ETV Bharat / state

পেট্ৰ’ল ভৰোৱাৰ পিচতে বিকল বাহন, পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি - Thelamara assam oil petrol pump

Tense situation in petrol pump: পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি ৷ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ আছাম অইল পেট্ৰ’ল পাম্পত সংঘটিত হৈছে এই ঘটনা ৷ পেট্ৰ'লৰ পৰিৱৰ্তে পানী যোগানৰ অভিযোগ পেট্ৰ'ল ডিপোটোৰ বিৰুদ্ধে ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন ৷

tense situation in Thelamara assam oil petrol pump over oil adulteration
পেট্ৰ’ল ভৰোৱাৰ পিচতে বিকল বাহন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2024 at 8:24 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ, 12 জুন: শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ ঠেলামৰাৰ আছাম অইল পেট্ৰ’ল ডিপোত উত্তপ্ত পৰিস্থিতি ৷ পেট্ৰ'লৰ পৰিৱৰ্তে পানী দিয়াৰ অভিযোগত পেট্ৰ'ল ডিপোটোত মঙলবাৰৰ নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ পেট্ৰ’লৰ বিপৰীতে ডিপোটোৱে পানী যোগান ধৰাৰ বাবেই শতাধিক যান-বাহন বিকল হৈ পৰা বুলি ভুক্তভোগী গ্ৰাহকসকলে অভিযোগ তুলিছে ৷

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন আৰক্ষী (ETV Bharat Assam)

জানিব পৰা মতে, ঠেলামৰাৰ উক্ত আছাম অইল পেট্ৰল ডিপোটোৰ পৰা নিজৰ নিজৰ যান-বাহনবোৰত পেট্ৰ’ল ভৰোৱাৰ পিছতেই গ্ৰাহকসকলৰ বাহনবোৰ বিকল হৈ পৰে ৷ পিছত ভুক্তভোগী গ্ৰাহকসকলে তেলৰ টেংকী খুলি পৰীক্ষা কৰি চাই টেংকীত পেট্ৰ’লৰ বিপৰীতে পানী আছে বুলি অৱগত হয় ৷

tense situation in Thelamara assam oil petrol pump over oil adulteration
পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাচতে ডিপোটোৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি গ্ৰাহকসকলে ক্ষতিপূৰণ বিচাৰি ডিপোটোত সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি ৷ ইয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা কৰে ৷

ভুক্তভোগী লোকসকলে বিকল হোৱা যান-বাহনৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে ডিপোটোৰ কৰ্তৃপক্ষৰ ওচৰত দাবী তোলাৰ লগতে ভেজাল ইন্ধন বিক্ৰী কৰা ঠেলামৰা পেট্ৰ’ল পাম্পটো বন্ধ কৰি দিবৰ বাবেও প্ৰশাসনৰ ওচৰত দাবী তুলিছে ৷

tense situation in Thelamara assam oil petrol pump over oil adulteration
ইন্ধনৰ পৰিৱৰ্তে পানী থকাৰ সন্দেহ (ETV Bharat Assam)

দুৰ্ভাগ্যজনক বিষয় যে, ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে এনেবোৰ ঘটনা ৷ সঘনাই সংঘটিত হৈ অহা এনেবোৰ ঘটনাই গ্ৰাহক তথা সচেতন লোকৰ মনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ কিছুদিন পূৰ্বে বাক্সাৰ বৰমাৰ এটা পেট্ৰ’ল পাম্পটো অনুৰূপ পৰিস্থিতি সৃষ্টি হৈছিল ৷ যাক লৈও উত্তপ্ত হৈছিল পৰিস্থিতি ৷

লগতে পঢ়ক: পেট্ৰ’ল ভৰোৱাৰ পূৰ্বে সাৱধান হওঁক; পেট্ৰ’লৰ নামত আপুনিও ভৰাইছে নেকি পানী ? - tense situation in petrol pump