অসম

assam

কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা

By

Published : Aug 14, 2019, 6:16 PM IST

73 তম স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক'ত ত্ৰিৰংগা উৰুৱাব সেই বিষয়ে তালিকা প্ৰকাশ কৰিলে প্ৰশাসনে ৷

কোন মন্ত্ৰীয়ে কত তুলিব ত্ৰিৰংগা

গুৱাহাটী, ১৪ আগষ্ট: স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ ক্ষেত্ৰত বিশেষভাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ গৃহ বিভাগে । 73 তম স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক'ত ত্ৰিৰংগা উৰুৱাব সেই বিষয়ে তালিকা প্ৰকাশ কৰিলে প্ৰশাসনে ৷ য'ত প্ৰতিজন মন্ত্ৰীৰেই নামৰ বিপৰীতে পতাকা উত্তোলন কৰিবলগীয়া স্থানৰ নাম উল্লেখ থাকে । তদুপৰি নিৰাপত্তাজনিত কাৰণত প্ৰতিজন মন্ত্ৰীলৈ সুকীয়া সুকীয়াকৈ প্ৰেৰণ কৰা হৈছে নিজা নিজা স্থান সমূহৰ নাম ।

কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব স্বাধীনতা দিৱসৰ পতাকা
Intro:গুৱাহাটী, ১৪ আগষ্ট: এইবাৰ মন্ত্ৰীসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ ক্ষেত্ৰত বিশেষভাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ গৃহ বিভাগে। পূৰ্বতে কোন মন্ত্ৰীয়ে ক'ত ত্ৰিৰংগা উৰুৱাব সেই বিষয়ে সাধাৰণ প্ৰশাসন বিভাগে এখনেই তালিকা প্ৰকাশ কৰে, য'ত প্ৰতিজন মন্ত্ৰীৰেই নামৰ বিপৰীতে পতাকা উত্তোলন কৰিবলগীয়া স্থানৰ নাম উল্লেখ থাকে। কিন্তু এইবাৰ নিৰাপত্তাজনিত কাৰনতে প্ৰতিজন মন্ত্ৰীলৈ সুকীয়া সুকীয়াকৈ প্ৰেৰণ কৰা হৈছে কেৱল নিজা নিজা স্থানৰ নাম। Body:ই টিভি ভাৰতৰ হাতত আহি পৰা তথ্যানুসৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ খানাপাৰাৰ কেন্দ্ৰীয় অনুষ্ঠানত জাতীয় পতাকা উত্তোলন কৰাৰ উপৰিও অন্যান্য মন্ত্ৰীসকলে পতাকা উত্তোলন কৰিবলগীয়া তালিকাখন এনেধৰণৰ-Conclusion:মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই লখিমপুৰত, চন্দ্ৰমোহন পাটোৱাৰীয়ে ডিব্ৰুগড়ত, কেশৱ মহন্তই ধুবুৰীত, ফণীভুষন চৌধুৰীয়ে নলবাৰীত, অতুল বৰাই তিনিচুকীয়াত, চন্দন ব্ৰহ্মই শিৱসাগৰত, সিদ্ধাৰ্থ ভট্টাচাৰ্যই যোৰহাটত, পৰিমল শুক্লবৈদ্যই শিলচৰত, প্ৰমীলাৰাণী ব্ৰহ্মই বৰপেটাত, ৰিহন দৈমাৰীয়ে নগাৱত, চুম' ৰংহাঙে ধেমাজিত, ৰঞ্জিৎ দত্তই তেজপুৰত, ভৱেশ কলিতাই দৰঙত, নৱ দলেই মাজুলীত আৰু পীযুষ হাজৰিকাই গোৱালপাৰাত কাইলৈ স্বাধীনতা দিৱসৰ ত্ৰিৰংগা উত্তোলন কৰিব।

ABOUT THE AUTHOR

...view details