কথা ,’’ এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে সংবাদ মাধ্যমৰ আগত তেওঁ G২০ সম্পৰ্কে মন্তব্য কৰি কয়, ‘‘কালি ৰাষ্ট্ৰপতিয়ে নৈশ ভোজৰ আয়োজন কৰিছিল । এই নৈশ ভোজত বহু কেইখন ৰাষ্ট্ৰৰ মুৰব্বী সকল উপস্থিত আছিল । নৈশ ভোজত উপস্থিত থাকি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক লগ পাইছিলো আৰু তেওঁলোক ব্ৰিটেইনত থাকিও কেনেকৈ ভাৰতীয় সনাতন সভ্যতা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট সেই সন্দৰ্ভত কথা-বতৰা হৈছিল । তদুপৰি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ । তেওঁলোকে অসমৰ প্ৰতি আগ্ৰহ দেখুৱাইছে । নাৰ্ছিং আৰু কৌশল বিকাশ প্ৰশিক্ষণত ঘনিষ্ঠভাৱে কাম কৰিবলৈ বিচাৰিছে ।’’  

নৈশ ভোজত সংগীতৰ বিচিত্ৰা অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত ‘শুন শুন ৰে সুৰ’, ভূপেন হাজৰিকাৰ গীত ‘বিস্তীৰ্ণ পাৰৰে’ আৰু বিহু গীত বাৰে বাৰে পৰিৱেশন হোৱাত অসমীয়া অসমীয়া গৌৰৱ অনুভৱ হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ লগতে কয় যে, নতুন দিল্লীত অনুষ্ঠিত G২০ শীৰ্ষ সন্মিলনত নতুন দিল্লী ঘোষণা পত্ৰ সকলো সদস্য ৰাষ্ট্ৰৰ সৰ্বসন্মতিক্ৰমে গৃহীত হৈছে ।

লগতে পঢ়ক: Green Climate Fund: গ্ৰীণ ক্লাইমেট ফাণ্ডলৈ ২ বিলিয়ন ডলাৰ প্ৰদানৰ ঘোষণা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.