ETV Bharat / state

পেলনীয়া প্লাষ্টিকৰ পুনঃব্যৱহাৰেৰে প্ৰদূষণ হ্ৰাসৰ প্ৰচেষ্টা কলিয়াবৰ মহাবিদ্যালয়ৰ - Waste Plastic Recycling

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:36 PM IST

Kaliabor College: প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ সম্পৰ্কত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কলিয়াবৰ মহাবিদ্যালয়ৰ ৷ পেলনীয়া প্লাষ্টিকৰ বটলেৰে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে বেঞ্চ, ফেঞ্চিং, ঘৰৰ চাল আদি ৷

Waste Plastic Recycling Program
Waste Plastic Recycling (ETV Bharat Assam)

কলিয়াবৰ, 3 জুন: প্লাষ্টিক মানৱ সভ্যতাৰ বাবে এক অভিশাপস্বৰূপ হৈ পৰিছে ৷ প্লাষ্টিকৰ বৰ্ধিত ব্যৱহাৰৰ ফলত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰাও ৷ বৰ্তমান সময়ত একক ব্যৱহৃত প্লাষ্টিক পুনৰ ব্যৱহাৰৰ বাবে বিভিন্ন প্ৰতিষ্ঠান বা ব্যক্তিবিশেষে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ মধ্য অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কলিয়াবৰ মহাবিদ্যালয়েও প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ সন্দৰ্ভত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷

পেলনীয়া প্লাষ্টিকৰ পুনঃব্যৱহাৰেৰে প্ৰদূষণ হ্ৰাসৰ প্ৰচেষ্টা (ETV Bharat Assam)

মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাৰ নেতৃত্বত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে পেলনীয়া প্লাষ্টিকৰ পৰা প্ৰস্তুত কৰিছে এনে কেতবোৰ সামগ্ৰী যাক দীৰ্ঘসময়ৰ বাবে ব্যৱহাৰ কৰিব পৰা যায় ৷ পেলনীয়া প্লাষ্টিকৰ বটলেৰে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে বেঞ্চ, ফেঞ্চিং, ঘৰৰ চাল আদি ৷

লগতে পঢ়ক: পেলনীয়া প্লাষ্টিকৰ বটলৰ নাৱত উঠি বগীবিলৰ পৰা দুঃসাহসিক যাত্ৰা - Plastic Free Brahmaputra

ভাৰত চৰকাৰৰ 'বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন' আৰু 'অসম বিজ্ঞান প্ৰযুক্তি পৰিবেশ পৰিষদ'ৰ সহযোগত মহাবিদ্যালয়খনত দুদিনীয়াকৈ অনুষ্ঠিত ‘চ'লিড ৱেষ্ট মেনেজমেণ্ট’ শীৰ্ষক কৰ্মশালাত এই পদক্ষেপ গ্ৰহণ কৰা হয় । ইয়াৰ লগতে মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক জৈৱিক কেঁচু সাৰ প্ৰস্তুতৰ (VERMI COMPOSTING) শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ গঢ়াৰ লক্ষ্য ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈৰ - Plastic free Brahmaputra

বিভিন্ন সামগ্ৰী আৱিস্কাৰ কৰি পেটেন্ট লাভ কৰা মহাবিদ্যালয়খনৰ গৱেষক তথা পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈও সক্ষম হৈছে । Jagran Josh Education Summit & Awards ত অংশগ্ৰহণ কৰি দিল্লীত এই পুৰস্কাৰ লাভ কৰে সহকাৰী অধ্যাপকগৰাকীয়ে ।

প্লাষ্টিকৰ এই পুনঃব্যৱহাৰৰ জৰিয়তে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পৰা যাব বুলি আশাবাদী মহাবিদ্যালয়খনৰ শিক্ষকসকল ৷ মহাবিদ্যালয়খনৰ ওচৰে-পাজৰে থকা বিদ্যালয়সমূহকো এই অভিযানত অন্তৰ্ভুক্ত কৰাৰ কথা প্ৰকাশ কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষই ৷

লগতে পঢ়ক: প্লাষ্টিকমুক্ত পৃথিৱী শ্ল'গানেৰে শিৱসাগৰত বিশ্ব ধৰিত্ৰী দিৱস পালন - World Earth Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.