ETV Bharat / state

কটনৰ এক ইঞ্চি ভূমিও বণিয়াক দিবলৈ ৰাজি নহয় ছাত্ৰ একতা সভা - COTTON UNIVERSITY

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 5:22 PM IST

REVENUE COLLECTION: ৰাজহ সংগ্ৰহৰ বাবে ভাৰাত দিয়া হ’ব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে গৰজি উঠিছে সচেতন মহল । কটন কৰ্তৃপক্ষৰ মতে ইয়াৰ অপব্যাখ্যা কৰা হৈছে । ইফালে কটনৰ এক ইঞ্চি মাটিও বণিয়াক নিদিয়াৰ হুংকাৰ ছাত্ৰ একতা সভাৰ ।

Reaction on renting out issue of Cotton University campus to generate revenue
কটন বিশ্ববিদ্যালয় চৌহদ ভাড়া দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

কটন বিশ্ববিদ্যালয় চৌহদ ভাড়া দিয়া প্ৰসংগত প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, ১৫ মে': ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ভূমি লিজত দিয়াৰ সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ পিছতে মুখ খুলিছে কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই । বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ অৰিন্দম গাৰ্গে কয় যে জাননীখনক লৈ কিছু অপব্যাখ্যা হৈছে ।

তেওঁ কয়, ‘‘শিক্ষাৰ্থীৰ সুবিধাৰ বাবে বিশ্ববিদ্যালয়ত প্ৰয়োজন কেণ্টিন, ফটোষ্টেট দোকান এনে প্ৰয়োজন পূৰণ কৰিবলৈ কটন বিশ্ববিদ্যালয়ত গঠন কৰা হৈছে ষ্টেণ্ডিং কমিটী । এই ষ্টেণ্ডিং কমিটীয়ে নিৰ্ধাৰণ কৰিব ক'ত এনে প্ৰতিষ্ঠান স্থাপন কৰিব পাৰি । তাৰ বাহিৰে কটনৰ ভূমিক লৈ কোনো কথা বতৰা হোৱা নাই । চৰকাৰী ভূমিৰ ওপৰত কৰ্তৃপক্ষই কেতিয়াও হাত দিব নোৱাৰে আৰু গঠন কৰা ষ্টেণ্ডিং কমিটীৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হ'ব নোৱাৰে । এই সিদ্ধান্তৰ পিছত পৰ্যালোচনা কৰা হ'ব । জাননীখনক লৈ কিছু অপব্যাখ্যা হৈছে ।’’

"টকা-পইচাৰ কোনো অভাৱ ঘটা নাই সময়মতে আমি টকা লাভ কৰি আছো । কটনৰ সকলো কাম-কাজ কমিটিৰ জৰিয়তে হয় । দীঘলীয়া সময়ৰ বাবে লিজত দিলে মাটি বিক্ৰী কেতিয়াও নহয়" বুলি মন্তব্য কৰে পঞ্জীয়কগৰাকীয়ে ।

আনহাতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে কয়, ‘‘এয়া অগণতান্ত্ৰিক জাননী । কটন বিশ্ব বিদ্যালয়ৰ সৈতে অসমৰ জনসাধাৰণৰ আবেগ জড়িত হৈ আছে । কটনৰ ভূমি কোনো বিষয়াৰ পৈতৃক সম্পত্তি নহয় । শিক্ষাৰ মানদণ্ড উন্নত কৰক ছাত্ৰ-ছাত্ৰীক নিম্নতম সা-সুবিধা দিয়ক ।’’

কটনৰ এক ইঞ্চি মাটিও বহিৰাগত বণিয়াক দিয়া নহ'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ একতা সভাৰ সভাপতিগৰাকীয়ে । এই বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ছাত্ৰ একতা সভাই । কটন বিশ্ববিদ্যালয়ত এখন সংবাদমেল সম্বোধনৰ কৰি কিয় এনে স্বেচ্ছাচাৰী সিদ্ধান্ত গ্ৰহণ কৰা হ'ল তাৰ উত্তৰ বিচাৰি প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ একতা সভাৰ সভাপতিগৰাকীয়ে ।

ছাত্ৰ একতা সভা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক অন্ধকাৰত ৰাখি ষ্টেণ্ডিং কমিটী গঠন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে সংবাদমেলত । ছাত্ৰ-ছাত্ৰীক অন্ধকাৰত ৰাখি গ্ৰহণ কৰা এই সিদ্ধান্ত কোনো কাৰণতে মানি নলও বুলি উল্লেখ কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনাই ছাত্ৰ একতা সভাৰ বিষয়ববীয়াই । এনে সিদ্ধান্তৰ বিপৰীতে কটন বিশ্ববিদ্যালয়ৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰে ছাত্ৰ একতা সভাই ।

উল্লেখ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে কৰ্তৃপক্ষক নিৰ্দেশ দিছে ৷

লগতে পঢ়ক: পুঁজিৰ অভাৱ: ভাৰাত দিয়া হ'ব ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ চৌহদ - COTTON UNIVERSITY

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ চৰম সিদ্ধান্ত - Student Commits Suicide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.