অসম

assam

DTO Office staff arrested in Dibrugarh: গ্ৰেপ্তাৰৰ সন্দৰ্ভত মুখ খুলিলে ডিব্ৰুগড় জিলা পৰিবহন বিষয়াই

By

Published : Oct 19, 2022, 9:52 PM IST

৭০০ টকা উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ হ'বলগীয়া হ’ল ডিব্ৰুগড়ৰ পৰিবহন বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈ । দীৰ্ঘদিন ধৰি বিভাগটোৰ কাৰ্যালয়ত অনিয়ম সংঘটিত কৰি অহা দিতিমণিয়ে দালাল পংকজ শইকীয়াক ঘনিষ্ঠৰূপে লৈ সহজ সৰল বাহন চালকৰ পৰা লুটি গৈছিল লক্ষ লক্ষ টকা । এই সম্পৰ্কত মন্তব্য আগবঢ়াইছে ডিব্ৰুগড়ৰ পৰিবহন বিষয়াই(Dibrugarh DTO) ৷

Dibrugarh DTO
কনিষ্ঠ সহায়ক গ্ৰেপ্তাৰৰ সন্দৰ্ভত মুখ খুলিলে ডিব্ৰুগড় জিলা পৰিবহন বিষয়াই

ডিব্ৰুগড়, 19 অক্টোবৰ : বুধবাৰে ডিব্ৰুগড়ৰ পৰিবহন বিষয়া কাৰ্যালয়ত চলিল অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি শাখা সঞ্চালকালয়ৰ চাডেন ভিজিট । অভিযান কালত হাতে-লোটে গ্ৰেপ্তাৰ কৰা হ’ল পৰিবহন বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়াক (Dibrugarh DTO Official arrested) ।

এজন ব্যক্তিৰ পৰা ৭০০ টকা উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল দুৰ্নীতিপৰায়ন কনিষ্ঠ সহায়ক দিতিমণি গগৈ । দীৰ্ঘদিন ধৰি বিভাগটোৰ কাৰ্যালয়ত অনিয়ম সংঘটিত কৰি অহা দিতিমণিয়ে দালাল পংকজ শইকীয়াক ঘনিষ্ঠৰূপে লৈ সহজ সৰল বাহন চালকৰ পৰা লুটি গৈছিল লক্ষ লক্ষ টকা ।

কনিষ্ঠ সহায়ক গ্ৰেপ্তাৰৰ সন্দৰ্ভত মুখ খুলিলে ডিব্ৰুগড় জিলা পৰিবহন বিষয়াই

বুধবাৰৰ সন্ধিয়ালৈকে অভিযানকাৰী দলটোৱে কাৰ্যালয়টোৰ ভিতৰচৰাত তদন্ত অব্যাহত ৰখাৰ লগতে বহু প্ৰয়োজনীয় সামগ্ৰী জব্দ কৰিছে (Anti corruption raid at Dibrugarh DTO)। ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ডিব্ৰুগড় জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকায়েও কনিষ্ঠ সহায়ক দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়াই উৎকোচ লোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ।

অৱশ্যে দালালেৰে যে ডিব্ৰুগড় জিলা পৰিবহন বিষয়া কাৰ্যালয় ভৰি আছে সেই কথাৰ অজ্ঞতা প্ৰকাশ কৰে বিষয়াগৰাকীয়ে । কিন্তু এটা চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীৰ লগত এজন দালাল আটক হোৱা বিষয়টোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ।

উল্লেখযোগ্য যে, বিগত 17 অক্টোবৰতো দুৰ্নীতি নিবাৰক শাখাৰ (Vigilance and Anti Corruption Assam) জালত পৰিছিল ৰঙিয়া ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ এজন ঘোচখোৰ পৰিদৰ্শক (Railway officer arrested) ৷ অনুকম্পা মূলক চাকৰিৰ মেডিকেল ৰিপোৰ্টৰ নামত এগৰাকী যুৱতীক 20,000 টকা দাবী কৰিছিল ৰে’ল বিভাগৰ বিষয়াজনে ৷

ইয়াৰ পূৰ্বেও উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল খাৰুপেটীয়া আৰক্ষী চক্ৰ বিষয়া অচ্যুত দত্ত ৷ আৰক্ষী চক্ৰ বিষয়াগৰাকীৰ লগতে গ্ৰেপ্তাৰ হৈছিল আৰক্ষী বিষয়াগৰাকীৰ দেহৰক্ষী দিগন্ত বৰুৱা (Police officer with PSO arrested in Darrang)৷

লগতে পঢ়ক:Arunachal liquor seized: ৰঙাপৰাত আবকাৰী বিভাগে জব্দ কৰিলে কাৰ্টনে কাৰ্টনে সুৰাৰ বটল

ABOUT THE AUTHOR

...view details