ETV Bharat / state

উৎকট গৰমত চাটি-ফুটি ৰাইজৰ, উত্তাপৰ লগে লগে বাঢ়িছে ফলৰ ৰসৰো চাহিদা - HEAT WAVE GRIPS Assam

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 5:57 PM IST

Tezpur Weather: বৰ্ধিত তাপমাত্ৰাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে বিভিন্ন ধৰণেৰে সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰা দেখা গৈছে ৷ তেজপুৰতো গৰমে দহিছে ৰাইজক ৷

HEAT WAVE HIT ASSAM
গৰমে দহিছে ৰাইজক (ETV BHARAT ASSAM)

বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ (ETV BHARAT ASSAM)

তেজপুৰ, 15 মে' : প্ৰচণ্ড গৰমে দহিছে ৰাজ্য ৷ দিনক দিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে তেজপুৰতো গৰমে দহিছে ৰাইজক ৷ ইতিমধ্যে তেজপুৰত বুধবাৰে পাৰাস্তম্ভই 37৹ চুইছে ৷ বৰ্ধিত তাপমাত্ৰাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে বিভিন্ন ধৰণেৰে সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰা দেখা গৈছে ৷ লগতে উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ তথা দেহা শাঁত পেলাবলৈ ফলৰ ৰস সেৱন কৰিবলৈ পথৰ দাঁতিত ভিৰ কৰিছে বিভিন্নজনে ৷ পথৰ দাঁতিত উপলব্ধ হোৱা কুঁহিয়াৰ ৰসকে ধৰি বেল, মৌচুমী, নেমুৰ চৰবত খাই দেহা শাঁত পেলাইছে পথচাৰীয়ে ৷

উল্লেখযোগ্য যে পূৰ্বতে তেজপুৰত গৰমৰ প্ৰভাৱ ৰাজ্যৰ অন্য জিলাৰ তুলনাত কিছু পৰিমাণে কম আছিল ৷ বৰ্তমান তেজপুৰত বৃদ্ধি পোৱা প্ৰচণ্ড গৰমৰ বাবে সকলো দায়ী ৷ কাৰণ বৰ্তমান পথ নিৰ্মাণেই হওক বা আন কোনো উন্নয়নমূলক কাম, ৰাষ্ট্ৰীয় ঘাইপথৰ সমান্তৰালভাৱে চহৰৰ ভিন্ন ঠাইত গছ-গছনি কাটি তহিলং কৰা হৈছে ৷

শোণিতপুৰ জিলাৰ দাঁতিকাষৰীয়া অঞ্চলত যথেষ্ট পৰিমাণে গছ-গছনি আছিল, যাৰ বাবে চহৰখনত এক শীতল পৰিৱেশে বিৰাজ কৰিছিল ৷ ইফালে বৰষুণৰ পৰিমাণো পূৰ্বতকৈ যথেষ্ট পৰিমাণে কম হৈছে শোণিতপুৰ জিলাৰ লগতে তেজপুৰত ৷ জিলাখনৰ অন্য ঠাইৰ তুলনাত তেজপুৰত বৰষুণৰ পৰিমাণ নিচেই কম ৷

আনহাতে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা দিয়া তথ্য অনুসৰি 15 মে'ত পশ্চিমীয়া বতাহ দীঘলীয়াকৈ চলিব ৷ 16 মে’ত উত্তৰ-পূব অসম আৰু কাষৰীয়া অঞ্চলৰ ওপৰত ঘূৰ্ণীবতাহৰ প্ৰভাৱ গড় হিচাবে 1.5 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত সাগৰৰ জলপৃষ্ঠত কম চিহ্নিত হৈ পৰিছে ৷ অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলত মজলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা অধিক ৷

গৰমৰ প্ৰভাৱত অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ ওপৰত আৰ্দ্ৰ বতৰৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷ 17 মে’ত অৰুণাচল প্ৰদেশৰ ওপৰত বহু ঠাইত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা অতিশয় বেছি ৷ বিশেষকৈ অসম, মেঘালয় আৰু নাগালেণ্ডৰ বিচ্ছিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ গতিকে অহা কেইদিনমান অসমত গৰমৰ পৰিমাণ কিছু কমিব বুলি ধাৰণা কৰিব পাৰি ৷

লগতে পঢ়ক : সঠিক সময়ত এইবিধ পানীয় খালে আপোনাৰ স্বাস্থ্যই পাব এইসমূহ লাভ - Coconut Water

অজ্ঞান হ’লে কি কৰা অনুচিত ? হিট ষ্ট্ৰ’কৰ সময়ত শৰীৰত কি হয় মনত ৰাখক - HEAT STROKE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.