অসম

assam

জু ৰোডৰ চঞ্চল্যকৰ ডকাইতি কাণ্ড: ১২ ঘন্টা নৌহওঁতেই আৰক্ষীৰ জালত তিনি অভিযুক্ত

By

Published : Oct 9, 2022, 10:38 PM IST

১২ ঘন্টা নৌহওঁতেই গীতানগৰ আৰক্ষীয়ে কৰায়ত্ত কৰে দেওবাৰে দিন দুপৰতে জু ৰোডত সংঘটিত হোৱা চঞ্চল্যকৰ ডকাইতিকাণ্ডৰ তিনি অভিযুক্তক (Sensational robbery at Zoo road) ৷ অভিযুক্তকেইটা ক্ৰমে ধ্ৰুৱজ্যোতি শৰ্মা, ৰুবুল আলী আৰু ছালাউদ্দীন বুলি জানিব পৰা গৈছে (Guwahati Police arrested three accused at Zoo Road robbery case) ৷

Robbery took place in Guwahati
১২ ঘন্টা নৌহওঁতেই আৰক্ষীৰ জালত তিনি অভিযুক্ত

গুৱাহাটী, ৯ অক্টোবৰ :১২ ঘন্টা নৌহওঁতেই গীতানগৰ আৰক্ষীৰ সফলতা ৷ বৰ্তমান আৰক্ষীৰ জালত পৰিছে মহানগৰীৰ জু ৰোডত সংঘটিত হোৱা চঞ্চল্যকৰ ডকাইতি কাণ্ডৰ তিনি অভিযুক্তক (Guwahati Police arrested three accused at Zoo Road robbery case) ৷ বৰ্তমান মহানগৰ আৰক্ষীয়ে ভাস্কৰ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে তিনি ডকাইত ক্ৰমে ধ্ৰুৱজ্যোতি শৰ্মা, ৰুবুল আলী আৰু ছালা উদ্দীন ।

ঘটনাৰ বিৱৰণি অনুসৰি, দেওবাৰে দেওবাৰে দিন দুপৰতে সংঘটিত হয় এক ডকাইতি কাণ্ড (Robbery took place in Guwahati) ৷ মহানগৰীৰ জু-ৰোডস্থিত এখন দোকানত সংঘটিত হয় এই ডকাইতিৰ ঘটনা (Zoo Road robbery case) ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ৪-৫ জনীয়া দুৰ্বৃত্তৰ দলে ইনতাজ পাণ চপৰ পৰা লুটি লৈ যায় প্ৰায় ৬০-৭০ হাজাৰ টকা (Miscreant looted about 60-70 thousands) ৷

অভিযোগ অনুসৰি, দুৰ্বৃত্তৰ দলটো চিগাৰেট খোৱাৰ চলেৰে দোকানত সোমাইছিল ৷

তাৰ পাচতেই চিগাৰেটৰ পেকেটত ড্ৰাগছ ভৰাই দিয়া বুলি দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীজনক ভাবুকি দিছিল ৷ আনকি উক্ত দোকানখনত ড্ৰাগছৰ কন্টেইনাৰ পোৱা বুলি ধমকি দিছিল ব্যৱসায়ীগৰাকীক ৷ তাৰ পাচতে ব্যৱসায়ীগৰাকীৰ পৰা লুটি নিছিল কেবাহাজাৰ টকা ৷

প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, দুৰ্বৃত্তৰ দলটোৱে নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দিছিল ৷ ইফালে সমগ্ৰ ঘটনাৰ দৃশ্যাংশ বন্দী হৈছে ম’বাইল ফোনৰ কেমেৰাত ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

কিন্তু সুযোগ বুজি উক্ত স্থানৰ পৰা পলায়ন কৰে দুৰ্বৃত্ত কেইটাই ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় গীতানগৰ আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত । গীতানগৰ আৰক্ষীৰ তৎপৰতাত বৰ্তমান ৰঙা ঘৰৰ আলহী হ’ল নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দিয়া ধ্ৰুৱজ্যোতি শৰ্মা, ৰুবুল আলী আৰু ছালা উদ্দীন নামৰ ডকাইত কেইটা ৷

উল্লেখ্য যে, জু ৰোডত সংঘটিত হোৱা চঞ্চল্যকৰ ডকাইতি কাণ্ডৰ মূল তিনি অভিযুক্ত কাৰায়ত্ত কৰিছে যদিও উক্ত ঘটনাৰ সন্দৰ্ভত বৰ্তমানো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দি দুৰ্বৃত্তই লুটিলে প্ৰায় ৬০-৭০ হাজাৰ টকা

ABOUT THE AUTHOR

...view details