আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৱে দাহ কৰিলে যোগান মন্ত্ৰীৰ পুত্তলিকা - AASU Protest Against Price Hike
AASU protest: অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকিয়নী আছুৰ । নিত্য ব্যৱহাৰ্য সামগ্ৰী, ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছু সৰৱ ।

Published : June 3, 2024 at 7:29 PM IST
নিউজ ডেস্ক, ৩ জুন : ৰাজ্য়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সৰ্বসাধাৰণক । অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক । সোমবাৰে বিজেপি নেতৃত্বাধীন ৰাজ্য় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি আছুৱে ৰাজ্য়জুৰি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধ আৰু ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰে জনতাৰ মুৰত ৰাম টাঙোন সোধোৱা চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ সোমবাৰে আছুৱে দাহ কৰিলে যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা ।
ব্যৰ্থ হৈছে যোগান বিভাগ
বৰপেটা : বৰপেটাত আছুৱে দাহ কৰিলে যোগান মন্ত্ৰীৰ পুত্তলিকা । প্ৰতিবাদকাৰীসকলে কয় যে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ । ব্যৰ্থ হৈছে যোগান বিভাগ । যোগান মন্ত্ৰীগৰাকীয়ে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা বাবে সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈছে । ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাচতেই অস্বাভাৱিক মুল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক । বিশেষকৈ আলু, পিয়াঁজ, কণী, ব্ৰইলাৰ মুৰ্গী ,চিমেণ্ট, ৰডৰ লগতে ঔষধজাতীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক অতিষ্ঠ কৰিছে । এইক্ষেত্ৰত অতি শীঘ্ৰে ব্যবস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে । ইপিনে, আজিৰে পৰা ৰাজ্যৰ টোলগেট সমূহৰ কৰ বৃদ্ধি কৰা সন্দৰ্ভতো বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।
মাজুলীত আছুৰ ক্ষোভ
মাজুলী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ মাজুলী জিলা সন্থাৰ উদ্যোগত আজি মাজুলীৰ কমলাবাৰী চাৰিআলিত অত্যাৱশ্যকীয় খাদ্য সামগ্রী, ৰন্ধন গেছ, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মাজুলী জিলা সন্থাৰ কমীসকলে কয় যে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰাৰ ফলত সাধাৰণ ৰাইজ বজাৰলৈ যাব নোৱৰা পৰিবেশৰ সৃষ্টি হৈছে । অথচ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ পদক্ষেপ লোৱা নাই ৰাজ্যৰ যোগান বিভাগে ।
আৰক্ষী-আছুকৰ্মীৰ হতাহতি
শিৱসাগৰ : ইপিনে, আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই । শিৱসাগৰ দৌলমুখ চাৰিআলিত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই। আৰক্ষী আৰু আছুকৰ্মীৰ মাজত হতাহতিও হয় । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ থকা সময়তে ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ কৰ বৃদ্ধিৰ সিদ্ধান্তই ৰাইজক অধিক সমস্যাত পেলাব বুলিও ক্ষোভ প্ৰকাশ কৰে আছুৱে ।

