ETV Bharat / state

তিনি বছৰে নিৰ্মাণ নহ'ল ১২ কিল’মিটাৰ পথ : ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ - Protest for construction of road

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 6:52 PM IST

Dilapidated road in Nazira
ৰাজ্যত বিধ্বস্ত হৈছে পথ

Poor Road Condition: নাজিৰাৰ ঐতিহাসিক ৰমণী আলি নিৰ্মাণৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ জনাই আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই আজিলৈকে দিয়া নাই গুৰুত্ব ।

ৰাজ্যত বিধ্বস্ত হৈছে পথ

আমগুৰি, ৩০ এপ্ৰিল: ৰাজ্যত বিধ্বস্ত হৈ উঠিছে পথ । বাৰিষা অহাৰ লগে লগে এজাক বৰষুণতে যাতায়াতৰ অনুপযোগী হৈ উঠিছে ব্যস্ত পথসমূহ । চৰকাৰ আহে চৰকাৰ যায়, পিছে পথৰ একাঁঠু বোকা পথতেই ৰৈ যায় ।

একাঁঠু বোকা গচকি দীৰ্ঘদিনে যাতায়াত কৰা ৰাইজে শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহাসিক ৰমণী আলি পথচোৱা নিৰ্মাণৰ দাবীত তীব্ৰ প্ৰতিবাদ জনাই আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই আজিলৈকে কাণসাৰ দিয়া নাই । এই পথটোৰ বিধ্বস্তৰূপে ৰাইজক যাতায়াতত দীৰ্ঘদিনে জ্বলা-কলা খুৱাই আহিছে । ৰাইজে পুনৰ পথ অৱৰোধ কৰি সাব্য়স্ত কৰিলে প্ৰতিবাদ ।

শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহাসিক ৰমণী আলি বিধ্বস্ত হোৱাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ । স্থানীয় ৰাইজে পথ মেৰামতিৰ লগতে সম্পূৰ্ণ কৰাৰ দাবীত বহু সময় ধৰি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । নাজিৰাৰ ঐতিহাসিক ৰমণী আলি বিধ্বস্ত হোৱাত যাতায়াতত ৰাইজে যমৰ যন্ত্ৰণা ভোগ কৰি আহিছে ।

নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী শিমলুগুৰি-নাগালেণ্ড সংযোগী ঐতিহাসিক ৰমণী আলি বিগত তিনি বছৰে বি আৰ অ'ই নিৰ্মাণ কৰিব পৰা নাই ১২ কিল’মিটাৰ পথ । এই পথটোত সম্প্ৰতি চৰকাৰী মীনপাম সদৃশ দ' দ' গাত সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে যমৰ যান্ত্ৰণা ভোগ কৰি আহিছে । শৈল নগৰী বিহুবৰৰ শিলৰ কুঁৱেৰীৰ পৰা শিল খনন কৰি বছৰি কোটি কোটি টকা ৰাজহ আহৰণ কৰি অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ এই পথটো পুনৰ নিৰ্মাণৰ বাবে চকু মেলি চাবলৈও আহৰি পোৱা নাই ।

ভুক্তভোগী ৰাইজে পথটো নিৰ্মাণৰ দাবীত সঘনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও চৰকাৰী কৰ্তৃপক্ষৰ চকু মেল খুৱাব পৰা নাই । পথটোৱেৰে সৰবৰাহ কৰা শিল ব্যৱসায়ৰ পৰা কোটি কোটি টকা ৰাজহ পোৱাৰ পিছতো ঠায়ে ঠায়ে মীনপাম সদৃশ গাত সৃষ্টি হোৱা পথটো নিৰ্মাণ কৰিবলৈ কোনো আঁচনি লোৱা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক: জোনাইত পকী পথৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ - Poor Road Condition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.