পুনৰ অসমত মিজোৰ আক্ৰমণ...

By

Published : Aug 14, 2021, 5:45 PM IST

thumbnail

অসমত পুনৰ আক্ৰমণ মিজো দুৰ্বৃত্তৰ । এইবাৰ মিজো দুৰ্বৃত্তই গ্ৰেনেড নিক্ষেপ কৰিছে অসমৰ এখন বিদ্যালয়ত । গ্ৰেনেড বিস্ফোৰণৰ (Grenade blast) ফলত যথেষ্ট পৰিমাণে ক্ষতিসাধন হৈছে বিদ্যালয়খনৰ । শুকুৰবাৰে নিশা প্ৰায় ১১.৩০ বজাত অসম মিজোৰাম সীমান্তৰ সাহেবমাৰা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা । অভিযোগ অনুসৰি মিজো দুৰ্বৃত্তই গ্ৰেনেড নিক্ষেপ কৰি সেই স্থানৰ পৰা পলায়ন কৰে । এই আক্ৰমণৰ পাছতে এতিয়া পুনৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত । ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে একাংশ সংগঠন আৰু স্থানীয় ৰাইজে । লগতে মিজোৰামৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অসমৰ দল-সংগঠনসমূহে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.