অসম

assam

আৰক্ষীৰ গুলীত নিহত এলডিচিএমৰ সদস্যৰ পৰিয়ালক ভৰণপোষনৰ দাবী

By

Published : May 15, 2021, 7:39 PM IST

ধেমাজিৰ চিমেন চাপৰিত আৰক্ষীৰ গুলীত নিহত লিবাৰেল ডেমক্ৰেটিক কাউঞ্চিল অফ মিচিঙলেণ্ড চমুকৈ এলডিচিএমৰ সদস্য বাণীকান্ত কুম্বাঙৰ পত্নীয়ে কৰ্মসংস্থাপন বিচাৰি দাবী জনাইছে অসম চৰকাৰক। বাণীকান্ত কুম্বাঙৰ মৃত্যুৰ উচিত তদন্তৰ লগতে পৰিয়ালটোৰ ভৰণপোষনৰ দায়িত্ব ল’বলৈ চৰকাৰক দাবী জনাইছে প্ৰয়াত কুম্বাঙৰ পত্নীয়ে ৷

Jonai_encounter_case
আৰক্ষীৰ গুলীত নিহত এলডিচিএমৰ সদস্যৰ পৰিয়ালক ভৰণপোষনৰ দাবী পত্নীৰ

জোনাই, ১৪ মে’ : বিগত ১১ মে'ৰ নিশা ধেমাজিৰ চিমেন চাপৰিৰ আটকপুৰত আৰক্ষীৰ গুলীচালনাত নিহত হৈছিল লিবাৰেল ডেমক্ৰেটিক কাউঞ্চিল অফ মিচিঙলেণ্ড চমুকৈ এলডিচিএমৰ এগৰাকী দুধৰ্ষ সদস্য বাণীকান্ত কুম্বাং ৷ শেহতীয়াকৈ বাণীকান্ত কুম্বাঙৰ পত্নীয়ে কৰ্মসংস্থাপন বিচাৰি দাবী জনাইছে অসম চৰকাৰক ।

যোৱা ১০ মে'ৰ নিশা জোনাইৰ ১ নং চিৰামপুৰীয়া গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী সুভাষ চাহুৰ গুলীচালনা ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ধেমাজি জিলা আৰক্ষীৰ তত্বাৱধানত চিমেন চাপৰি আৰক্ষীয়ে অভিযান চলাই কুমলীয়া গাঁৱৰ নিজ বাসগৃহৰ পৰা সন্ধিয়া ৭ বজাত আটক কৰি লুকাই থোৱা মাৰণাস্ত্ৰ উদ্ধাৰৰ বাবে লৈ গৈছিল বাণীকান্ত কুম্বাঙক ।

Jonai_encounter_case

ইফালে, আটকপুৰৰ সমীপৰ এটা কালভাৰ্টৰ তলত লুকাই ৰখা মাৰণাস্ত্ৰৰে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰোঁতে এলডিচিএমৰ দুধৰ্ষ সদস্য বাণীকান্ত কুম্বাং আৰক্ষীৰ গুলীত নিহত হোৱা বুলি সদৰী কৰিছে আৰক্ষীয়ে ।

কিন্তু, পৰিয়ালৰ লগতে কুমলীয়া গাঁওবাসীয়ে ঘৰৰ পৰা উঠাই নি শীতল মস্তিষ্কৰে বাণীকান্তক হত্যা কৰা বুলি আৰক্ষীৰ বিৰূদ্ধে অভিযোগ উত্থাপন কৰিছে । প্ৰয়াত বাণীকান্ত কুম্বাঙৰ পৰিয়ালৰ লোকে উক্ত ঘটনাৰ উচিত তদন্তৰ লগতে পৰিয়ালটোক ন্যায় প্ৰদান কৰি ভৰণপোষনৰ দায়িত্ব ল’বলৈ চৰকাৰক দাবী জনাইছে ।

লগতে পঢ়ক :টিংৰাই বিস্ফোৰণত নিহতৰ পৰিয়ালক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details