KLO Chief Jiban Singha in India: অশান্ত প্ৰহৰৰ অন্ত পেলাই শান্তিৰ অনুসন্ধান জীৱনৰ

By

Published : Jan 17, 2023, 4:22 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

28 বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই অৱশেষত আলোচনাৰ মজিয়ালৈ ঘূৰি আহিল কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেচন চমুকৈ কে এল অ’ৰ নেতা জীৱন সিংহসহ সংগঠনটোৰ কেডাৰসকল (KLO Chief Jiban Singha in India) ৷ ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰে জীৱন সিংহ আৰু তেওঁৰ সৈতে অহা কেডাৰসকলে ৷ শান্তি আলোচনাত বহাৰ বাবেই সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূল সূঁতিলৈ ঘূৰি আহিছে তেওঁলোক (Jiban Singha comes to peace talk) ৷ 

যাত্ৰাকালত তেওঁলোকক আদৰণি জনাবলৈ ভাৰত-ম্যানমাৰ সীমান্তৰ কোনো এক স্থানত উপস্থিত হয়গৈ কে এল অ’ আৰু চৰকাৰৰ আলোচনাৰ মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱ ৷ ইতিমধ্যে এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত আপলোড কৰিছে এই কেডাৰসকলৰ মাজৰে জন কোঁচে ৷ য’ত তেওঁলোকক পাহাৰীয়া পথেৰে খোজকাঢ়ি আহি থকা দেখা গৈছে ৷ সেই ভিডিঅ’টোতে কান্ধত কান্ধ মিলাই খোজকাঢ়ি অহা দেখা গৈছে দিলীপ নাৰায়ণ দেৱ আৰু জীৱন সিংহক ৷ 

অৰণ্যৰ মাজত কে এল অ’ নেতা জন কোঁচে জীৱন সিংহৰ উপস্থিতিত কৈছে, “ সকলোকে সেৱা জনাইছোঁ ৷ আজি আমি কে এল অ’ৰ লগত ভাৰত চৰকাৰৰ যি শান্তি চুক্তি, তাত বহিবৰ বাবে গোটেইখিনি জংঘলৰ পৰা বাহিৰলৈ যাব ধৰিছোঁ ৷ তাৰ বাবে আমি সমূহ কোঁচ-কমতাপুৰবাসী ৰাইজৰ সহায়-সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলো ৷ আমাক নিবলৈ এয়া ছাৰ আহিছে... আন সকলো আছে ৷”

উল্লেখ্য যে, পৃথক কমতাপুৰ গঠনৰ দাবীৰে হাতত অস্ত্ৰ লৈ 1995 চনত কে এল অ’ নামৰ বিদ্ৰোহী সংগঠনটোৰ জন্ম দিয়া হৈছিল (Kamtapur Liberation organisation) ৷ ভিন্ন সময়ত তেওঁলোকে পৃথক কমতাপুৰ ৰাজ্যৰ দাবী কৰি আহিছে (Demand for separate Kamtapur)৷ অসম আৰু পশ্চিমবংগৰ কিছু অংশ লৈ এই কমতাপুৰৰ নক্সা তৈয়াৰ কৰিছে কে এল অ’ৱে ৷ 

এই সন্দৰ্ভত চৰকাৰৰ সৈতে 26 জানুৱাৰীৰ পূৰ্বে আলোচনা হোৱাৰ কথা ৷ সেয়েহে তাৰ পূৰ্বেই ম্যানমাৰ এৰি ভাৰতভূমিলৈ প্ৰত্যাৱৰ্তন ঘটিল জীৱন সিংহ আৰু তেওঁৰ বাকী সহযোগীসকলৰ ৷ উল্লেখনীয় যে, ইতিমধ্যে উত্তৰ বংগ, বিহাৰ আৰু অসমৰ কেইবাখনো জিলাক সামৰি পৃথক কমতাপুৰৰ ঠাইত কেন্দ্ৰীয় শাসিত ৰাজ্য ঘোষিত হ’ব বুলি ব্যাপকভাৱে চৰ্চা চলি আছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.