অসম

assam

Separate Kamatapur State : নিৰ্বাচনৰ পূৰ্বে পৃথক কমতাপুৰ গঠনৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই !

By

Published : Dec 17, 2022, 10:23 AM IST

১৯ আৰু ২০ ডিচেম্বৰত কমতাপুৰ আৰু কোচবিহাৰ ৰাজ্য গঠনৰ দাবী কৰি অহা সংগঠনেৰে পুনৰ বৈঠকত বহিব কেন্দ্ৰীয় চৰকাৰ (Centre meeting about separate state)। নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমক বিভাজিত কৰি কমতাপুৰ ৰাজ্য গঠনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

Separate Kamatapur State
কমতাপুৰ গঠনৰ প্ৰস্তুতি

নিউজ ডেস্ক ,১৭ ডিচেম্বৰ : লোকসভা নিৰ্বাচন অহাৰ লগে লগে পুনৰ কমতাপুৰ ৰাজ্য আৰু কোচবিহাৰ ৰাজ্য গঠনৰ প্ৰসংগ আহিছে । পুনৰ অসমক বিভাজিত কৰি কমতাপুৰ ৰাজ্য গঠনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে (Centre plans to create separate Kamtapur state)। উত্তৰ বংগৰ লগতে গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী জিলাৰ এটা অংশ আৰু বিহাৰৰ দুখন জিলাক লৈ কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ ৰাজ্য গঠনৰো প্ৰস্তুতি চলাইছে ।

জানিব পৰা মতে ১৯ আৰু ২০ ডিচেম্বৰত কমতাপুৰ আৰু কোচবিহাৰ ৰাজ্য গঠনৰ দাবী কৰি অহা সংগঠনেৰে পুনৰ বৈঠকত বহিব কেন্দ্ৰীয় চৰকাৰ (Centre meeting about separate state)। লক্ষণীয়ভাৱে অসমক বিভাজিত কৰি নতুন কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন কৰিবলৈ লোৱা কাৰ্যক লৈ অসমত যে তীব্ৰ আন্দোলন হ'ব তাৰ সম্ভাৱনা দেখা গৈছে ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগক বিভাজন কৰি অসম আৰু বিহাৰৰ এটা অংশক লৈ কমতাপুৰ ৰাজ্য গঠনৰ বাবে তৎপৰ হৈ পৰিছে । যাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৃথক ৰাজ্যৰ দাবী তোলা কমতাপুৰ প্ৰগ্ৰেচিভ পাৰ্টিৰ সৈতে কেইবাবাৰো বৈঠকত বহিছে । কমতাপুৰ প্ৰগ্ৰেচিভ পাৰ্টিয়ে বিচাৰিছে অসমৰ অবিভক্ত গোৱালপাৰাক কমতাপুৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিব লাগে ।

কিন্তু এতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সন্মত হোৱা নাই । কিয়নো অবিভক্ত গোৱালপাৰাত বৰ্তমান আছে গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ,চিৰাং আৰু দক্ষিণ শালমাৰা মানকাচাৰ জিলা । সেয়ে গোৱালাপাৰা, ধুবুৰী আৰু কোকৰাঝাৰৰ কিছু অংশহে প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে ।

ইফালে পৃথক ৰাজ্যৰ প্ৰসংগ অহাৰ লগে লগে চৰ্চালৈ আহিছে নিজকে কোঁচ ৰজাৰ বংশধৰ বুলি দাবী কৰা মহাৰাজ অনন্ত ৰায় (Maharaj Ananta Rai) । শেহতীয়াকৈ মহাৰাজ অনন্ত ৰায়ে দাবী কৰিছিল যে পৃথক ৰাজ্য গঠনৰ বাবে ইতিমধ্যে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আশ্বাস প্ৰদান কৰিছে । তেতিয়াৰে পৰা ৰাজ্যত কমতাপুৰ ৰাজ্য গঠনৰ দাবী অধিক তীব্ৰতৰ হয় ।

ইফালে গোৱালপাৰা জিলাত কোনো কাৰণতে বিভক্ত কৰিবলৈ দিয়া নহ'ব বুলিও ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে । তেনে পৰিস্থিতিত কমতাপুৰ ৰাজ্য গঠনৰ চৰকাৰৰ পৰিকল্পনা কি হ'ব ? সূত্ৰৰ মতে পৃথক কমতাপুৰৰ দাবী কৰি অহা উগ্ৰপন্থী সংগঠন কে এল অ'কো কেন্দ্ৰীয় চৰকাৰে আলোচনালৈ আহিবলৈ আহ্বান জনাইছে । অৱশ্যে এতিয়ালৈ সংগঠনটো আলোচনাৰ মাজলৈ অহা নাই ।

এনে এক পৰিস্থিতিৰ মাজত কেন্দ্ৰীয় চৰকাৰে অহা ১৯ আৰু ২০ ডিচেম্বৰত দল-সংগঠনৰ সৈতে কি ধৰণৰ আলোচনা কৰিব ? কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ আৰু অসমক বিভাজন কৰি নতুন ৰাজ্য গঠনৰ বাবে আগবাঢ়িব নেকি ? যদি তেনে হয় অসমত পুনৰ এক অগ্নিগৰ্ভা পৰিস্থিতিৰ সূচনা হ'ব নেকি ? অৱশ্যে পৃথক ৰাজ্যৰ দাবী কৰা সংগঠনৰ সৈতে হোৱা আলোচনাৰ পাছত কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

লগতে পঢ়ক :National football competition: ২০ ডিচেম্বৰৰ পৰা ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details