অসম

assam

পুনৰ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা ফাঁচীবজাৰক

By

Published : Jun 20, 2020, 8:54 PM IST

fancy bazar has declared as containment zone
fancy bazar has declared as containment zone

14 দিনৰ বাবে পুনৰ বন্ধ থাকিব ফাঁচীবজাৰ ৷ নতুনকৈ কোভিড-19 আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱাৰ পাচতেই প্ৰশাসনে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

গুৱাহাটী, 20 জুন : ফাঁচীবজাৰত পুনৰ চিনাক্ত হৈছে ক'ৰণা আক্রান্ত ৰোগী। তিনি জনকৈ ক'ৰণাত আক্ৰান্ত লোক চিনাক্ত হোৱাৰ লগে লগে পুনৰ ফাঁচীবজাৰক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হয় । জানিব পৰা মতে, গোৱেংকা ট্ৰেডাৰ্ছত কৰ্মৰত তিনিজন লোকৰ দেহত ক'ৰণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। ক'ৰণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে প্ৰশাসনৰ লোকে ফাঁচী বজাৰ সেই এলেকা বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিয়ে ।

পুনৰ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা ফাঁচীবজাৰক

ইয়াৰ পূৰ্বেও ফাঁচীবজাৰৰ আলু গুডামত কৰ্মৰত এজনৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছ ৷ আৰু সেই ব্যক্তিগৰাকীৰ পৰা আন কেইবাজনলৈও সংক্ৰমণ হৈছিল কোভিড-19 ৷ সেই সময়ত প্ৰশাসনে ফাঁচীবজাৰক 14 দিনৰ বাবে কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছিল ৷ উল্লেখ্য যে, দিনক দিনে গুৱাহাটী মহানগৰী তথা অসমত কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ কেৱল গুৱাহাটী মহানগৰীতেই প্ৰায় 50000 লোকৰ স্বাৱ পৰীক্ষাৰ কথা উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ এই পৰ্যন্ত অসমত মুঠ ক'ভিড-19 আক্ৰান্তৰ সংখ্যাই 5000 অতিক্ৰম কৰিছে ৷ অৱশ্যে 3202 গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে ক'ভিড-19ৰ পৰা ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে 1792 গৰাকী লোক ৷

লগতে পঢ়ক :হস্তী-মানৱ সংঘাত : গোলাঘাটত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ

ABOUT THE AUTHOR

...view details