Har Ghar Tiranga Campaign: ১৩-১৫ আগষ্টলৈ ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ

author img

By

Published : Jul 31, 2022, 7:51 PM IST

Har Ghar Tiranga Campaign

জনতা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল । ৰাজ্যৰ আত্মসহায়ক গোটসমূহে ১০ লাখ পতাকা প্ৰস্তুত কৰি বিক্ৰী কৰিবলৈ সক্ষম হৈছে । ভাৰত চৰকাৰৰ টেক্সটাইল মন্ত্রালয়ৰ পৰা অসম চৰকাৰে ৫০ লাখ পতাকা ক্ৰয় কৰিব । সুলভ মূল্যৰ দোকানত ১৮ টকাত পাব ত্ৰিৰংগা । সজাগতা অভিযানৰ 'থিম চং' মুকলি। ক'ভিডত পিতৃ-মাতৃ হেৰুওৱা আঠটি শিশুৰ লগতে হত্যাকাণ্ডত পিতৃ-মাতৃক হেৰুওৱা দুটি শিশুৰ বাবে ৭.৬৭ ল‍াখ টকাৰ ফিক্সড ডিপজিত(CM's Sishu Seva Scheme) ।

গুৱাহাটী, ৩১ জুলাই: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ 'ঘৰে ঘৰে ত্ৰিৰংগা' কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে(Har Ghar Tiranga Campaign) । এই সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে । মুখ্যমন্ত্রীয়ে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যৰ প্ৰতিঘৰ লোকৰ চৌহদত পতাকা উত্তোলন নাইবা উৰুৱাই ৰাখিবৰ বাবে আহ্বান জনায় । সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, স্কুল-কলেজ, মন্দিৰ, মছজিদ, গীৰ্জা, অনাথ আশ্ৰম আদি সকলোতে পতাকা উত্তোলন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সকলোৰে প্ৰতি আহ্বান জনায় । যিকোনো মেটেৰিয়েলৰ পতাকা উত্তোলন কৰিব পৰা যাব বুলি তেওঁ সদৰি কৰে ।

Har Ghar Tiranga Campaign
ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্ৰীয়ে কয় যে, ইতিমধ্যে ৰাজ্যৰ আত্মসহায়ক গোটসমূহে ১০ লাখ পতাকা প্ৰস্তুত কৰি বিক্ৰী কৰিবলৈ সক্ষম হৈছে । আত্মসহায়ক গোটসমূহৰ যোগেদি ৩০ লাখ পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ উপৰি ভাৰত চৰকাৰৰ টেক্সটাইল মন্ত্রালয়ৰ পৰা অসম চৰকাৰে ৫০ লাখ পতাকা ক্ৰয় কৰিব । তেওঁ কয় যে, এই পতাকাসমূহ সুলভ মূল্যৰ দোকানৰ যোগেদি বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব আৰু প্ৰতিখন পতাকাৰ মূল্য হ'ব ১৮ টকা । ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা অভিযানৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ১১ আগষ্টৰ পৰা বিদ্যালয়সমূহত প্ৰভাত ফেৰী হ'ব । চাহ বাগিছাৰ মালিকে শ্ৰমিকক তথা মলৰ মালিকে কৰ্মচাৰী আৰু গ্ৰাহকক একোখনকৈ পতাকা উপহাৰ দিব লাগিব বুলি তেওঁ সদৰি কৰে ।

Har Ghar Tiranga Campaign
ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ

পৰস্পৰৰ মাজত পতাকাৰে শুভচ্ছা দিয়া তথা উপহাৰ দিয়াৰ ক্ষেত্রত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে, পতাকা ক্ৰয়ৰ বাবে এইবাৰ অৰুণোদয় আঁচনিত এহাজাৰ টকাৰ পৰিৱৰ্তে ১,০১৮ টকা দিয়া হ'ব । সামাজিক মাধ্যমত নিজৰ প্ৰফাইল ফটোত পতাকা লগোৱাৰ বাবেও তেওঁ আহ্বান জনায় । আনহাতে ভাৰত চৰকাৰে পতাকাৰ সৈতে চেলফি লৈ আপলোড কৰাৰ বাবে ৱেবচাইট মুকলি কৰাৰ কথাও তেওঁ সদৰি কৰে । অসম চৰকাৰে ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰে ব্যাপক সজাগতা অভিযানৰ বাবে আজি আনুষ্ঠানিকভাৱে 'থিম চং' মুকলি কৰে । সংবাদমেলতে মুখ্যমন্ত্রীয়ে থিম চংটো আনুষ্ঠানিকভাৱে মুকলি কৰে ।

Har Ghar Tiranga Campaign
ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ

সংবাদমেলত এ আই ইউ ডি এফৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে, তেওঁ এ আই ইউ ডি এফৰ আটাইকেইজন বিধায়কলৈ ত্ৰিৰংগা উত্তোলনৰ বাবে চিঠি লিখিছে । তেওঁ কয় যে এ আই ইউ ডি এফৰ প্ৰতিগৰাকী বিধায়কে নিজা ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বুলি তেওঁ আশাবাদী । কাৰণ এইটো কোনো দলৰ প্ৰতীক নহয় বুলি তেওঁ কয় । সংবাদমেলৰ আৰম্ভণিতে মুখ্যমন্ত্রীয়ে ক'ভিডত পিতৃ-মাতৃ হেৰুওৱা আঠটি শিশুৰ উপৰি হত্যাকাণ্ডত পিতৃ-মাতৃক হেৰুওৱা দুটি শিশুক ৭.৬৭ ল‍াখ টকাৰ টকাৰ ফিক্সড ডিপজিত আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।

মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনিৰ(CM's Sishu Seva Scheme) অধীনৰ যোগেদি প্ৰদান কৰা ফিক্সড ডিপজিটৰ দ্বাৰা শিশুসকলে মাহে ৩,৫০০ টকা লাভ কৰিব আৰু ২৪ বছৰ বয়সত মূলধন লাভ কৰিব । সংবাদমেলত মন্ত্রী বিমল বড়া, সাংসদ পবিত্র মাৰ্ঘেৰিটা আৰু মুখ্য সচিব জিষ্ণু বৰুৱা উপস্থিত আছিল ।

লগতে পঢ়ক : Sherman Ali on Jihadi Arrest: জেহাদীৰ নামত আটক কৰা নিৰ্দোষীৰ হিচাপ লাগে শ্বেৰমান আলিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.