অসম

assam

AIUDF ৰ বিধায়ক সকলো বিজেপিৰে বিধায়ক : অখিল

By

Published : Aug 27, 2021, 4:08 PM IST

বিজেপি চৰকাৰৰ ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণৰ নীতিৰ বিৰুদ্ধে সৰৱ অখিল গগৈ ৷ তেওঁক জেলত ভৰাই থৈ অসমত নদী বান্ধৰ কাম চলি থকা বুলিও মন্তব্য কৰে অখিল গগৈয়ে ৷ AIUDF ৰ বিধায়ক সকল আচলতে বিজেপিৰে বিধায়ক বুলি কোৱাৰ লগতে চৰকাৰৰ বিৰুদ্ধে আন কেতবোৰ গুৰতৰ অভিযোগ উত্থাপন কৰে গগৈয়ে ৷

akhil gogois press meet againts bjp government
AIUDF ৰ বিধায়ক সকলো বিজেপিৰে বিধায়ক : অখিল

গুৱাহাটী, 27 আগষ্ট :এটাৰ পিছত আনটো ৰাজহুৱা সম্পদ পুঁজিপতিক গতাই দিয়া বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ । শুকুৰবাৰে, মহানগৰীৰ মঠঘৰীয়া স্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত বিধায়ক অখিল গগৈযে এখন সংবাদ মেলৰ আয়োজন কৰে ৷ এই সংবাদমেলত তেওঁ কয় যে, ৬ লাখ কোটি আহৰণৰ বাবে সম্পদ বিক্ৰী কৰাত উঠি পৰি লাগিছে নৰেন্দ্ৰ মোদী নেতৃত্বধীন বিজেপি চৰকাৰখন ।

তেওঁ কয় যে, যোৱা ৭০ বছৰত ভাৰতবৰ্ষই যিমান সম্পদ আহৰণ কৰিছিল সেই সম্পদ বিজেপি(BJP) আৰএছএছে(RSS) মিলি দেউলীয়া কৰিছে । ৰাজহুৱা সম্পদ বিক্ৰীৰে অভিলেখ সৃষ্টি কৰা মোডী চৰকাৰে ৪০ টা ৰেল ষ্টেচন, ৯০খন যাত্ৰীবাঁহী ৰেল, ১৫খন ৰেল ষ্টেডিয়াম, ৭৪১ ৰে'ল পৰিসৰ বিক্ৰীৰ চেষ্টা কৰিছে চৰকাৰে । বিজেপি চৰকাৰৰ দিনত দেশ অৰ্থনৈতিক ভাৱে সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে ।

AIUDF ৰ বিধায়ক সকলো বিজেপিৰে বিধায়ক : অখিল

মোডী চৰকাৰে ৰাজহুৱা সম্পদ বিক্ৰীৰে অভিলেখ সৃষ্টি কৰা বুলি তেওঁ কয় যে, ৪০ টা ৰেল ষ্টেচন, ৯০খন যাত্ৰীবাঁহী ৰেল, ১৫খন ৰেল ষ্টেডিয়াম, ৭৪১ ৰে'ল পৰিসৰ বিক্ৰীৰ চেষ্টা কৰিছে চৰকাৰে ।

বিজেপি চৰকাৰৰ দিনত দেশ অৰ্থনৈতিক ভাৱে সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে । এনে কাৰণতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi)ৰ পূৰ্বৰ জনপ্ৰিয়তা ২৪% হ্ৰাস পোৱাৰ পিছতো দেশ তথা ৰাজ্যৰ সংবাদ মাধ্যমত এই বিষয়ে চৰ্চা হোৱা নাই বুলিও মন্তব্য কৰে গগৈয়ে । দেশৰ প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমক বহতীয়া কৰাৰ অভিযোগ কৰি আজিৰ সংবাদ মাধ্যমক দূৰদৰ্শনৰ দৰে হোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । তেওঁ পুনৰ কয়, বিজেপিৰ ৩ টা মহা অভিশাপ হৈছে - বিমুদ্ৰাকৰণ(demonetization), GST আৰু অপৰিকল্পিত লক ডাউন ।

আনহাতে আগন্তুক উপ নিৰ্বাচন, লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাইজৰ দলে কুচকাৱাজ আৰম্ভ কৰা বুলি উল্লেখ কৰি অখিল গগৈয়ে কয়, ইতিমধ্যে সৰ্বভাৰতীয় আঞ্চলিক দলৰে আলোচনা অব্যাহত ৰাখিছে ৰাইজৰ দলে । এআইইউডিএফ(AIUDF) দলক কটাক্ষ কৰি বিধায়ক গৰাকীয়ে কয়,বৰ্তমান AIUDF দলেই বিজেপিৰ বি টিম হৈ কাম কৰি আছে ।

কংগ্ৰেছে যদি ৰাইজৰ দলৰ প্ৰস্তাৱ মানি নলয়, তেতিয়া বুজা যাব যে কংগ্ৰেছও বিজেপিৰ B টিম। এতিয়ালৈ উপনিৰ্বাচনক লৈ কংগ্ৰেছৰ সৈতে ৩ খন বৈঠক অনুষ্ঠিত হৈছে । এই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত আলোচনা চলি আছে । ইফালে ONGC ৰ অসম সম্পদ অইল ইণ্ডিয়াক গটাই দিয়া কাৰ্যৰো তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয়, মই জীয়াই থকালৈ চৰকাৰৰ এনে কাৰ্য কোনোপধ্যে সফল হবলৈ দিয়া নহ’ব ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈযে কয় যে, তেওঁক 1 বছৰ 7 মাহ জেলত ৰাখি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিলে চৰকাৰে । এতিয়া এই কাৰ্য আৰু আগবাঢ়িবলৈ দিয়া নহ’ব । কেন্দ্ৰ আৰু NHPC ক সকীয়নি দি অখিল গগৈয়ে ৰাইজৰ ক্ষতি হ’ব পৰা কাম কৰিবলৈ দিয়া নহব বুলি স্পষ্ট কৰি দিয়ে ৷

লগতে পঢ়ক :মূল বান্ধৰ ওপৰেদি পানী বৈছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ

ABOUT THE AUTHOR

...view details