Har Ghar Tiranga Abhiyan: হৰ ঘৰ ত্ৰিৰংগা সম্পৰ্কে শিশুসকলক সজাগ কৰাৰ লক্ষৰে এজন যুৱকৰ বিশেষ পদক্ষেপ

author img

By

Published : Aug 4, 2022, 2:09 PM IST

Youth initiative to raise awareness among children about Har Ghar Tiranga

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ (75th years of Independence of India) হোৱাৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)ৰ লগত সঙ্গতি ৰাখি দেশজুৰি আৰম্ভ হৈছে 'ঘৰ-ঘৰ ত্ৰিৰংগা’ অভিযান ৷ এই অভিযানৰ লগত সংগতি ৰাখি ৰঙিয়াৰ এজন যুৱকে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷

ৰঙিয়া, 4 আগষ্ট: ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ (75th years of Independence of India) হোৱাৰ উপলক্ষে সমগ্ৰ দেশতেই পালন কৰিবলগীয়া বিশেষ কাৰ্যসূচী "ঘৰ ঘৰ ত্ৰিৰংগা" অভিযানৰ (Har Ghar Tiranga Abhiyan) বিষয়ে কণ কণ শিশুসকলক সজাগ কৰিবলৈ ৰঙিয়াৰ এজন যুৱকে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । যুৱকজন হৈছে ৰঙিয়া আৰিমত্ত্ব বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ সমাজকৰ্মী ঋষি লহকৰ ।

ঋষিয়ে বিদ্যালয়খনৰ প্ৰাথমিক শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্বাধীনতা দিৱস আৰু জাতীয় পতাকাৰ মহত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে ছাত্ৰ-ছাত্ৰীৰ লগত মত-বিনিময় কৰে । ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কেনেদৰে স্বতন্ত্ৰতা সেনানীসকলে জাতীয় পতাকা উৰুৱাই আন্দোলন কৰিছিল এই বিষয়ে সুন্দৰকৈ সাধু কথাৰ আকাৰত উপস্থাপন কৰে ।

এই কাৰ্যসূচীত বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীনেশ লহকৰৰ লগতে আন আন শিক্ষকসকলেও যুৱকজনক সহায়ৰ হাত আগবঢ়ায় । ঋষি লহকৰে ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয় পতাকা বিতৰণ কৰি উপস্থিত প্ৰতিগৰাকী ব্যাক্তি আৰু ছাত্ৰ-ছাত্ৰীক আগন্তুক ১৩ ৰ পৰা ১৫ আগষ্টলৈ নিজৰ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱাৰ লগতে পতাকাও বিতৰণ কৰে ।

লগতে পঢ়ক: Har Ghar Tiranga Abhiyan: ত্ৰিৰংগাৰ লগত বিনামূলীয়াকৈ গছপুলি বিতৰণ বোকাখাতৰ মহকুমাধিপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.