অসম

assam

Important meeting of Education Minister: পলিটেকনিকৰ খালি পদ পূৰণৰ আশ্বাস শিক্ষামন্ত্ৰীৰ

By

Published : Aug 9, 2022, 10:21 PM IST

Dr Ranoj Pegu meeting wtth  Polytechnic  principal
পলিটেকনিকৰ খালি পদ পুৰণৰ আশ্বাস শিক্ষ মন্ত্ৰীৰ

শিক্ষ মন্ত্ৰী ডাঃৰণোজ পেগুৰ অধ্যক্ষতাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৰাজ্যখনৰ পলিটেকনিকসমূহৰ অধ্যক্ষ সকলৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয়(Meeting of Education Minister Ranoj Pegu with principals of state polytechnics)। উক্ত বৈঠকত মন্ত্ৰী ডাঃপেগুৱে প্ৰতিখন শিক্ষানুষ্ঠানৰ আন্তঃগাঠনি, প্ৰবক্তা সকলৰ খালি পদ পূৰণকে ধৰি বিভিন্ন সমস্যাসমূহ পৰ্য্যায়ক্ৰমে সমাধান কৰাৰ আশ্বাস দিয়ে ।

গুবাহাটী,৯ আগষ্ট: মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি মঙলবাৰে শিক্ষ মন্ত্ৰী ডাঃৰণোজ পেগুৰ অধ্যক্ষতাত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ ৰাজ্যখনৰ পলিটেকনিক সমূহৰ অধ্যক্ষ সকলৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয় (Meeting of Education Minister Ranoj Pegu with principals of state polytechnics)।উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিখন শিক্ষানুষ্ঠানৰ অধ্যক্ষসকলৰ পৰা তেওঁলোকৰ শিক্ষানুষ্ঠান সমূহৰ শৈক্ষিক দিশৰ লগতে বিভিন্ন অভাৱ অভিযোগ সমূহৰ বিষয়ে বুজ লয় ।

পলিটেকনিকৰ খালি পদ পূৰণৰ আশ্বাস শিক্ষামন্ত্ৰীৰ

মন্ত্ৰী ডাঃ পেগুৱে বৈঠকখনত উল্লেখ কৰে যে প্ৰতিখন শিক্ষানুষ্ঠানৰ আন্তঃগাঠনি, প্ৰবক্তা সকলৰ খালি পদ পূৰণকে ধৰি বিভিন্ন সমস্যাসমূহ পৰ্য্যায়ক্ৰমে সমাধান কৰা হ'ব । তেওঁ প্ৰতিগৰাকী অধ্যক্ষক তেওঁলোকৰ নিজ নিজ শিক্ষানুষ্ঠান সমূহক সন্মুখৰ পৰা নেতৃত্ব দি আগুৱাই লৈ যাবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে লগতে যিকোনো অভাৱ অভিযোগ থাকিলে অধ্যক্ষ সকলে বিনা দ্বিধাই পোণপটীয়াকৈ তেওঁক অৱগত কৰিবলৈ কয় ।

ইয়াৰ উপৰি তেওঁ প্ৰতিখন শিক্ষানুষ্ঠানক হৰ ঘৰ ত্ৰিৰংগা উৎসৱত অংশগ্ৰহণ তথা ছাত্ৰ-ছাত্ৰী সকলক এই ক্ষেত্ৰত উৎসাহিত কৰিবলৈ আহ্বান জনায় । এই বৈঠকখনত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, উচ্চ শিক্ষা বিভাগৰ আযুক্ত সচিব এম এচ মনিভন্নন, সচিব বনশ্ৰী নাথ, কাৰিকৰি শিক্ষা বিভাগৰ সঞ্চালক ধ্ৰুৱজ্যোতি বৰা উপস্থিত থাকে ।

লগতে পঢ়ক:Azadi Ka Amrit Mahotsav: ভাৰত-চীন সীমান্তত সশস্ত্ৰ সীমা বলৰ 'হৰ ঘৰ ত্ৰিৰংগা'

ABOUT THE AUTHOR

...view details