চাইকেলেই যাৰ জীৱন : যুৱ প্ৰজন্মৰ বাবে আদৰ্শ অশীতিপৰ কেশৰিয়া ৰাম - World Bicycle Day 2024
World Bicycle Day 2024 : চাইকেলেই তেওঁৰ জীৱন, চাইকেলেই তেওঁৰ সম্বল । চাইকেলৰ পেডেল মাৰিয়ে একেৰাহে পাৰ কৰিছে ৪৪ বছৰ । ভৰতপুৰৰ এইগৰাকী অশীতিপৰ কেশৰিয়া ৰাম যুৱ প্ৰজন্মৰ বাবে এক উদাহৰণ । বিগত ৪৪ বছৰত তেওঁ প্ৰতিদিনে ৫০ কিলোমিটাৰকৈ 8 লাখ কিলোমিটাৰৰো অধিক চাইকেল চলাইছে । বিশ্ব চাইকেল দিৱসত কেশৰিয়া ৰামৰ আদৰ্শৰ ওপৰত এই বিশেষ প্ৰতিবেদন ।

Published : June 3, 2024 at 7:25 PM IST
|Updated : June 3, 2024 at 7:48 PM IST
বিশেষ প্ৰতিবেদন, ৩ জুন : আধুনিক ভোগসৰ্বস্ব জীৱনত মানুহে বিলাসিতাত নিমজ্জিত হৈ পৰিছে । পাহৰি গৈছে দৈনন্দিন স্বাস্থ্য সুৰক্ষাৰ বাবে থকা আমাৰ পৰম্পৰাগত বিধান-ব্যৱস্থাবোৰ । লগতে অনিয়মীয়া খাদ্যাভ্যাসৰ বাবে মানুহে নিৰন্তৰ নিজেই নিজৰ স্বাস্থ্য দুৰ্বল কৰি আছে । কিন্তু তেনে এক সময়তো এক অনুসৰণীয় আদৰ্শৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে এগৰাকী অশীতিপৰ ব্যক্তি । যাৰ কৰ্মই যিকোনো লোককে উৎসাহিত কৰিব পাৰে তেওঁৰ জীৱন-শৈলী পৰিৱৰ্তন কৰিবৰ বাবে ।
কেশৰিয়া ৰামৰ চাইকেল যাত্ৰা
তেওঁ হৈছে ৰাজস্থানৰ ভৰতপুৰৰ 81 বছৰীয়া কেশৰিয়া ৰাম । এইগৰাকী ব্যক্তিয়ে আধুনিক শৈলীৰে জীৱন যাপন কৰি থকা যুৱ প্ৰজন্মৰ বাবে এক উদাহৰণ সৃষ্টি কৰিছে । কেশৰিয়া ৰামে বিগত ৪৪ বছৰ ধৰি প্ৰতিদিনে ৫০ কিলোমিটাৰকৈ চাইকেল চলাই আহিছে । সেই অনুসৰি বিগত 44 বছৰত কেশৰিয়া ৰামে 8 লাখ কিলোমিটাৰতকৈও অধিক চাইকেল চলাইছে । জানিলে আচৰিত হ'ব, এয়া হৈছে পৃথিৱীৰ চাৰিওফালে 20 বাৰ ঘূৰাৰ সমান ।
যাৰ বাবে জীৱনৰ 81 টা বসন্ত অতিক্ৰম কৰা সত্ত্বেও কেশৰিয়া ৰাম এতিয়াও সতেজ-সবল, সম্পূৰ্ণৰূপে স্বাস্থ্যৱান । ভাবিলে আচৰিত লাগিব, তেওঁ অন্তিমবাৰ কেতিয়া অসুস্থ হৈছিল সেই কথাও মনত নাই । আনহে নালাগে, তেওঁ বহু দশক ধৰি চিকিৎসালয়ৰ দুৱাৰো গৰকি পোৱা নাই । বিশ্ব চাইকেল দিৱসৰ দিনটোত এইগৰাকী কেশৰিয়া ৰামে স্বাস্থ্যৱান হৈ থাকিবলৈ যুৱ প্ৰজন্মক চাইকেল চলোৱাৰ পৰামৰ্শ দিছে ।
ভৰতপুৰৰ মুন্ধেৰা গাঁৱৰ বাসিন্দা তথা প্ৰাক্তন সৈনিক কেশৰিয়া ৰাম ধাকাড়েয়ে প্ৰতিদিনে তেওঁৰ গাঁৱৰ পৰা ২৫ কিলোমিটাৰ দূৰৈৰ ভৰতপুৰৰ এম এছ জে মহাবিদ্যালয়লৈ অহা-যোৱা কৰে । কেশৰিয়া ৰাম হৈছে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ কৰ্মচাৰী । তেওঁ প্ৰতিদিনে চাইকেল চলাই নিজৰ কৰ্তব্যলৈ আহে আৰু কৰ্তব্য সমাপন কৰি পুনৰ নিজ গাঁৱলৈ 25 কিলোমিটাৰ চাইকেল চলাই যায় । তেওঁৰ বাবে কোনো ঋতুৰ কোনো কাৰকেই প্ৰতিবন্ধকতা সৃষ্টি কৰিব নোৱাৰে । অৰ্থাৎ শীতকালেই হওক বা গ্ৰীষ্ম, বৰষুণেই হওক বা ঠাণ্ডা, কেশৰিয়া ৰামে গোটেই বছৰটোৰ 12 মাহেই চাইকেল চলাই এই দূৰত্ব অতিক্ৰম কৰে ।
