অসম

assam

Himanta Biswa Sarma on Mann ki baat: ত্ৰিৰংগা কেৱল বিজেপিৰ নহয়, ১৩০ কোটি ভাৰতীয়ৰ পতাকা

By

Published : Jul 31, 2022, 10:45 PM IST

Assam CM in Man ki Bat
ত্ৰিৰংগা কেৱল বিজেপিৰ নহয় ১৩০ কোটি ভাৰতীয়ৰ পতাকা : মুখ্যমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘‘মন কী বাত’’ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ (Assam CM on Mann Ki Baat)। ‘‘হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচী পালনৰ বাবে ১৩ ৰ পৰা ১৫ আগষ্টলৈ বাসগৃহ, কার্যালয়, ব্যৱসায় প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আহ্বান মুখ্যমন্ত্ৰীৰ । হেঙেৰাবাৰীৰ নিৰ্মিয়মান উদ্যানত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ একো একোজনকৈ মহান স্বাধনীতা সেনানীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব ।

গুৱাহাটী, ৩১ জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে দিছপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ ৰাজধানী মণ্ডলৰ ১৭১ নং বুথৰ দ্বাৰা পাঞ্জাবাৰীৰ জুৰিপাৰস্থিত জিয়াজুৰি ভৱনত আয়োজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘‘মন কী বাত’’ সম্প্ৰসাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে (Assam CM on Mann Ki Baat) ।

ত্ৰিৰংগা কেৱল বিজেপিৰ নহয় ১৩০ কোটি ভাৰতীয়ৰ পতাকা : মুখ্যমন্ত্ৰী

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, ৰাজনীতিৰ উৰ্দ্ধত থাকি ৰাষ্ট্ৰ নিৰ্মাণৰ মহান উদ্দেশ্য আগত লৈ প্ৰধানমন্ত্ৰী মোডীয়ে আজিৰ ‘‘মন কী বাত’’ত মৌ-মাখি পালনেৰে দেশৰ প্ৰগতিত অৰিহণা যোগোৱা কেইবাগৰাকী নিৰৱ নায়কৰ কথা উল্লেখ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘‘মন কী বাত’’ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ ‘‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’’ৰ মন্ত্ৰ সৰোগত কৰি হেঙেৰাবাৰীৰ নিৰ্মিয়মান উদ্যানখনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ একো একোজনকৈ মহান স্বাধনীতা সেনানীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব । মুখ্যমন্ত্ৰীয়ে প্ৰতিটো বুথত একোটাকৈ ৰেডিঅ’ প্ৰদান কৰিবলৈ দলৰ বিষয়ববীয়াক আহ্বান জনায় ।

দেশ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ অংশ হিচাপে ‘‘হৰ ঘৰ ত্ৰিৰংগা’’ কাৰ্যসূচী পালনৰ বাবে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো বাসগৃহ, কার্যালয়, ব্যৱসায় প্ৰতিষ্ঠানত জাতীয় পতাকা উত্তোলনৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় (Har Ghar Tiranga Campaign) । ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে সকলো সামাজিক মাধ্যমৰ প্ৰফাইল ফটোত আন ফটোৰ সলনি জাতীয় পতাকাৰ ফটো সংলগ্ন কৰিবলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক :Har Ghar Tiranga Campaign: ১৩-১৫ আগষ্টলৈ ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ

হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হিচাপে আত্মসহায়ক গোটৰ দ্বাৰা ৰাজ্যত ১৮ লাখ পতাকা নিৰ্মাণ কৰাৰ লগতে ইতিমধ্যে ৯ লাখ পতাকা বিক্ৰী হৈছে বুলি তেঁও কয় । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে অমৃত বৃক্ষ, অমৃত সৰোবৰৰ দৰে কাৰ্যসূচীহাতত লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ইয়ে ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব । কাইলৈৰ পৰা ‘‘মিছন ভূমিপুত্ৰ’’ৰ জৰিয়তে জাতিগত প্ৰমাণপত্ৰ প্ৰমাণৰ বাবে এটা লাইভপ’ৰ্টেলৰ শুভাৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে ৷

দেশ স্বাধীনতাৰ ৭৫ বছৰ

তেওঁ কয় যে, সঠিক নথিপত্ৰ আপলোড কৰাৰ পিছত জাতিগত প্ৰমাণ পত্ৰ ৩০ দিনৰ ভিতৰত দিব লাগিব । তেওঁ কয় যে, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলৰ জাতিগত প্ৰমাণ পত্ৰ উপায়ুক্তসকলৰ জৰিয়তে প্ৰদান কৰা হ’ব । অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথিত ৫ আগষ্টত ‘‘লোক কল্যাণ দিৱস‘‘ পালন কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই দিৱস উপলক্ষে দুৰ্নীতিৰ পৰা দূৰৈত থাকি ৰাইজক সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীক সম্বৰ্দ্ধনা আগবঢ়োৱা হ’ব আৰু তেওঁলোকৰ চাকৰি কাল এবছৰ বৃদ্ধি কৰা হ’ব ।

লগতে পঢ়ক :Chahabar day conference begins: মধ্য এছিয়াৰ সৈতে বাণিজ্যৰ সম্ভাৱনা উন্মুক্ত কৰিব ভাৰতে: সোণোৱাল

তদুপৰি ২ অক্টোবৰৰ পৰা অসম সচিবালয়ত কাগজ বিহীন কার্যালয় কৰাৰ লক্ষ্যৰে ইতিমধ্যে এ বি চি ডি হিচাপে সচিবালয়ৰ ফাইল ব্যৱস্থা বিভাজন কৰাৰ প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে । ইয়াৰ দ্বাৰা কম্পিউটাৰৰ জৰিয়তে ফাইল প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু জনসাধাৰণৰ কাম-কাজৰ ক্ষেত্ৰত সূচলতা অনা হ’ব বুলি তেওঁ কয় ।

ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ প্ৰাকৃতিক আৰু নান্দনিক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টো হেঙেৰাবাৰীস্থিত খাদী আৰু গ্ৰামোদ্যোগ কাৰ্যালয় ভৱনলৈ স্থানান্তৰ কৰা হ’ব । একেদৰে ভাৰতীয় ষ্টেট বেংকৰ কাৰ্যালয়টো ভঙাগড়লৈ স্থানান্তৰ কৰাৰ লগতে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টোও স্থানান্তৰ কৰা হ’ব ।

ত্ৰিৰংগা পতাকা কেৱল বিজেপিৰ নহয়, ১৩০ কোটি ভাৰতীয়ৰ পতাকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিজন ভাৰতীয়কে জাতীয় পতাকা উত্তোলনৰ বাবে আজিৰ অনুষ্ঠানত আহ্বান জনায় । ৰাজ্যৰ সকলো বুথ সমিতিক ‘‘মন কী বাত’’ অনুষ্ঠানত যোগদান কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

আজিৰ এই অনুষ্ঠানত দিছপুৰ বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰা, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজধানী মণ্ডলৰ সভাপতি মদন হাজৰিকা, ১৭১ নং বুথ সভাপতি ৰুবুল গোস্বামী প্ৰমুখ্যে বিষয়ববীয়া আৰু কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজ উপস্থিত আছিল ।

লগতে পঢ়ক :Repairing of Gandhi Mandap: কোটি টকা ব্যয়েৰে মেৰামতি কৰা হৈছে গান্ধী মণ্ডপ

ABOUT THE AUTHOR

...view details