অসম

assam

APCC Press Meet: চৰকাৰৰ পৰিকল্পনাবিহীন কামৰ বাবে দুৰ্ভোগ ভুগিছে গুৱাহাটীবাসীয়ে; প্ৰদেশ কংগ্ৰেছ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 6:19 PM IST

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা । গুৱাহাটী মহানগৰীক পৰিকল্পনাবিহীন নগৰীলৈ পৰিণত কৰা হৈছে। বিজেপি চৰকাৰে গুৱাহাটী মহানগৰীক ধ্বংস কৰিবলৈ বিচাৰিছে। ৰাজহুৱা কৰক স্মাৰ্ট চিটিৰ নামত কিমান পুঁজি আহিল আৰু কি কি প্ৰকল্প লোৱা হ'ল।

APCC Press Meet
APCC Press Meet

সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা

গুৱাহাটী, ১ অক্টোবৰ: এজাক বৰষুণত বুৰ যোৱা গুৱাহাটী মহানগৰীৰ শনিবাৰৰ ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত দেওবাৰে প্ৰদেশ কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰে ৷ চৰকাৰৰ পৰিকল্পনাবিহীন কাম-কাজক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ নেতাকেইগৰাকীয়ে ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই কয় যে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি বুলি ঘোষণা কৰা হৈছে। কিন্তু শনিবাৰে এই স্মাৰ্ট চিটিৰ ৮০ শতাংশৰো অধিক অঞ্চল জলমগ্ন হৈ পৰিল। গুৱাহাটী মহানগৰীক পৰিকল্পনাবিহীন নগৰীলৈ পৰিণত কৰা হৈছে। স্মাৰ্ট চিটিৰ নামত কেন্দ্ৰৰ পৰা অহা পুঁজিৰ তথা কামৰ কোনো হিচাপ ৰাজহুৱা কৰা হোৱা নাই।

উন্নয়নৰ নামত উৰণসেঁতু নিৰ্মাণ কৰা হৈছে যদিও কোনো ধৰণৰ কাৰিকৰী দিশৰ ওপৰত গুৰুত্ব দিয়া নাই। যাৰ ফলত মালিগাঁৱৰ নৱনিৰ্মিত উৰণসেঁতুৰ তলত শনিবাৰে কৃত্রিম বানপানীৰ সৃষ্টি হয় বুলি তেওঁ অভিযোগ কৰে শৰ্মাই ।

সেইদৰে ফুট অভাৰ ব্ৰিজৰ বাবে যান-জঁটৰ সৃষ্টি হৈছে। উন্নয়নৰ নামত ৰাজহুৱা ধনৰ অপচয় কৰা হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে নলা-নৰ্দমা চাফা নকৰাৰ বাবে গুৱাহাটীৰ বহু ঠাই মাহৰ পাছত মাহ ধৰি পানীৰ তলত আছে । তেওঁ লগতে কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ কামবোৰ কৰা বাবে বৰ্তমান গুৱাহাটী মহানগৰী নৰককুণ্ডত পৰিণত হৈছে । বসবাসৰ অনুপযোগী হৈ পৰিছে গুৱাহাটী ।

চৰকাৰখনৰ গাফিলতিৰ বাবেই আজি গুৱাহাটীবাসীয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । তেওঁ লগতে কয় যে বিজেপি চৰকাৰে গুৱাহাটী মহানগৰী ধ্বংস কৰিবলৈ বিচাৰিছে । চৰকাৰক স্মাৰ্ট চিটিৰ নামত কিমান পুঁজি আহিল আৰু কি কি প্ৰকল্প লৈছে সেয়া ৰাজহুৱা কৰাৰ বাবে দাবী জনায় দ্বিজেন শৰ্মাই । এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কুশল শৰ্মাকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল।

লগতে পঢ়ক:Ban packaged drinking water bottles: 2 অক্টোবৰৰ পৰা ৰাজ্যত নিষিদ্ধ হ’ব ২৫০ এম এলৰ পানীৰ বটল

ABOUT THE AUTHOR

...view details