সেনাবাহিনীত কাম কৰিছিল কেশৰিয়া ৰামে
নিজৰ জীৱনৰ কথা উল্লেখ কৰি প্ৰাক্তন সৈনিক কেশৰিয়া ৰামে কয় যে ১৯৬৪ চনত তেওঁ ভাৰতীয় সেনাবাহিনীত গাড়ী মেকানিক হিচাপে কামত যোগদান কৰিছিল । ১৯৬৫ চনত ভাৰত-পাক যুদ্ধৰ সময়ত তেওঁ জম্মু-কাশ্মীৰৰ চাম্বা চকীত এখন বাহন ঠিক কৰি আছিল । তেনে সময়তে পাকিস্তানত বোমা বিস্ফোৰণ কৰা হৈছিল । এই বোমাৰ গেছৰ ফলত কেশৰিয়া ৰামৰ সোঁচকুটো ক্ষতিগ্ৰস্ত হৈছিল । পিচত বুকুৰ আঘাতৰ বাবে তেওঁ 1968 চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে । পিচলৈ ১৯৭৯ চনত কেশৰিয়া ৰামে আলৱাৰ কলেজত গ্ৰন্থাগাৰৰ সহায়ক হিচাপে চাকৰি লাভ কৰে । আনহাতে, 1980 চনত তেওঁক আলৱাৰৰ পৰা ভৰতপুৰৰ এম এছ জে মহাবিদ্যালয়লৈ বদলি কৰা হয় । তেতিয়াৰে পৰাই তেওঁৰ এই চাইকেল যাত্ৰা আৰম্ভ হয় ।
৪৪ বছৰ ধৰি চলাই আহিছে চাইকেল
প্ৰাক্তন সৈনিক কেশৰিয়া ৰামে কয় যে ১৯৮০ চনৰ পৰা তেওঁ নিজ গাঁও মুন্ধেৰাৰ পৰা কলেজলৈ ২৫ কিলোমিটাৰ পথ ডেৰ ঘণ্টা ধৰি চাইকেল চলাই আহি আছে আৰু কৰ্তব্য সম্পূৰ্ণ কৰাৰ পিচত পুনৰ তেওঁ চাইকেলেৰে গাঁৱলৈ উভতি যায় । অৰ্থাৎ বিগত 44 বছৰ ধৰি কেশৰিয়া ৰামে প্ৰতিদিনে প্ৰায় 50 কিলোমিটাৰ চাইকেল চলাই আহিছে । উক্ত হিচাপ অনুসৰি, কেশৰিয়া ৰামে বিগত 44 বছৰত প্ৰায় 8 লাখ কিলোমিটাৰ চাইকেল চলাইছে । সেই হিচাপ মতে তেওঁ পৃথিৱীখন 20 বাৰ ঘূৰিব পাৰিলেহেঁতেন ।
মাদক দ্ৰৱ্যৰ পৰা দূৰতে বিদূৰ, কেতিয়াও পৰা নাই বেমাৰত
কেশৰিয়া ৰামে জনোৱা মতে, তেওঁ সুৰা সেৱন অতি বেয়া পায় । তেওঁ জীৱনত সুৰাপান কৰি পোৱা নাই । ইয়াৰ বিপৰীতে তেওঁৰ প্ৰতিদিনে পুৱা আৰু সন্ধিয়া নিয়মীয়াকৈ গাখীৰ খোৱাটো অভ্যাস । খাদ্যত তেওঁ মাখনো খায় । তেওঁ চাইকেলখনক নিজৰ জীৱন বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে তেওঁৰ বেমাৰ নোহোৱাৰ কাৰণটো হৈছে নিয়মীয়াকৈ চাইকেল চলোৱাৰ ফল । আধুনিকতাৰ এই দূষিত জীৱনশৈলীত তেওঁ যুৱসকলক যিমান পাৰে সিমান চাইকেল চলাবলৈও পৰামৰ্শ দিয়ে । বিশ্ব চাইকেল দিৱসৰ এই দিনটোত নিশ্চিতভাৱে কেশৰিয়া ৰাম হৈছে উৎকৃষ্ট আদৰ্শ ।
| লগতে পঢ়ক :বিশ্ব চাইকেল দিৱস ২০২৪ - World Bicycle Day |

