অসম

assam

যোৰহাটত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মহন

By

Published : Apr 8, 2020, 8:13 PM IST

বুধাবাৰে যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হয় ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন ।

state disaster management authority minister jogen mohan visited jorhat
state disaster management authority minister jogen mohan visited jorhat

যোৰহাট, 8 এপ্ৰিলঃ বুধবাৰে যোৰহাটৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বুজ ল'বলৈ জিলাখনত উপস্থিত হয় ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন । যোৰহাটত উপস্থিত হৈ যোৰহাট জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন জৰুৰী বৈঠকত বহে মন্ত্ৰী গৰাকী । দৰিদ্ৰ লোকক চৰকাৰে দিয়া ধনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বিসংগতি নহয় সেই বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে । লগতে সকলো লোককে COVID-19ৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈয়ো আহ্বান জনায় তেওঁ । 12 তাৰিখে অনুষ্ঠিত হ'বলগীয়া মন্ত্ৰী পৰিষদৰ বৈঠকত লক ডাউন বিষয়ক কোনো সিদ্ধান্তৰ বিষয়ে চিন্তা কৰা হ'ব বুলিও জনায় ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী গৰাকীয়ে ।

যোৰহাটত উপস্থিত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মোহন

ABOUT THE AUTHOR

...view details