ETV Bharat / state

পৈত্ৰিক সম্পত্তিৰ বাবে হত্য়াৰ অভিযোগ : ৰহস্য় ভেদিবলৈ আৰক্ষীয়ে খান্দিলে কবৰ - Sensational murder at Kalgachia

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 6:20 PM IST

Crime in Barpeta
পিতৃ হত্যাৰ অভিযোগ

Allegation of murder in Barpeta: পিতৃ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল পুত্ৰ । ২০ এপ্ৰিলত পিতৃৰ ডিঙি কাটি হত্যা কৰাৰ অভিযোগ । পিছদিনা ধৰ্মীয় ৰীতি-নীতি অনুসৰি জানাজা সম্পন্ন । ২৫ এপ্ৰিলত কবৰ খান্দি মৃতদেহ উদ্ধাৰ কৰে প্ৰশাসনে । আৰক্ষীয়ে দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে অভিযুক্ত পুত্ৰক ।

পিতৃ হত্যাৰ অভিযোগ

জনিয়া, 30 এপ্ৰিল: বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বৰতাৰীত যোৱা ২০ এপ্ৰিলত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । পৈত্ৰিক সম্পত্তিৰ বাবেই পুত্ৰৰ দ্বাৰা এই নৃশংস হত্য়াকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰথম অৱস্থাত এয়া হত্য়াকাণ্ড বুলি ভবা নাছিল ৷

সেয়ে ৰাইজে বিশা শ্বেখ (৭৫) নামৰ লোকজনক ধৰ্মীয় ৰীতি-নীতিৰে জানাজা কৰি কবৰস্থ কৰে । অৱশ্য়ে লোকজনক কবৰস্থ কৰাৰ পাছত ঘটনাটো আনফালে ঢাল খায় । লোকজনৰ পুত্ৰ ছামছুল হকক দেওবাৰে এই সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতেই ঘটনাই লৈছে নতুন মোৰ ।

উত্থাপিত অভিযোগ মতে, ইছলাম ধৰ্মীয় ৰীতি-নীতি মতে বৃদ্ধ লোকজনক কবৰস্থৰ সময়ত ক্ষুদ্ৰখোৱা গাঁৱৰ ইছমাইল হুছেইন নামৰ ব্যক্তি এজনে গা-ধুৱাই দিয়া মুহুৰ্তত ডিঙি কটা প্ৰত্যক্ষ কৰি ভয়তে ঘৰলৈ গুচি যায় । ইয়াৰ পিছত গাঁওৰক্ষী বাহিনীৰ সম্পাদকক কথাখিনি অৱগত কৰে ।

এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি গাঁৱখনত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । এই ঘটনাৰ বিষয়ে গাঁও প্ৰধান ইউছুব আলী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক ইমান আলীয়ে আৰক্ষীক অৱগত কৰায় । পাছত কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মা, কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত ২৫ এপ্ৰিলত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কবৰ খান্দি উলিয়ায় । ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিশা শ্বেখৰ পুত্ৰ ছামছুল হকক গ্ৰেপ্তাৰ কৰে । এই লোমহৰ্ষক হত্যাকাণ্ডত পৰিয়ালৰ লগতে আন কোন কোন ব্যক্তি জড়িত আছে, ইয়াৰ উচিত তদন্ত কৰি কঠোৰ শাস্তি দিবলৈ গাঁওৰক্ষী বাহিনীৰ লগতে গাঁৱবাসীয়ে আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক: ৰাজ হত্যাকাণ্ড: শেষৰটো অভিযুক্তক আটক তিনিচুকীয়া আৰক্ষীৰ - Tinsukia Brutal Murder Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.