মৰাণ, ১১ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰে বাগিচা অঞ্চলৰ পৰা আৰম্ভ কৰি গ্ৰাম্য অঞ্চললৈকে সকলোতে বিনামূলীয়া চৰকাৰী চাউলৰ প্ৰদানৰ বাবে ব্যৱস্থা কৰিছে । আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাউল প্ৰদানত কোনো ধৰণৰ অনিয়ম সংঘটিত হ'ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিছে । কিন্তু তেনে সময়তে চাহ বাগিচা অঞ্চলত বিভিন্ন অজুহাত দেখুৱাই শ্ৰমিকক চৰকাৰী চাউল প্ৰদান কৰা নাই সমবায় এজেন্ট সকলে । ইয়াৰ পাছতে এইবাৰ হাতে হাতে বাচন-বৰ্তন লৈ খাদ্য,অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিল গ্ৰীণউড চাহ বাগিচাৰ চাহ শ্ৰমিক ৰাইজ ।
জিলাখনৰ লাহোৱাল সমষ্টিৰ কানাই গাঁও পঞ্চায়তৰ গ্ৰীণউড চাহ বাগিছাৰ চাহ শ্ৰমিকসকলে খাদ্য আৰু যোগান বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা বিনামূলীয়া চাউলৰ পৰা বঞ্চিত হৈ আহিছে গ্ৰীণউড চাহ বাগিছাৰ চাহ শ্ৰমিকসকল । এনেদৰে বঞ্চিত হৈ অহাত শ্ৰমিক ৰাইজে হাতে হাতে বাচন-বৰ্তন লৈ এইদৰে ওলাই আহিল ।