ETV Bharat / state

হস্তী-মানৱ সংঘাত : গোলাঘাটত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ

author img

By

Published : Jun 20, 2020, 5:39 PM IST

আগে বৃহৎ হাতীৰ জাক পিছে পিছে হাতে হাতে লাঠী, শিল গুটি,কেটেপা লৈ এদল মানুহ । হাতীৰ জাকক আঁতৰাই পঠাবলৈ কৰিছে চেষ্টা হাতীয়েও উভিত চোঁচা লৈছে মানুহলৈ । কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য । যি কোনো মুহূৰ্তত ভয়াবহ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে সেই স্থানত ।

man elephant conflict
man elephant conflict

গোলাঘাট, 20 জুন : গোলাঘাটত ভয়াৱহ ৰূপ লৈছে হাতী-মানুহৰ সংঘাতে । দিন দুপৰতে পোৱালীসহ বন্যহস্তীৰ বৃহৎ জাকে প্ৰৱেশ কৰিছে জনাঞ্চলত । আতংকিত হৈ পৰিছে গাঁওবাসী । শনিবাৰে দেখা গ'ল চাঞ্চল্যকৰ দৃশ্য ৷ আগে বৃহৎ হাতীৰ জাক পিছে পিছে হাতে হাতে লাঠী, শিল গুটি,কেটেপা লৈ এদল মানুহ । হাতীৰ জাকক আঁতৰাই পঠাবলৈ কৰিছে চেষ্টা হাতীয়েও উভিত চোঁচা লৈছে মানুহলৈ । কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী দৃশ্য । গোলাঘাট শ্যামৰায়পুৰ অঞ্চলত দেখা গৈছে বন্যহস্তীৰ এই মুক্ত বিচৰণ ।

man-elephant-conflict
গোলাঘাটত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ

এটা বৃহৎ বন্যহস্তীৰ জাকে বৰ্তমানেও ত্ৰাস চলায় আছে অঞ্চলটোত । দিনে নিশাই গাঁও, মানুহৰ ঘৰ, চাহ বাগিচাত জাকে জাকে বন্যহস্তীয়ে বিচৰণ কৰিবলৈ ধৰিছে । উজাগৰে থাকি নিজৰ খেতি পথাৰ, ঘৰ-বাৰী ৰক্ষা কৰিব লগা হৈছে গাঁওবাসীয়ে । দীৰ্ঘ দিনৰ পৰা সেই স্থানত তাণ্ডৱ চলাই আহিছে বন্যহস্তীয়ে ৷ মূৰফুলনি, দৈগ্ৰোং আদি স্থানত প্ৰায়েই দেখা যায় জনাঞ্চলত বন্যহস্তীৰ বিচৰণ ৷ হাতী খেদিবলৈ ৰাইজে বহু সময়ত যাঠি-জোং, জুই আদি ব্যৱহাৰ কৰে যদিও তাৰ মাজতেই আতংকিত বন্যহস্তীয়ে বহুবাৰ মানুহলৈ উভতি চোঁচা লোৱা দেখা গৈছে ৷ এইদৰেই এতিয়া বন্যহস্তীৰ ত্ৰাসৰ মাজত দিন কটাবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে ৷

গোলাঘাটত হস্তী-মানৱ সংঘাত

আনহাতে ৰাইজৰ অভিযোগ অনুসৰি দীৰ্ঘ দিনৰ পৰা চলি থকা বন্যহস্তী এই মুক্ত বিচৰণ ৰোধ কৰাত ব্যৰ্থ হৈছে বনবিভাগ ৷ হাতী ওলালে বন বিভাগৰ লোক আহে যদিও জাকটো খেদি পঠিয়াবলৈ সক্ষম নহয় তেওঁলোক ৷ যাৰ ফলত বন বিভাগৰ ওপৰত আশাহত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ সহানপুৰত উদ্ধাৰ ৫ ৰ পৰা ৮ মিলিয়ন বছৰ পুৰণি হাতীৰ জীৱাশ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.