ETV Bharat / state

হাজাৰ হাজাৰ পক্ষীৰ কলৰৱত সূৰ্য উদয় হোৱা এখন গাঁও - Migratory birds

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 8:07 PM IST

Beauty of nature in Dibrugarh: ডিব্ৰুগড়ৰ এখন গাঁৱত এতিয়া উদুলি-মুদুলি পৰিৱেশ ৷ গাঁওখনলৈ প্ৰায় 6-7 মাহৰ বাবে আহিছে দেশী-বিদেশী আলহী ৷ জাক পাতি অহা আলহীবোৰে ঘৰ পাতিছে প্ৰতিজোপা গছত ৷ গাঁওবাসীয়েও আলহীবোৰক পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াবলৈ চেষ্টা কৰিছে ৷ আলহীক চাবলৈও বিভিন্ন অঞ্চলৰ পৰা আহিছে মানুহ ৷

Beauty of nature in Dibrugarh
হাজাৰ হাজাৰ পক্ষীৰ কলৰৱত সূৰ্য উদয় হোৱা এখন গাঁও (ETV Bharat Assam)

ডিব্ৰুগড়, 11 জুন: চৰাইৰ বাসস্থান কমি অহাৰ বাবে আজিৰ দিনত ক্ৰমাৎ হেৰাই গৈছে বগলী, কণামুচৰী, হাড়গিলা চৰাই । কিন্তু ইয়াৰ মাজতে জাক-জাক বগলী, কণামুচৰী, হাড়গিলা চৰাইৰ কলৰৱত মুখৰিত ডিব্ৰুগড়ৰ এখন গাঁও ৷

অজান পখীৰ মাতত সূৰ্য উদয় হয় গাঁওখনত । বিৰল নান্দনিক পৰিৱেশ দেখিবলৈ পাব এইখন ডিব্ৰুগড়ৰ খোৱাং সোণোৱাল বঙালী গাঁৱত । ডিব্ৰুগড়ৰ খোৱাং সোণোৱাল বঙালী গাঁৱৰ ৰাইজে দাঙি ধৰিছে পক্ষীপ্ৰেমৰ অনন্য নিদৰ্শন । গাঁওখনৰ বাঁহ, আম, জৰি গছৰ লগতে সৰু-বৰ সকলো গছতে আশ্ৰয় লৈছে জাক-জাক বগলী, কণামুচৰী, হাড়গিলা চৰাই আৰু বহু বিদেশী পৰিভ্ৰমী পক্ষীয়ে ।

খোৱাং সোণোৱাল বঙালী গাঁওখন এতিয়া হৈ পৰিছে প্ৰকৃতিপ্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ লুপ্তপ্ৰায় ভিন্ন প্ৰজাতিৰ পক্ষীৰ মাতে পুৱা-গধূলী মুখৰিত কৰিছে অঞ্চলটো ৷ বিগত প্ৰায় ৭/৮ বছৰ ধৰি গাঁ‌ওখনত ব'হাগ মাহৰ পৰা আহিন-কাতি মাহলৈকে পক্ষীবিলাকে আশ্ৰয় গ্ৰহণ কৰি আহিছে ।

এই পক্ষীবিলাকৰ ভিতৰত বগলী আৰু হাড়গিলা চৰাইৰ সংখ্যাই অধিক ৷ গাঁওবাসীয়ে এই পক্ষীসমূহক কোনো আমনি নকৰাত নিৰাপদে আশ্ৰয় লৈ বংশবৃদ্ধি কৰি আহিছে ৷ স্থানীয় ৰাইজে পক্ষীবিলাকক নিৰাপত্তা প্ৰদান কৰি পক্ষীপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰিছে । পক্ষীবিলাকৰ বিষ্ঠাই গাঁওখন দুৰ্গন্ধময় কৰি পেলাইছে যদিও গাঁওবাসীয়ে সেয়াও সহজভাৱে লৈ আহিছে ।

এইসমূহ চৰাই চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকৃতিপ্ৰেমীসকলেও প্ৰতিদিনে আহি ভিৰ কৰেহি এতিয়া গাঁও‌খনত । স্থানীয় বন বিভাগে কিন্তু আজিও এই দুষ্প্ৰাপ্য পক্ষীবিলাকৰ সংৰক্ষণক লৈ কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক: পৰিভ্ৰমী পক্ষীৰ বধ্য ভূমিত পৰিণত ৰাংছালী দলনী পথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.