অসম

assam

Assam Nagaland Border Conflict : নগাই নিদ্ৰা হৰিছে সীমান্তবাসী অসমীয়াৰ, বিধায়কৰ নাই কাণসাৰ

By

Published : Feb 10, 2023, 2:22 PM IST

Updated : Feb 10, 2023, 4:27 PM IST

মৰিয়নিৰ নাগাজাঙ্কা সীমান্তত নগাৰ উপদ্ৰৱ (Naga menace at Nagajanka border in Mariani) । সীমান্তবাসীৰ কাষত উপস্থিত হোৱাৰ পৰিৱৰ্তে নগাবস্তিত হাতত নগা দা লৈ সম্বৰ্ধনা লোৱাত ব্যস্ত বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ বিধায়ক ৰূপজ্যোতিৰ বিৰুদ্ধে ক্ষোভ সীমান্তবাসীৰ ।

Jorhat
Jorhat

মৰিয়নিৰ নাগালেণ্ড সীমান্তত নগাৰ তাণ্ডৱ

যোৰহাট, ১০ ফেব্ৰুৱাৰী :চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমাবিবাদ নতুন কথা নহয় (Assam border conflict with neighbour states) । তাৰ মেঘালয়, অৰুণাচল তথা নাগালেণ্ডৰ সৈতে সময়ে সময়ে সীমান্তৱৰ্তী নাগৰিকৰ মাজত হোৱা সংঘাতে গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে (Assam Nagaland border conflict) । বিশেষকৈ এই চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে অসম সীমান্তত সীমাৰ সিপাৰৰ পৰা হোৱা বেদখল তথা অসমৰ সা-সম্পত্তি ধ্বংস, বেদখল আনকি অসমৰ সীমান্তবাসীৰ ওপৰত কৰা অত্যাচাৰৰ ঘটনাও নতুন নহয় (Assam Meghalaya border conflict) ।

তাৰ মাজেত এইবাৰ অসম-নাগালেণ্ড সীমান্তত নগাৰ উপদ্ৰৱৰ কথা পোহৰলৈ আহিছে । শেহতীয়াকৈ পোৱা খবৰ মতে, অসম-নাগালেণ্ড সীমান্তত নগাৰ ভয়ত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অসমৰ সীমান্তবাসীয়ে । অসম-নাগালেণ্ডৰ সীমান্তৰ মৰিয়নিৰ নাগাজাংকাৰ বৰলাইনবাসী ৰাইজে বিগত দুদিন ধৰি চৰম নিৰাপত্তাহীনতাত ভুগি আহিছে (Naga menace at Nagajanka border in Mariani) । বৰলাইনৰ দাঁতিতে লাগি থকা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি নগাই অধিগ্ৰহণ কৰাৰ সময়ত স্থানীয় ৰাইজ আৰু সাংবাদিক উপস্থিত হোৱাত নগা উপদ্ৰৱকাৰীয়ে অসমৰ দলটোকহে অস্ত্ৰ-শস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰে ৷

ইতিমধ্যে নগাৰ সন্ত্ৰাসত ভয়ত দিন পাৰ কৰিবলগা হৈছে সীমান্তৰ ৰাইজে । কিন্তু এনে বিপদৰ সময়তো স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কোনো বিশেষ আগ্ৰহ নাই । লগতে সীমান্তবাসীৰ খা-খবৰ ল'বলৈও আহৰি নোহোৱাৰ অভিযোগ ৰাইজৰ । তাৰ পৰিৱৰ্তে বিধায়ক ৰূপজ্যোতি কুৰ্মীক নগা গাঁৱত উপস্থিত হৈ হাতত নগা দা লৈ সম্বৰ্ধনা গ্ৰহণ কৰাহে দেখা পোৱা ঘটনাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । আনহাতে, স্থানীয় জনপ্ৰতিনিধিগৰাকীৰ এই নগাপ্ৰীতি দেখি সীমান্তবাসী ৰাইজে বিধায়ক ৰূপজ্যোতি কুৰ্মীবিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে পূৰ্বতে সীমান্তত নগা উপদ্ৰৱ দেখিলেই সময় পলম নকৰাকৈ ঘটনাস্থলীত উপস্থিত হৈ সীমান্তবাসী ৰাইজৰ কাষত থিয় দি নগাবিৰোধী হৈ পৰিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মী ।কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিধায়ক ৰূপজ্যোতি কুৰ্মী বৰ্তমান সীমান্তবাসী অসমীয়াৰ কাষত থিয় হোৱাৰ পৰিৱৰ্তে নগা গাঁৱত উপস্থিত হৈ নগাৰ পৰা সম্বৰ্ধনা লোৱাতহে ব্যস্ত বুলি ক্ষোভ উজাৰিছে সীমান্তবাসীয়ে । উল্লেখ্য যে কম সময়ৰ ব্যৱধানত নগাই অসমৰ ভূমিত উপদ্ৰৱ চলাই থকাৰ পিছতো আজিকোপতি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মুখৰ পৰা এষাৰি মাত নোলোৱাটো এক তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে । উল্লেখ্য যে বুধবাৰে মৰিয়নি সীমান্তৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ নগাজাঙ্কাত নগাই গছ-গছনি কাটি অসমৰ ভূমিত আগ্ৰাসন চলাইছিল ।

লগতে পঢ়ক :Punishable Transfer of Kokrajhar jailer : কোকৰাঝাৰ জিলা কাৰাগাৰৰ ৱাৰ্ডেনৰ দায়িত্বত থকা এগৰাকী আৰক্ষীক শাস্তিমূলক বদলি

Last Updated : Feb 10, 2023, 4:27 PM IST

ABOUT THE AUTHOR

...view details