অসম

assam

Assam Cabinet at Bongaigaon: মন্ত্ৰীবৰ্গলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশনা

By

Published : Nov 22, 2021, 4:07 PM IST

Chief Minister's Cabinet meeting to be held in Bongaigaon on Wednesday
মন্ত্ৰীবৰ্গলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশনা

বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক ৷ মন্ত্ৰীবৰ্গলৈ বিশেষ নিৰ্দেশনা আগবঢ়াব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেবিনেট মন্ত্ৰীয়ে কেতবোৰ নিৰ্দিষ্ট অঞ্চলত বাহৰ পাতি সেই অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ, সমস্যা আদিৰ বুজ ল'ব লাগিব ৷ কোন মন্ত্ৰীয়ে ক'ত বাহৰ পাতিব চাওক ৷

গুৱাহাটী, ২২ নৱেম্বৰ : ধেমাজিৰ পিছত দ্বিতীয়বাৰলৈ গুৱাহাটীৰ বাহিৰত বঙাইগাঁৱত(Bongaigaon) বুধবাৰে অনুষ্ঠিত হ'ব ড৹ হিমন্তবিশ্ব শৰ্মা (Himanta Biswa Sarma)চৰকাৰৰ কেবিনেট বৈঠক(Cabinet Meeting) । ইতিমধ্যে এই কেবিনেটক কেন্দ্ৰ কৰি মন্ত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে জাৰি কৰিছে এলানি বিশেষ নিৰ্দেশনা । সেই নিৰ্দেশনা অনুসৰি কেবিনেটত ভাগ ল'বলৈ যোৱা আৰু ঘূৰি অহাৰ পথত প্ৰতিজন কেবিনেট মন্ত্ৰী(Cabinet Minister)য়ে কেতবোৰ নিৰ্দিষ্ট অঞ্চলত বাহৰ পাতি সেই অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগ, সমস্যা আদিৰ বুজ ল'ব লাগিব । প্ৰতিজন মন্ত্ৰীয়ে কোন কোন অঞ্চলত বাহৰ পাতিব লাগিব সেয়াও নিৰ্দিষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে ।

মন্ত্ৰীবৰ্গলৈ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰ্দেশনা

সেই মৰ্মে বঙাইগাঁৱলৈ কেবিনেটত ভাগ ল'বলৈ যোৱাৰ পথত কোন মন্ত্ৰীয়ে ক'ত বাহৰ পাতিব চাওক...

চন্দ্ৰমোহন পাটোৱাৰীয়ে (Chandra Mohan Patowary in Barpeta)বৰপেটাত

কেশৱ মহন্তই গোৱালপাৰাত (Keshab Mahanta in Goalpara)

পৰিমল শুক্লবৈদ্যই চিৰাঙত(Parimal Suklabaidya in Sirang)

অতুল বৰাই ৰঙিয়াত (Atul Bora in Rangia)

উৰ্খাওগৌৰা ব্ৰহ্মই বজালীত(Urkhao Gwra Brahma in Bajali)

ৰঞ্জিৎ দাসে বাক্সাত(Ranjit Das in Baksa)

বিমল বৰাই তামুলপুৰত(Bimal Bora in Tamulpur)

অজন্তা নেঁওগে কামৰূপত(Ajanta Neog in Kamrup)

যোগেন মহনে বিজ্নীত (Jogen Mohan in Bijni)

ডাঃ ৰনোজ পেগুৱে শালবাৰীত(Ranoj Pegu in Salbari)

পীযুষ হাজৰিকাই দক্ষিণ কামৰূপত(Pijush Hazarika in south kamrup)

আৰু সঞ্জয় কিষাণে বিলাসীপাৰাত(Sanjoy Kishan in Bilasipara)বাহৰ পাতি কেবিনেটলৈ যোৱাৰ পথত বিভিন্ন সমস্যাৰ বুজ ল'ব লাগিব ।

ঠিক একেদৰে বুধবাৰে কেবিনেট শেষ কৰি বঙাইগাঁৱৰ পৰা উভতি অহাৰ পথতো মন্ত্ৰীসকলে বিভিন্ন ঠাইত বাহৰ পাতি সমস্যাৰ বুজ ল'ব লাগিব । ইয়াৰ বাবেও মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ বাবে নিৰ্দিষ্ট কৰি দিছে অঞ্চলসমূহ ।

সেই অনুসৰি ওভটনি যাত্ৰাত চন্দ্ৰমোহন পাটোৱাৰীয়ে চিৰাঙত, পৰিমল শুক্লবৈদ্যই ৰঙিয়াত, কেশৱ মহন্তই বজালীত, অতুল বৰাই উত্তৰ শালমাৰাত, উৰ্খাওগৌৰা ব্ৰহ্মই বিজনীত, ৰঞ্জিৎ দাসে গোৱালপাৰাত, ডাঃ ৰনোজ পেগুৱে বৰপেটাত, অজন্তা নেওগে নলবাৰীত, সঞ্জয় কিষাণে তামুলপুৰত, যোগেন মহনে শালবাৰীত, বিমল বৰাই বিলাসীপাৰাত আৰু পীযুষ হাজৰিকাই বাক্সাত বাহৰ পাতি সমস্যাৰ বুজ ল'ব লাগিব ।

লগতে পঢ়ক :Akhil met CM : কইনাধৰাত এঘন্টা কি কথা পাতিলে অখিল গগৈ-হিমন্ত বিশ্ব শৰ্মাই ?

ABOUT THE AUTHOR

...view details