অসম

assam

আগন্তুক ৬-৭ মাহত সমাপ্ত হ’ব এক লাখ নিযুক্তিৰ প্ৰক্ৰিয়া: মুখ্যমন্ত্ৰী

By

Published : Oct 8, 2022, 8:41 PM IST

Updated : Oct 8, 2022, 9:30 PM IST

অহা ৬-৭ মাহৰ ভিতৰত এক লাখ নিযুক্তিৰ কাম শেষ হ’ব (One lac recruitment in Assam)৷ ইতিমধ্যে সমাপ্ত হৈছে ৩৮,৯৮৩ নিযুক্তি ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

আগন্তুক ৬-৭ মাহত সমাপ্ত হ’ল এক লাখ নিযুক্তিৰ প্ৰক্ৰিয়া: মুখ্যমন্ত্ৰী
আগন্তুক ৬-৭ মাহত সমাপ্ত হ’ল এক লাখ নিযুক্তিৰ প্ৰক্ৰিয়া: মুখ্যমন্ত্ৰী

গুৱাহাটী, ৮ অক্টোবৰ: শনিবাৰে গুৱাহাটীত উদ্ধোধন কৰা হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিজেপি কাৰ্যালয় (Assam BJP new office)৷ ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱনিৰ্মিত ৰাজ্যিক কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন' উদ্বোধন উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ(Khanapara Veterinary College) খেলপথাৰত অনুষ্ঠিত হোৱা কাৰ্যকৰ্তা সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

অহা ৬-৭ মাহৰ ভিতৰত এক লাখ নিযুক্তিৰ কাম শেষ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচনৰ সময়ত এক লাখ যুৱক যুৱতীক নিযুক্তি দিয়াৰ সংকল্প লোৱা হৈছিল (One lakh recruitment in Assam)। ইয়াৰে ইতিমধ্যে ৩৮,৯৮৩ গৰাকী যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে ।

অহা এবছৰৰ ভিতৰত নতুন অভিলাষী আঁচনি লৈ ৫ হাজাৰ কোটি টকা ব্যয় কৰি দুই লাখ যুৱক-যুৱতীক আত্মসংস্থাপনৰ পথ মুকলি কৰাৰ বাবে সংকল্প লোৱা বুলি মন্তব্য কৰে ড৹ শৰ্মাই । ইয়াৰোপৰি প্ৰতিটো বিধানসভা সমষ্টিত নতুনকৈ ৭ হাজাৰ পৰিয়ালক অৰুণোদয় আঁচনিৰ অন্তৰ্ভূক্ত কৰোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ইফালে কেইমাহমান পাছৰে পৰা অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলে ১,২৫০ টকাকৈ লাভ কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam Orunodoi Scheme)। তদুপৰি আগন্তুক ছমাহৰ ভিতৰত ৫০ হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ অধীনত বিনামূলীয়কৈ চাউল প্ৰদান কৰা হ’ব । আনহাতে অহা এক জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা সকলোকে ৫ লাখ টকাৰ বীমা আঁচনি প্ৰদান কৰা হ’ব (Insurance for Orunodoi beneficiary) ।‍ ইপিনে আগন্তুক এবছৰৰ ভিতৰত নাৰেংগী আৰু কুৰুৱাৰ দলঙৰ কাম হাতত লোৱা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।

লগতে পঢ়ক:নদী গৱেষণা প্ৰতিষ্ঠানৰ ভূমিত স্থাপন কৰা হ’ল বিজেপিৰ কাৰ্যালয় !

Last Updated : Oct 8, 2022, 9:30 PM IST

ABOUT THE AUTHOR

...view details