অসম

assam

Arnamai Bora murder case : শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ হত্যাকাৰীৰ শাস্তি লাঘৱ উচ্চ ন্যায়ালয়ৰ

By

Published : Jan 17, 2023, 7:26 PM IST

Arnamai Bora murder case

চৰ্চাত আকৌ শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ হত্যাকাণ্ড (Arnamai Bora murder case) ৷ 2017 চনৰ মে’ মাহত সংঘটিত এই হত্যাকাণ্ডৰ আজি ৰায়দান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court) ৷ ৰায়দান অনুসৰি অর্ণমাই বৰাৰ হত্যাকাৰীৰ শাস্তি লাঘৱ কৰে উচ্চ ন্যায়ালয়ে ৷

গুৱাহাটী, 17 জানুৱাৰী :ৰাজ্য জোঁকাৰি যোৱা শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ হত্যাকাণ্ড (Arnamai Bora murder case) সন্দৰ্ভত মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Gauhati High Court) এই ৰায়ে উদঙাই দিলে আৰক্ষীৰ তদন্তৰ ফোপোলা স্বৰূপ । ৰাজ্য জোঁকাৰি যোৱা শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তথ্য দিয়াত আৰক্ষী চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰাৰ বাবে শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত অৱশেষত মুকলি আকাশলৈ ওলাই অহাৰ সুযোগ লাভ কৰিলে ।

আৰক্ষীয়ে কোনোধৰণৰ তথ্য দিব নোৱৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজিৰ শুনানিত শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকৰ শাস্তি লাঘৱ কৰি তিনিবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে । সেইমতে যোৱা 2018 চনৰ পৰা শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত জেলত থকা মইনুল হক তিনিবছৰ কাৰাবাস সম্পূৰ্ণ কৰাৰ পিচত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে, মুকলি আকাশৰ তললৈ আহে । আনহাতে, মইনুল হকৰ সহযোগী চেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে বাহাল ৰাখে ।

উল্লেখযোগ্য যে, এক বৰ্বৰ, পাশৱিক ধৰ্ষণ আৰু হত্যাকাণ্ডই কঁপাইছিল সমগ্ৰ অসমক । হোজাই জিলাৰ যমুনামুখত এগৰাকী শিক্ষয়িত্ৰী বিদ্যালয় ছুটী হোৱাৰ পিচত ঘৰলৈ গৈ থকা অৱস্থাতে আদবাটতে দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰে ৷ তাৰ পাচত মৃতদেহ কপিলী নৈত উটুৱাই দিয়াৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছিল 2017 চনৰ মে’ মাহত ৷ এই ঘটনাৰ পাচতে হোজাই জিলাতে নহয় সমগ্ৰ অসম উত্তেজিত হৈ পৰিছিল ।

অসমৰ ৰাইজে এই ঘটনাৰ সৈতে জড়িত লোকক শীঘ্ৰে আটক কৰি উচিত শাস্তি দিয়াৰ দাবী কৰিছিল । সমগ্ৰ অসমত মম হাতত লৈ নাৰী সমাজ ৰাজপথলৈ ওলাই আহিছিল । তাৰ পিচতে সষ্টম হৈ পৰিছিল যমুনামুখ আৰক্ষী । আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল প্ৰথমে মইনুল হক নামৰ এজন লোকক ।

তাৰ পিচতে মইনুলৰ আন এজন সংগী চেলিম উদ্দিনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । আৰক্ষীয়ে দীৰ্ঘ তদন্ত আৰু আদালতত চলা দীৰ্ঘ শুনানিৰ অন্তত যোৱা 2018 চনৰ 24 জুলাইত বিচাৰৰ অন্তিম শুনানিৰ অন্তত দুয়ো অভিযুক্তক দোষী সাব্যস্ত ঘোষণা কৰি ৰায় প্ৰদান কৰিছিল । শাস্তিৰ ৰায় হোজাই জিলাৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰিছিল ।

লগতে পঢ়ক :KLO Chief Jiban Singha in India: অশান্ত প্ৰহৰৰ অন্ত পেলাই শান্তিৰ অনুসন্ধান জীৱনৰ

উল্লেখ্য যে, যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই গাঁও ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰা (55) ৰ মৃতদেহ কপিলী নদীত উদ্ধাৰ হৈছিল ৷ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধিং গাঁৱৰ বিমল বৰাৰ শিক্ষয়িত্ৰী পত্নী অৰ্ণমাই বৰাই আনদিনাৰ দৰে 2017 চনৰ 31 মে’ত বিয়লি অনুমানিক তিনি বজাত বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত যমুনামুখ কামপুৰ পথৰ উৰিয়াম নামৰ এক নিৰ্জন ঠাইত দুৰ্বৃত্তৰ দলটোৱে অসৎ কাৰ্য চৰিতাৰ্থ কৰি শিক্ষয়িত্ৰীগৰাকীক হত্যা কৰিছিল ৷

তাৰ পিচতে প্ৰমাণ নাইকিয়া কৰাৰ বাবে শিক্ষয়িত্ৰীগৰাকীক কাষৰ কপিলী নৈত পেলাই দিয়ে৷ স্থানীয় ৰাইজে কপিলী নৈৰ বৰচুংঘাটত এটা মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী আৰু স্থানীয়ে ৰাইজে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে চিনাক্তও কৰে ৷ মৃতদেহৰ বিভিন্ন স্থানত আঘাতৰ দাগ স্পষ্ট হৈ থকাৰ লগতে দুৰ্বৃত্তই শিক্ষয়িত্ৰীগৰাকীৰ ডিঙিত চাদেৰৰে ফাঁচী লগাই অতি নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰিছিল ।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত ধৰ্ষণ আৰু হত্যাকাণ্ড বুলি প্ৰমাণ কৰিছিল । এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল আৰু মইনুল হক আৰু মইনুলৰ সংগী চেলিম উদ্দিনক গ্ৰেপ্তাৰ কৰিছিল ।

নিম্ম আদালতে মইনুল হকক ফাঁচীৰ হুকুম আৰোপ কৰিছিল । আকৌ চেলিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড দিছিল । এই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত জেলৰ পৰা আপীল কৰিছিল অপৰাধী চেলিম উদ্দিন আৰু মইনুল হকে । পিচত উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰি মইনুল হকৰ বিৰুদ্ধে থকা ফাঁচীৰ হুকুম ৰদ কৰিছিল ।

অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰৰ শুনানিত শিক্ষয়িত্ৰী অর্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকৰ শাস্তি লাঘৱ কৰি তিনিবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক :Attempt to Suicide case: দুই পুত্ৰক বুকুত সাৱটি নদীত জাঁপ দিলে মাতৃয়ে

ABOUT THE AUTHOR

...view details