Repairing of Gandhi Mandap: কোটি টকা ব্যয়েৰে মেৰামতি কৰা হৈছে গান্ধী মণ্ডপ

author img

By

Published : Jul 31, 2022, 7:43 PM IST

Refurbishment of Gandhi Mandap by Assam govt

অক্টোবৰৰ পৰা ন-ৰূপত পৰিস্ফূট হ’ব মহানগৰীৰ গান্ধী মণ্ডপ ৷ গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত মেৰামতিৰ কাম কৰি থকা হৈছে গান্ধী মণ্ডপৰ (Refurbishment of Gandhi Mandap by Assam govt) । বৰ্তমান কোটি টকা ব্যয় সাপেক্ষে মেৰামতিৰ কাম আৰম্ভ হৈছে গান্ধী মণ্ডপৰ ।

গুৱাহাটী, ৩১ জুলাই : ন-ৰূপত জিলিকি উঠিব গান্ধী মণ্ডপ । পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত মেৰামতিৰ কাম চলি আছে গান্ধী মণ্ডপৰ (Refurbishment of Gandhi Mandap by Assam govt) । শৰণীয়া পাহাৰত অৱস্থিত গান্ধী মণ্ডপ আঢ়ৈৰ পৰা তিনি কোটি টকা ব্যয় সাপেক্ষে মেৰামতিৰ কাম আৰম্ভ হৈছে ।

কোটি টকা ব্যয় সাপেক্ষে মেৰামতিৰ কৰা হৈছে গান্ধী মণ্ডপ

Art-e-mide Construction Pvt Ltd নামৰ প্ৰতিষ্ঠানটোৱে ইতিমধ্যে আৰম্ভ কৰিছে গান্ধী মণ্ডপ মেৰামতিৰ কাম । গান্ধী মণ্ডপৰ ভিতৰৰ মিউজিয়ামটো মেৰামতি কৰাৰ লগতে লিফটৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি বিশেষভাৱে সক্ষম লোকৰ বাবে মিউজিয়ামত প্ৰৱেশ কৰাৰ বাবে বিশেষ সুবিধা থাকিব । মিউজিয়ামটো শীত তাপ নিয়ন্ত্ৰিত হ’ব ।

সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে উক্ত প্ৰতিষ্ঠানটোৰ এগৰাকী কৰ্মচাৰীয়ে ৷

আনহাতে, গান্ধী মণ্ডপৰ বাহিৰে ভিতৰে স্পীকাৰ থাকিব । গান্ধীমণ্ডপৰ গৃহটো বিভিন্ন ধৰণৰ ৰং বিৰঙী লাইটেৰে সজোৱা হ’ব । লাইটবোৰে সময়ে সময়ে বিভিন্ন আৰ্হিত জ্বলিব । তদুপৰি গান্ধীমণ্ডপৰ গৃহটোত প্ৰজেক্টৰেৰে প্ৰজেকচন কৰা হ’ব । য’ত গান্ধী মণ্ডপৰ ইতিহাস, গান্ধীৰ বিষয়ে প্ৰদৰ্শন কৰা হ’ব বুলি উল্লেখ কৰে কৰ্মচাৰীগৰাকীয়ে ।

উল্লেখ্য যে গান্ধী মণ্ডপৰ মেৰামতিৰ কাম চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু এই কাম ছেপ্তেম্বৰত সম্পূৰ্ণ কৰা হ’ব । এপ্ৰিলৰ পৰা প্ৰায় ১১৫ লোকে কাম কৰি আছে । ২ অক্টোবৰত গান্ধীমণ্ডপৰ উদ্বোধন কৰাৰ লগতে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব ।

ইফালে কাম কৰিবলৈ যাতে কৰ্মচাৰীসকলৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গান্ধী মণ্ডপৰ মেৰামতিৰ কাম আৰম্ভ হোৱাৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হৈছে । জানিব পৰা মতে, ২০১৯ চনতো স্মাৰ্ট চিটি গুৱাহাটীৰ অধীনত ৩ কোটি টকা ব্যয় কৰি গান্ধী মণ্ডপ মেৰামতিৰ কাম কৰা হৈছিল ।

লগতে পঢ়ক : Sherman Ali on Jihadi Arrest: জেহাদীৰ নামত আটক কৰা নিৰ্দোষীৰ হিচাপ লাগে শ্বেৰমান আলিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.