অসম

assam

কানৈ মহাবিদ্যালয় উপস্থিত হৈ ছাত্ৰাৱস্থাৰ স্মৃতি সোঁৱৰিলে সৰ্বানন্দ সোণোৱালে

By

Published : Oct 9, 2022, 6:55 PM IST

নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কানৈ মহাবিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে ৰোমন্থন কৰিলে ছাত্ৰাৱস্থাৰ স্মৃতি (Sarbananda Sonowal at Kanoi College)৷

Sarbananda Sonowal at Kanoi College
কানৈ মহাবিদ্যালয় উপস্থিত হৈ ছাত্ৰাৱস্থাৰ স্মৃতি সোঁৱৰিলে সৰ্বানন্দ সোণোৱালে

ডিব্ৰুগড়, 9 অক্টোবৰ: ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ‘আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত হয় ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় অনুষ্ঠান (Sarbananda Sonowal at Kanoi College)।

ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাবে মহাবিদ্যালয়খনত অধ্যয়ন কৰি থকা সময়ত কেনেকৈ পাৰ কৰিছিল তাক ৰোমন্থন কৰি আবেগিক হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ(Dibrugarh Hanumanbax Surajmall Kanoi College) অতীতৰ শিক্ষা, সাংস্কৃতিক, ক্ৰীড়া গৌৰৱ অটুত ৰাখিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক আহ্বান জনায় সৰ্বানন্দ সোণোৱালে ।

কানৈ মহাবিদ্যালয় উপস্থিত হৈ ছাত্ৰাৱস্থাৰ স্মৃতি সোঁৱৰিলে সৰ্বানন্দ সোণোৱালে

মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি যোগ আৰু আয়ুসৰ উপকাৰিতা সন্দৰ্ভত বক্তব্য ৰাখে । মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ শশীকান্ত শইকীয়াই(Kanoi College principal) আদৰণি ভাষণ আগবঢ়োৱা মত-বিনিময় অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ ওপৰিও শুভাকাংক্ষীসকলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

ABOUT THE AUTHOR

...view details