অসম

assam

Amit Shah in Assam : বিজেপি চৰকাৰৰ দিনত বহুত আগবাঢ়িছে অসম: অমিত শ্বাহৰ দাবী

By

Published : May 25, 2023, 9:43 PM IST

Amit Shah in Assam

আজি অৰ্থাৎ বৃহস্পতিবাৰে খানাপাৰা খেলপথাৰত আয়োজন কৰা হয় নিযুক্তি-পত্ৰ বিতৰণৰ বিশাল সমাৰোহ (Assam govt mega recruitment ceremony) ৷ এই সমাৰোহত অসমক মন্ত্ৰী বিষয়াসকলৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানতে ভাষণ প্ৰসংগত জনসাধাৰণক উদ্দেশ্যি আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

খেলপথাৰত আয়োজন কৰা হয় নিযুক্তি-পত্ৰ বিতৰণৰ বিশাল সমাৰোহ

গুৱাহাটী, 25 মে’ :বৃহস্পতিবাৰে খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয় বষপূৰ্তি উপলক্ষে ব্যাপকভাৱে আয়োজন কৰা নিযুক্তি-পত্ৰ বিতৰণ সমাৰোহ (Assam govt mega recruitment ceremony) ৷ এই সমাৰোহতে বিজেপিয়ে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজোৱা দেখা গ’ল । লক্ষাধিক লোক সমাগম হোৱা নিযুক্তি-পত্ৰ বিতৰণ সমাৰোহত অংশ লৈ গৃহমন্ত্ৰী অমিত শ্বাহে 2024 চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গ’ল ।

ভাষণ প্ৰসংগত অমিত শ্বাহে কংগ্ৰেছ দলক কটু সমালোচনা কৰি বিজেপি চৰকাৰৰ সুশাসনৰ গুণানুকীৰ্তন কৰে (Amit Shah criticized congress in Assam) । শ্বাহে কয়, ‘‘এইবাৰ 300 খনতকৈ বেছি আসন লাভ কৰি মোডী চৰকাৰ পুনৰ দেশৰ শাসন তৃতীযয়বাৰৰ বাবে দখল কৰিব । তাৰ বিপৰীতে কংগ্ৰেছ দলে আগতকৈ কম আসন পাব’’ । অমিত শ্বাহে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, কংগ্ৰেছ শাসনত থাকোতে দেশ তথা অসমত একোৱে উন্নয়ন হোৱা নাছিল । কাৰণ কংগ্ৰেছ দলে সদায় নেতিবাচক চিন্তা কৰে ।

তেওঁ আৰু কয়, ‘‘দেশৰ নৱ নিৰ্মিত সাংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব বিচৰা সিদ্ধান্তক কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী দলবোৰে মানি লোৱা নাই । তেওঁলোকে দেশৰ নৱ নিৰ্মিত সাংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিবলীয়া অনুষ্ঠানক বহিস্কাৰ কৰিছে । তেওঁলোকৰ যুক্তি নৱ নিৰ্মিত সাংসদ ভৱন ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰিব লাগে । কিন্তু কংগ্ৰেছৰ চৰকাৰ থাকোতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে অসমত ঝাৰখণ্ড, অসম, চত্তিশগড় আদি ৰাজ্যত বিধানসভাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন কৰাৰ উদাহৰণ আছে’’ ।

লগতে পঢ়ক :Mega appointment letter distribution : চৰকাৰী চাকৰী লাভ কৰি সুখী ৰাজ্যৰ বহু যুৱক-যুৱতী

তেওঁ আৰু কয়, ‘‘এতিয়া কংগ্ৰেছে দেশৰ নৱ নিৰ্মিত সাংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিবলীয়া অনুষ্ঠানক বহিস্কাৰ কৰিছে । কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সংসদত কথা ক’ব নিদিয়ে । সকলো কথাতে বিৰোধিতা । এয়া জনসাধাৰণে নিৰ্বাচন কৰা বিজেপি চৰকাৰৰ প্ৰতি কৰা কংগ্ৰেছৰ অৱজ্ঞা, দেশৰ জনসাধাৰণৰ প্ৰতি অৱজ্ঞা কৰা’’ ।

ভাষণ প্ৰসংগত অমিত শ্বাহে কয়, ‘‘বিজেপি চৰকাৰৰ দিনত অসম বহুত আগবাঢ়িছে । বড়ো চুক্তি, কাৰ্বি চুক্তি সম্পাদন হৈছে । অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদ নিষ্পত্তি কৰা হৈছে । বিজেপি চৰকাৰৰ শাসনত অসমত 67 শতাংশ সন্ত্ৰাসবাদৰ ঘটনা হ্ৰাস পাইছে । অসমত উদ্যোগীকৰণ হৈছে । নিৱনুৱা যুৱক-যুৱতীয়ে স্বচ্ছতাৰে মেধাৰ ভিত্তিত চাকৰি পাবলৈ সক্ষম’’ । তেওঁ লগতে অসমত আকৌ তৃতীয়বাৰৰ বাবে বিজেপি দল শাসনত অহিব বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক :Amit Shah to visit Manipur: তিনিদিনীয়া কাৰ্যসূচীৰে হিংসা জৰ্জৰ মণিপুৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details