অসম

assam

বাঘজানত প্ৰাণ হেৰুওৱা দুয়োজন কৰ্মচাৰীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'বঃ মুখ্যমন্ত্রী

By

Published : Jun 10, 2020, 7:19 PM IST

বাঘজানৰ অইল ইণ্ডিয়া খাদত হোৱা অগ্নিকাণ্ডৰ ফলত অকালতে মৃত্যুক সাবটি ল'ব লগীয়া হ'ল দুই কৰ্মচাৰীয়ে।

bhagjan-oil-pump-two-employees-death
ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হব অইলৰ দুই কৰ্মচাৰীৰ

গুৱাহাটী, ১০ জুনঃ বাঘজানৰ অইল ইণ্ডিয়াৰ খাদত মঙলবাৰে হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে দুৰ্লভ গগৈ আৰু তীখেশ্বৰ গোহাঁই নামৰ অইল ইণ্ডিয়াৰ কৰ্মচাৰী দুজনে । ইপিনে দুয়োজন দুৰ্ভগীয়া কৰ্মচাৰীৰ মৃতদেহ বুধবাৰে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ সমীপৰ এটা জলাশয়ৰ পৰা উদ্ধাৰ কৰা হয় দুয়োৰে নিথৰ দেহ ।

বাঘজানত প্ৰাণ হেৰুওৱা দুয়োজন কৰ্মচাৰীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'বঃ মুখ্যমন্ত্রী

আনহাতে মৃতদেহ দুটা লাভ কৰাৰ পিছতে দুয়োৰে শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে । ইতিমধ্যে এই নিৰ্দেশ মুখ্য সচিবৰ কাৰ্যালয়ৰ ফালৰ পৰা তিনিচুকীয়া জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢকঃ বাঘজান কাণ্ডৰ উচ্চস্তৰীয় কমিটি গঠন

ABOUT THE AUTHOR

...view details