ETV Bharat / state

Azadi Ka Amrit Mahotsav: ভাৰত-চীন সীমান্তত সশস্ত্ৰ সীমা বলৰ 'হৰ ঘৰ ত্ৰিৰংগা'

author img

By

Published : Aug 9, 2022, 1:33 PM IST

Azadi Ka Amrit Mahotsav
ভাৰত-চীন সীমান্তত সশস্ত্ৰ সীমা বলৰ 'হৰ ঘৰ ত্ৰিৰংগা'

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India)হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি দেশজুৰি আৰম্ভ হৈছে 'ঘৰ-ঘৰ ত্ৰিৰংগা’ অভিযান ৷ এই অভিযানৰ লগত সংগতি ৰাখি ভাৰত-চীন সীমান্তৰ গাওঁ সমূহত সশস্ত্ৰ সীমা বলৰ সংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ ।

তেজপুৰ, ৯ আগষ্ট: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ(75th years of Independence of India)হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি দেশজুৰি আৰম্ভ হৈছে 'ঘৰ-ঘৰ ত্ৰিৰংগা’ অভিযান ৷ এই অভিযানৰ লগত সংগতি ৰাখি সুৰক্ষা কৰ্মীসকলে সীমান্তৰ গাওঁ সমূহত সজাগতা বৃদ্ধি কৰিছে । ভাৰত-চীন সীমান্ত এলেকাৰ গাওঁ সমূহত সশস্ত্ৰ সীমা বলৰ যোগেদি প্ৰতিদিনে ঘৰে ঘৰে সজাগতা সৃষ্টি কৰিছে । ভিন্ন ৰঙৰ সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰি জাতীয় পতাকা বিতৰণ অব্যাহত ৰাখিছে এছ এছ বিৰ 67 নং বাহিনীয়ে । তেজপুৰ ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক বিনোদ নায়কৰ(Inspector General of Tezpur Frontier Vinod Nayak)নেতৃত্বত এছ এছ বিৰ তেজপুৰ ফ্ৰণ্টিয়াৰ অধীনত ভাৰত-ভূটান আৰু ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ শোণিতপুৰ জিলাৰ অধীনত থকা সকলো বাহিনীৰ লোকে গাৱেঁ গাৱেঁ ত্ৰিৰংগ পতাকাৰ সজাগতা আৰু বিতৰণ অব্যাহত ৰাখিছে ।

Azadi Ka Amrit Mahotsav
ভাৰত-চীন সীমান্তত সশস্ত্ৰ সীমা বলৰ 'হৰ ঘৰ ত্ৰিৰংগা'

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে এইবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi)আহ্বান জনোৱা 'হৰ ঘৰ ত্ৰিৰংগা(Har Ghar Triranga)','ঘৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰিবলৈ এই অভিযান চলাইছে । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলাৰ 67 নং এছ এছ বি বাহিনীয়ে ইতিমধ্যে ২০০ ৰো অধিক ঘৰলৈ গৈ অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ এই ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে ।

Azadi Ka Amrit Mahotsav
ভাৰত-চীন সীমান্তত সশস্ত্ৰ সীমা বলৰ 'হৰ ঘৰ ত্ৰিৰংগা'

সীমান্তৰ অতি স্পৰ্শকাতৰ অঞ্চলতো সশস্ত্ৰ সীমা বলে সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰিছে । ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দেশপ্ৰেমমুলক গীত পৰিৱেশন আৰু বাহিনীয়ে নিজা বেণ্ড প্ৰদৰ্শন কৰে । উক্ত অনুষ্ঠানত ত্ৰিৰংগ পতাকা প্ৰদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে ।ত দুপৰি অনুষ্ঠানটোত স্থানীয় জিলা প্ৰশাসনৰ লগতে বিষয়া সকলেও অংশ গ্ৰহণ কৰে । আনহাতে,67 নং বাহিনীয়ে নাংছেৰিং আৰু জেমিথাং অঞ্চলত থকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু লুংলা ৰাজহ চক্ৰৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক অনুষ্ঠান পতাকা সম্পৰ্কে ব্য়াখ্য়া কৰে।

লগতে পঢ়ক:Har Ghar Tiranga Abhiyan: হৰ ঘৰ ত্ৰিৰংগা সম্পৰ্কে শিশুসকলক সজাগ কৰাৰ লক্ষৰে এজন যুৱকৰ বিশেষ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.