অসম

assam

কাৰ্বি-আংলঙৰ খেৰণি আৰু গোৱালপাৰাৰ মাটিয়াত বনৰীয়া হাতীৰ তাণ্ডৱ

By

Published : Oct 30, 2019, 11:33 AM IST

Updated : Oct 30, 2019, 12:00 PM IST

পশ্চিম কাৰ্বি-আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ ৷ জনাঞ্চললৈ ওলাই অহা হাতীৰ গচকত শ শ বিঘা কৃষি ভূমি নষ্ট । আনহাতে গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত 4 গৰাকীকৈ লোক নিহত হোৱাৰ প্ৰতিবাদত মাটিয়া-দলগোমা পথ অৱৰোধ কৰে ৰাইজে ।

কাৰ্বি-আংলং আৰু গোৱালপাৰাত বনৰীয়া হাতীৰ তাণ্ডৱ

হোজাই,30 অক্টোবৰঃ পশ্চিম কাৰ্বি-আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত ৷ মঙলবাৰে নিশা খেৰণিত অৱস্থিত গড়কাপ্তানী বিভাগৰ কাৰ্যালয় চৌহদৰ পকী দেৱাল ভাঙি লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীয়ে ৷ উল্লেখ্য যে এইদৰে জনাঞ্চললৈ ওলাই অহা হাতীৰ গচকত শ শ বিঘা কৃষি ভূমি নষ্ট হৈছে ।

বনৰীয়া হাতীয়ে ভাঙিল গৰকাপ্তানী বিভাগৰ কাৰ্যালয় চৌহদৰ পকী দেৱাল

লগতে পঢ়কঃ কংগ্ৰেছ ত্যাগ এম.জি.ভি.কে ভানুৰ

ইফালে গোৱালপাৰাৰ মাটিয়াতো অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস । মঙলবাৰে পুৱা বাকাইটাৰীৰ টিকেন চন্দ্ৰ নাথক বনৰীয়া হাতীয়ে হত্যা কৰাৰ পাছত সন্ধিয়া পশ্চিম মাটিয়াৰ মইনুল হ'কৰ পত্নী জাহানাৰা খাতুন,শান্তিনগৰৰ মিজানুৰ ইছলাম,সিধাবাৰীৰ মিনতি কলিতা আৰু হাঁহচৰাফৰীৰ হাছিনা ভানুক হত্যা কৰে। বনৰীয়া হাতীৰ আক্ৰমণত 4 গৰাকীকৈ লোক নিহত হোৱাৰ প্ৰতিবাদত মাটিয়া-দলগোমা পথ অৱৰোধ কৰে ৰাইজে।

গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত 4 গৰাকীকৈ লোক নিহত

লগতে পঢ়কঃ বন্ধন বেংকৰ ঋণ পৰিশোধৰ বাবেই থপিয়ালে পথচাৰীৰ বেগ !!

Intro:হোজাই জিলাৰ কাষৰীয়া অঞ্চল পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত।।
Body:হোজাই জিলাৰ কাষৰীয়া অঞ্চল পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত।।

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ খেৰণিত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত।। নিশা খেৰণিত অৱস্থিত গৰকাপ্তানী বিভাগৰ কাৰ্যালয় চৌহদৰ পকী দেৱাল ভাঙি লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীয়ে। নিতৌ নিশা বনৰীয়া হাতীয়ে এনেদৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জানাঞ্চললৈ উলাই আহি এক সন্ত্ৰাস সৃষ্টি কৰি আহিছে বৃহত্তৰ খেৰণি অঞ্চলত। উল্লেখযোগ্য যে এইদৰে জানাঞ্চললৈ উলাই অহা হাতীৰ আক্রমণত কেতিয়াবা যদি কাৰোবাৰ প্ৰাণহানি হৈছে আন কেতিয়াবা আকৌ জাকে জাকে ওলাই অহা বনৰীয়া হাতীৰ গচকত শ শ বিঘা ভূমিৰ কৃষি নষ্টও হৈছে।


Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Oct 30, 2019, 12:00 PM IST

ABOUT THE AUTHOR

...view details