National football competition: ২০ ডিচেম্বৰৰ পৰা ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা

By

Published : Dec 17, 2022, 9:44 AM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা আৰু মিলনজ্যোতি সংঘৰ সহযোগত ২০ ৰ পৰা ৩০ ডিচেম্বৰলৈকে আয়োজন কৰা হৈছে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী ষষ্ঠ বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক দিবা নৈশ প্ৰাইজমানি আৰু চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা(National football competition in Dibrugarh) । এই প্ৰতিযোগিতাখনি এইবাৰ ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হ'ব(National level day night football tournament) । প্ৰতিযোগিতাত দেশৰ মুঠ ১২ টা দলে অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাখনিত কলকাতা, মেঘালয়, মণিপুৰ আৰু শ্বিলঙৰ পাঁচটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে অংশগ্ৰহণ কৰাটো ইতিমধ্যে নিশ্চিত হৈছে । মুঠ ৮০ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিৰ বিজয়ী দলক নগদ ১ লাখ টকাসহ চলন্ত ট্ৰফী আৰু দ্বিতীয় বিজয়ী দলক নগদ ৫০ হাজাৰ টকাসহ ট্ৰফী প্ৰদান কৰা হ'ব । শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডেভিড চেতিয়া, মটক যুৱ-ছাত্র সন্মিলনৰ সভাপতি ৰঞ্জিত গোঁহাই, উপদেষ্টা মিণ্টু বৰপাত্ৰ আদি কৰি উদ্য়োক্তাসকলে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.