অসম

assam

Dilapidated road in Assam:ধেমাজি অসামৰিক চিকিৎসালয়লৈ যোৱা বিধ্বস্ত পথত পুখুৰী সদৃশ গাঁত

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 5:03 PM IST

ধেমাজি চাৰিআলিৰ পৰা অসামৰিক চিকিৎসালয়লৈ যোৱা পথৰ দুৰৱস্থাত ৰোগীৰ নৰক যন্ত্ৰণা ৷ বাটতে আধামৰা হয় ৰোগী ।

Dhemaji Civil Hospital
ধেমাজি অসামৰিক চিকিৎসালয়

ধেমাজি অসামৰিক চিকিৎসালয়

ধেমাজি, ২৩ ছেপ্টেম্বৰ:ধেমাজি জিলাৰ সদৰ চাৰিআলিৰ পৰা ধেমাজি অসামৰিক চিকিৎসালয়লৈ যোৱা অতি গুৰুত্বপূৰ্ণ ডেৰ কিলো মিটাৰ দৈৰ্ঘ্যৰ পথটো হৈ পৰিছে মৰণফান্দ । সমগ্ৰ পথটো পকী এৰাই উন্মুক্ত হৈ দ' দ' গাঁতৰ সৃষ্টি হোৱাৰ সমান্তৰালভাৱে ঠায়ে ঠায়ে পকী কালভাৰ্টৰ অংশত চিমেণ্টৰ প্ৰলেপ এৰাই উন্মুক্ত হৈ পৰিছে ৰ’ড সমুহ ৷ যাৰ বাবে পদে পদে বিপদৰ আশংকা হৈছে ৷

এই পথেৰে ৰোগী,আৰোহীয়ে অহা-যোৱা কৰোঁতে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷ বহুতো লোক দুৰ্ঘটনাত পতিত হৈছে । তদুপৰি সমগ্ৰ পথচোৱাত আছে ১২/১৩ টাকৈ কেকুঁৰি । এজাক বৰষুণ দিলেই গাঁতবোৰত পানীৰে পৰিপূৰ্ণ হোৱাৰ ফলত বহুতো আৰোহী, ৰোগী আৰু পথচাৰী বিপদত পৰি আহিছে । ইয়াৰ পিচতো কিন্তু তিলমানো ভ্ৰূক্ষেপ নাই ধেমাজি জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগৰ ৷

উল্লেখ্য় যে এই পথেৰে চিকিৎসালয়ৰ উপৰি ৰাজ্যৰ বিয়াগোম চৰকাৰী বিভাগ জিলা বন সংমণ্ডলৰ কাৰ্যালয়লৈ ভি আই পি বাহন আৰু ৰাজকোষৰ ধনেৰে নোদোকা হোৱা বিষয়া কৰ্মচাৰী অহা যোৱা কৰি থকা সত্ত্বেও পথৰ দুৰৱস্থাক লৈ নহয় চিন্তিত ৷ উল্লেখ্য যে দহমাহৰ পূৰ্বে ধেমাজিত বিশাল সভাৰ জৰিয়তে ধেমাজিৰ অসামৰিক চিকিৎসালয়লৈ পথটো মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰি গৈছিল । পিছে অদ্যপি পথটো নিৰ্মাণৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ কৰা নাই ৷ ইপিনে, ধেমাজিবাসীৰ স্বাৰ্থত শীঘ্ৰেই চিকিৎসালয়লৈ যোৱা পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷

স্থানীয় ৰাইজে এই পথটোৰ মেৰামতিৰ বাবে বহুবাৰ আবেদন নিবেদন জনাইছে যদিও আজিলৈ পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই । অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৰাইজে । ৰাইজৰ আশা অতি শীঘ্ৰে চৰকাৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব । অন্যথা ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিছে ।

লগতে পঢ়ক:Morigaon Murder update: পত্নীক হত্যা কৰি ধৰ্ষণৰ ৰূপ দিয়াৰ চেষ্টা; স্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি

ABOUT THE AUTHOR

...view details