অসম

assam

Golden Jubilee Celebration: চৰকাৰী বিদ্যালয়ৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে চৰকাৰ: শংকৰ জ্যোতি বৰুৱা

By

Published : Dec 17, 2022, 9:40 AM IST

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ (Golden Jubilee Celebration of Bindhakata Higher Secondary School ) ৷ অনুষ্ঠানত অংশগ্ৰহণ আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ ৷ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে বুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ আছুৰ সাধাৰণ সম্পাদকগৰাকী (All Assam Students Union General Secretary) ৷

Golden Jubilee Celebration of Bindhakata Higher Secondary School
চৰকাৰী বিদ্যালয়ৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে চৰকাৰঃ শংকৰ জ্যোতি বৰুৱা

চৰকাৰী বিদ্যালয়ৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে চৰকাৰঃ শংকৰ জ্যোতি বৰুৱা

ডিব্ৰুগড়,17 ডিচেম্বৰ: শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ (Golden Jubilee Celebration of Bindhakata Higher Secondary School ) ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে সোণালী জয়ন্তী বৰ্ষ সমাৰোহ । সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম দিনা তথা উদ্ধোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই (All assam Students Union General Secretary) ।

সোণালী জয়ন্তী সমাৰোহৰ প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা শ্বহীদ বেদী উদ্বোধন কৰা হয় ৷ শ্বহীদ বেদী উদ্বোধন কৰে আছু নেতা তথা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰী শিক্ষাখণ্ড সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰিবলৈ গৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

চৰকাৰী শিক্ষা ব্যৱস্থা উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে এইক্ষেত্ৰত চৰকাৰী শিক্ষা ৰক্ষাৰ বাবে ৰাইজকো সচেতন হবলৈ আহ্বান জনায় । লগতে আছুৰ সম্পাদকগৰাকীয়ে কয় যে, চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে চৰকাৰ । বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰা আৰু শিক্ষক নিযুক্তি দিয়া এনেবোৰ কাম কৰাত এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

উল্লেখযোগ্য যে, বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পুৱা ৫০ খন পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ পাছতে ক্ৰীড়া প্ৰতিযোগিতা, স্মৃতি তৰ্পন আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । উল্লেখযোগ্য যে, সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া এই ঐতিহ্যমণ্ডিত বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Central Minister Sarbananda Sonowal) । কেইটামান দিনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীজনে বিদ্যালয়খন পৰিদৰ্শন কৰি সোণালী জয়ন্তী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছিল ।

লগতে পঢ়ক :Free teaching programme by Live Venture: নৱম দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া পাঠদান সেৱা

ABOUT THE AUTHOR

...view details