ETV Bharat / state

উৎকট গৰমে দহিছে ৰাজ্যবাসীক; ৰাজ্যত অস্বাভাৱিক গ্ৰীষ্মপ্রবাহ - Weather Report of Assam

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 6:12 PM IST

Weather Report of Assam: ৰাজ্যত যথেষ্টড বৃদ্ধি পাইছে গ্ৰীষ্মপ্রবাহ, অসমত সর্বোচ্চ তাপমান ৩৭.৯ পৰ্যন্ত বৃদ্ধি, স্বাভাৱিক তাপমানতকৈ উষ্ণতা বাঢ়িছে কেইবা ডিগ্রী চেলছিয়াছ ৷

assam-gets-foretaste-of-summer-as-temperature-soars-to-37-dot-9-degrees-celsius
উৎকট গৰমে দহিছে ৰাজ্যবাসীক; ৰাজ্যত অস্বাভাৱিক গ্ৰীষ্মপ্রবাহ (FREEPIK)

গুৱাহাটী, ১৫ মে': ৰাজ্যত ইতিমধ্যে বৃদ্ধি পোৱা গ্ৰীষ্মপ্ৰবাহ যেন এইবাৰ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়ভাগ ৰাজ্যৰ বাবেই এক চিন্তাৰ বিষয় হৈ পৰিছে ৷ বিগত প্ৰায় এটা সপ্তাহ ধৰি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত গ্রীষ্মপ্রবাহ চলি আছে ৷ উল্লেখ্য যে, ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত একপ্ৰকাৰ স্থৱিৰ হৈ পৰিছে প্রাত্যহিক জনজীৱন ৷ মে' মাহত তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ৷ জুন, জুলাই মাহৰ নিচিনা বৃদ্ধি পাইছে গৰম ৷

Assam Gets Foretaste Of Summer As Temperature Soars To 37.9 Degrees Celsius
উৎকট গৰমে দহিছে ৰাজ্যবাসীক; ৰাজ্যত অস্বাভাৱিক গ্ৰীষ্মপ্রবাহ (ETV BHARAT ASSAM)

বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য মতে বৰ্তমান থাকিবলগীয়া স্বাভাৱিক তাপমানতকৈ উষ্ণতা বাঢ়িছে কেইবা ডিগ্ৰী চেলছিয়াছ ৷ পৰিস্থিতি এই পর্যায় পাইছেগৈ যে কালি সন্ধিয়া ৬-৩০ বজাতো তাপমান গুৱাহাটীত ৩২৹ চেলছিয়াছ, শিলচৰত ৩৫৹ চেঃ, গোৱালপাৰাত ৩৩.৩৹ চেঃ, গোলাঘাটত ৩৪.২৹ চেঃ, যোৰহাটত ৩৩.৪৹ চেঃ ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কালি লামডিঙত সর্বোচ্চ তাপমানে ৩৯.৬৹ চেলছিয়াছৰ ঘৰ চুইছে ৷

Assam Gets Foretaste Of Summer As Temperature Soars To 37.9 Degrees Celsius
উৎকট গৰমে দহিছে ৰাজ্যবাসীক; ৰাজ্যত অস্বাভাৱিক গ্ৰীষ্মপ্রবাহ (ETV BHARAT ASSAM)

বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য মতে ৰাজ্যৰ অন্য কেইখনমান চহৰৰ বুধবাৰৰ সর্বোচ্চ তাপমান এনে ধৰণৰ কোকৰাঝাৰ ৩৭.৯ চেঃ (স্বাভাৱিকতকৈ ৭.১৹ চেঃ বেছি) , কৰিমগঞ্জ ৩৭.৪ চে: (স্বাভাৱিকতকৈ ৫.১৹ চেঃ বেছি) ডিব্ৰুগড় ৩৫.৪৹ চেঃ (স্বাভাৱিকতকৈ ৬.১৹ চেঃ বেছি), গোৱালপাৰা ৩৬.৪৹ চেঃ, গোলাঘাট ৩৬৹ চেঃ, গুৱাহাটী ৩৭.২৹ চেঃ (স্বাভৱিকতকৈ ৫.১৹ চেঃ বেছি), যোৰহাট ৩৪.৭৹ চেঃ (স্বাভাৱিকতকৈ ৪.৫৹ চেঃ বেছি), মাজবাটত ৩৮.২৹ চেঃ (স্বাভাৱিকতকৈ ৭.৫৹ চেঃ বেছি), নলবাৰী ৩৮.৬৹ চেঃ, উত্তৰ লখিমপুৰ ৩৫.৪” চেঃ (স্বাভাৱিকতকৈ ৫” চেঃ বেছি), শিলচৰ ৩৬.৮৹ চেঃ (স্বাভাৱিকতকৈ ৪.৮৹ চেঃ বেছি), তেজপুৰ ৩৬.৮৹ চেঃ (স্বাভাৱিকতকৈ ৬.২৹ চেঃ বেছি) ৷

Assam Gets Foretaste Of Summer As Temperature Soars To 37.9 Degrees Celsius
উৎকট গৰমে দহিছে ৰাজ্যবাসীক; ৰাজ্যত অস্বাভাৱিক গ্ৰীষ্মপ্রবাহ (ETV BHARAT ASSAM)

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই অহা ৫ দিনত ক'ৰবাত ক'ৰবাতহে বৰষুণৰ আগজাননী দিছে ৷ কেন্দ্ৰটোৰ তথ্য মতে, যোৱা ১ মাৰ্চৰপৰা ৮ মে'লৈ অসমত ৩৫ শতাংশ কম বৰষুণ হৈছে ৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত অসমৰ ধুবুৰীৰ বাহিৰে আন কোনো এখন জিলাতেই বৰষুণ দিয়া নাই

লক্ষণীয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা চহৰত তাপমাত্ৰাই অভিলেখৰ সৃষ্টি কৰিছে ৷ কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: অহা ১০ দিনত দিল্লীয়ে ৪০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ সম্ভাৱনা নাই - Heatwave Prediction In India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.