অসম

assam

Dhubri Medical College: ভাৰ্চুৱেল মাধ্যমেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন

By

Published : Oct 14, 2022, 7:32 AM IST

ভাৰ্চুৱেল মাধ্যমেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰিলে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (President inaugurated Dhubri Medical College and Hospital ) ৷ নৱনিৰ্মিত হাস্পতালখনত অহা ৫ নৱেম্বৰৰ পৰা আৰম্ভ ডিএমচিএইচৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম ৷

President inaugurated Dhubri Medical College and Hospital
ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল উদ্বোধন ৰাষ্ট্ৰপতিৰ

ধুবুৰী, 14 অক্টোবৰ: অপেক্ষাৰ অন্ত পেলাই নতুন দিগন্তৰ সূচনাৰে ভাৰ্চুৱেল মাধ্যমেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰিলে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (President inaugurated Dhubri Medical College and Hospital ) ৷ নৱনিৰ্মিত হাস্পতালখনত অহা ৫ নৱেম্বৰৰ আৰম্ভ ডিএমচিএইচৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰম ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এসময়ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ঠাইত এতিয়া নখন আৰু অহা দিনকেইটাত ২৫ খনকৈ মেডিকেল কলেজ অসমবাসীয়ে লাভ কৰিব ৷ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় হৈছে অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ৷ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আৰম্ভ হোৱাতো এটা সময়ত ৰাইজৰ কল্পনাৰো অগোচৰ আছিল যদিও আজি সেই কল্পনা বাস্তৱায়িত হ'ল ৷এই মন্তব্য প্ৰকাশ কৰে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই (MP Pabitra Margherita on DMCH) ৷

ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পিছেই প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হয় দ্ৰৌপদী মুৰ্মু (President Draupadi Murmu in Guwahati) ৷ গুৱাহাটী আই আই টিৰ পৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) উপস্থিতিত ৰাষ্ট্ৰপতিগৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ লগতে কেইবাটাও আঁচনি ভাৰ্চুৱেলী শুভাৰম্ভনি কৰে ৷

ভাৰ্চুৱেল মাধ্যমেৰে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল উদ্বোধন ৰাষ্ট্ৰপতিৰ

মুমুৰ্ৱে লগতে কয়, ধুবুৰীৰ ৰাইজক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যৰে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসলয়খন আৰম্ভ হ'ল ৷ ৰাইজে চিকিৎসা মহাবিদ্যালয়খন পৰিস্কাৰ- পৰিচ্ছন্ন কৰি ৰাখিব লাগিব ৷ সকলো সময়তে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলক সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনালো ৷ ইয়াৰ লগত উৎসৰ্গিত চিকিৎসক সকলে মানৱ সেৱাৰ মনোভাৱেৰে চিকিৎসা সেৱা আগবঢ়াবই যাব বুলি আশা প্ৰকাশ কৰিলো ৷

জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে আদৰণি ভাষণ দিয়া সভাখনত গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অংকুমণি শইকীয়া, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিশিষ্ট সমাজসেৱক প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসকসকলে ধৰি কেবাহাজাৰ লোক উপস্থিত থাকে ৷

উপস্থিত সকলোৱে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনে ধুবুৰী জিলাকে ধৰি দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে চিকিৎসাৰ বাবে সন্মুখীন হৈ অহা অসুবিধা দূৰ কৰিব বুলি মন্তব্য কৰে ৷ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনে কয় যে কেইবছৰমানৰ ভিতৰতে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমোদন পাবৰ বাবে চেষ্টা কৰা হ'ব ৷

উল্লেখ্য যে গুৱাহাটী আই আই টিৰ পৰা অনুষ্ঠিত উদ্বোধনৰ এই কাৰ্যসূচী ধুবুৰীত পোনপটীয়াকৈ দেখুওৱা হয় ৷ ধুবুৰী টাউনৰ সমীপৰ ঝগৰাৰপাৰ অঞ্চলত ১০৮ বিঘা ভূমিত ৫০৯ কোটি টকা ব্যয়েৰে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কৰা হৈছে ৷ ইতিমধ্যে ১১১ গৰাকী ফেকাল্টি চিকিৎসক আৰু ২৮ গৰাকী ছিনিয়ৰ ৰেছিডেন্টৰ জৰিয়তে ২৪ টা বিভাগত চিকিৎসা সেৱা আৰম্ভ হৈছে ৷

লগতে পঢ়ক:Droupadi Murmu Assam visit : গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু

ABOUT THE AUTHOR

...view details