বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অত্যাৱশ্যকীয় খাদ্য় সামগ্ৰী মজুতৰ নিৰ্দেশ - Assam Flood 2024
Meeting of Tinsukia administration: তিনিচুকীয়া জিলা প্ৰশাসনৰ সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা সন্দৰ্ভত সভা সম্পন্ন । দৈনিক সামগ্ৰী মজুত তথা দৰৰ তালিকা পুৱা ১০ বজাত কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ ।

Published : June 12, 2024 at 7:10 AM IST
তিনিচুকীয়া, ১২ জুন: সাম্ভাব্য বান পৰিস্থিতিৰ সময়ত তিনিচুকীয়া জিলাত যাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি নহয়, তাৰ বাবে তৎপৰ হৈছে খাদ্য আৰু অসামৰিক যোগান বিভাগ । জিলা আয়ুক্ত স্বপ্নীল পালৰ নিৰ্দেশক্ৰমে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।
এই সভাখনত ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক বিৰিঞ্চি কুমাৰ দত্তই কয় যে, যিকোনো আকস্মিক দুৰ্যোগ বা বানৰ সময়ত জিলাখনত যাতে কোনো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি হ'ব নোৱাৰে, তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
এনে অৱস্থাৰ সুযোগ লৈ কোনো কাৰণতে কোনো ব্যৱসায়ীয়ে অবৈধ মজুতকৰণ আদিৰ দৰে অনৈতিক কাৰ্যৰ আশ্ৰয় লৈ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে তেওঁ সকলোকে দৈনিক সামগ্ৰী মজুত তথা দৰৰ তালিকা পুৱা ১০ বজাৰ ভিতৰত কাৰ্যালয়ত জমা দিয়াৰ নিৰ্দেশ দিয়ে ।
এই সভাখনত উপস্থিত থকা ধান আৰু আটা মিলৰ স্বত্বাধিকাৰীসকলকো জিলা আয়ুক্তই দিয়া নিৰ্দেশ অনুসৰি, পশুখাদ্যৰ বাবে পৰ্যাপ্ত পৰিমাণে চাউল আৰু ঘেঁহুৰ ভূচি মজুত ৰাখিবলৈ আহ্বান জনোৱা হয় । সভাত ভাৰতীয় খাদ্য নিগমে পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী মজুত থকাৰ কথাও অৱগত কৰে । তিনিচুকীয়া চেম্বাৰছ অৱ কমাৰ্চৰ সভাপতিয়ে কোনো কাৰণতে খাদ্য সামগ্ৰীৰ নাটনি নহ'ব বুলি সভাত আশ্বাস প্ৰদান কৰে ।
ইপিনে, পেট্ৰ'ল পাম্প আৰু গেছ এজেঞ্চিৰ স্বত্বাধিকাৰীসকলেও আশ্বাস দিয়ে যে কোনো কাৰণতে তেওঁলোকে সমগ্ৰীসমূহৰ নাটনি হ'বলৈ নিদিয়ে । সভাৰ অন্তত অতিৰিক্ত জিলা আয়ুক্তই ৰে'লৱে আৰু আভ্যন্তৰীণ জল পৰিবহণৰ বিষয়া আৰু খাদ্য সৰবৰাহকাৰীসকলক ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ প্ৰস্তুত থাকিবলৈ অনুৰোধ জনায় ।
তিনিচুকীয়া জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত চিন্ময় পাঠকৰ সভাপতিত্বত অনুষ্ঠিত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত সভাখনত জিলাখনৰ খাদ্য, অসামৰিক যোগান বিভাগৰ বিষয়া, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগানৰ লগত জড়িত ব্যৱসায়ীসকল, ভাৰতীয় খাদ্য নিগমৰ বিষয়া, ৰন্ধন গেছ বিতৰক আৰু পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী, খাদ্য সামগ্ৰী যোগানৰ লগত জড়িত পৰিবহণ সংস্থা, ৰে'লৱে বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণৰ বিষয়া উপস্থিত থাকে ।

