অসম

assam

লাইলাপুৰ কাণ্ড: চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে

By

Published : Aug 24, 2021, 9:12 AM IST

Updated : Aug 24, 2021, 11:56 AM IST

Human Right Commission asks for a report about lalilapur incident from both the states along with center

26 জুলাইত কাছাৰৰ লাইলাপুৰত সংঘটিত হৈছিল সীমাকেন্দ্ৰিক বিবাদ ৷ অসম আৰক্ষী আৰু মিজোৰাম আৰক্ষীৰ সংঘাত সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NATIONAL HUMAN RIGHTS COMMISSION) ওচৰত গোচৰ ৰুজু কৰিছিল মহম্মদ ইনজামুল হক নামৰ এজন লোকে ৷ তাৰপিছত আয়োগে কি স্থিতি ল’লে চাওক...

নিউজ ডেস্ক, 24 আগষ্ট :লাইলাপুৰ কাণ্ডৰ প্ৰতিবেদন বিচাৰি কেন্দ্ৰ চৰকাৰৰ গৃহ সচিব, ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু মিজোৰাম চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (NATIONAL HUMAN RIGHTS COMMISSION) ৷ যোৱা 22 আগষ্টত আয়োগে 4 সপ্তাহৰ ভিতৰত এই ঘটনা সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি সম্পূৰ্ণ আয়োগৰ আগত ৰাখিবলৈ জাননী প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত জ্যেষ্ঠ আৰক্ষী বিষয়া, জিলা প্ৰশাসনৰ অধিকাৰীৰ লগতে সাধাৰণ লোকৰ ওপৰত মিজোৰাম আৰক্ষী আৰু মিজো নাগৰিকে চলোৱা আক্ৰমণ সন্দৰ্ভত 30 জুলাইত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত গোচৰ ৰুজু কৰিছিল কামৰূপৰ মহম্মদ ইনজামুল হক নামৰ লোকজনে ৷

এই অভিযোগনামাত লোকজনে 26 জুলাইৰ লাইলাপুৰ কাণ্ডৰ বহু তথ্য দাঙি ধৰিছিল ৷ য’ত মিজো দুৰ্বৃত্ত আৰু মিজো আৰক্ষীৰ বৰ্বৰ আক্ৰমণত 6 জনকৈ আৰক্ষী জোৱান আৰু এজন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল ৷

আয়োগে (NHRC) বিষয়টো সন্দৰ্ভত বিচাৰ কৰি কয়, "বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ ৷ গোচৰত উল্লেখ কৰা অভিযোগসমূহ গুৰুতৰ ৷ কাৰণ ইয়াত প্ৰশাসনিক বিষয়াৰ ওপৰত আক্ৰমণ আৰু হত্যাৰ দৰে কাৰ্য জড়িত হৈ আছে ৷ গতিকে এই সমগ্ৰ বিষয়টোৱে মৃত আৰু আহত লোকসকলৰ মানৱ অধিকাৰ খৰ্ব কৰিছে" ৷

ইয়াৰ পিছতে আয়োগে (NHRC) চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন প্ৰস্তুত কৰি আয়োগৰ আগত দাখিল কৰিবলৈ মিজোৰামৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিব আৰু অসম চৰকাৰৰ মুখ্য সচিবলৈ জাননী প্ৰেৰণ কৰে ৷

লগতে পঢ়ক :পুনৰ অসমত মিজোৰ আক্ৰমণ...

Last Updated :Aug 24, 2021, 11:56 AM IST

ABOUT THE AUTHOR

...view details