অসম

assam

Dhemaji Munna Bhai MBBS: ডাঃ বিজু বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত প্ৰতিবাদ

By

Published : Aug 11, 2022, 9:24 AM IST

Dhemaji Munna Bhai MBBS
Dhemaji Munna Bhai MBBS ()

ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভুৱা চিকিৎসকৰ কাণ্ডৰ লগত জড়িত চিকিৎসক বিজু বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (Fraud doctor in Dhemaji)৷ কেইদিনমান পূৰ্বে পোহৰলৈ আহিছিল চিকিৎসালয়খনত চলি থকা এই ভয়ংকৰ কাণ্ড ৷

ধেমাজি, 11 আগষ্ট:ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভুৱা চিকিৎসক কাণ্ডক লৈ অব্যাহত আছে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ প্ৰতিক্ৰিয়া (Fake doctor in Dhemaji) ৷ অভিযুক্ত চিকিৎসক বিজু বৰুৱাক গ্ৰেপ্তাৰ আৰু এই সমগ্ৰ ঘটনাৰ প্ৰসংগত মৌনতা অৱলম্বন কৰা স্বাস্থ্য বিভাগক গৰিহণা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷ ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত চিকিৎসক বিজু বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ কৰি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদীসকলে (AJYP protest against health department) ৷

উল্লেখ্য যে, যোৱা 6 আগষ্টত ধেমাজি অসামৰিক চিকিৎসালয়ৰ 22 নং কোঠাত বিভাগীয় চিকিৎসক ডাঃ বিজু বৰুৱাৰ বিপৰীতে তেওঁৰ গাড়ীচালক গৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰিছিল ডিম্পী দিহিঙীয়া নামৰ এগৰাকী যুৱতীক ৷ চিকিৎসকৰ দৰেই ভুৱা চিকিৎসকগৰাকীয়ে ৰোগীক দিছিল প্ৰেচকিপচন ৷ আনকি, ৰোগী ডিম্পী দিহিঙীয়াক কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈ আলটা চাউণ্ড কৰিবলৈও দিছিল মুন্নভাইৰূপী গাড়ীচালকজনে (Fake doctor in Dhemaji civil hospital) ৷

ডাঃ বিজু বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত প্ৰতিবাদ

কিন্তু চিকিৎসকজনৰ চাল-চলনৰ ওপৰত ৰোগী ডিম্পী দিহিঙীয়া আৰু তেওঁৰ আত্মীয়ৰ সন্দেহ ওপজে ৷ সেয়ে ৰোগী ডিম্পী দিহিঙীয়া আৰু তেওঁৰ অভিভাৱকে এই সন্দৰ্ভত চিকিৎসালয়খনৰ অন্য এগৰাকী চিকিৎসকক অৱগত কৰে ৷

পিছত ধেমাজি অসামৰিক চিকিৎসালয়ৰ 3 নং কক্ষত বহা চিকিৎসকগৰাকীৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ৰহস্য ৷ এই উদ্ভত কাণ্ড পোহৰলৈ অহাত ধেমাজিৰ দল-সংগঠনে চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ এনে অদূৰদৰ্শী কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ইপিনে, বিতৰ্কিত চিকিৎসক ডাঃ বিজু বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ধেমাজি প্ৰশাসনে আজি পৰ্যন্ত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ উঠিছে সংগঠনটোৰ কৰ্মীসকল ৷ সেয়ে চিকিৎসক বিজু বৰুৱা আৰু তেওঁৰ মুন্না ভাই ৰূপী গাড়ীচালক আৰু চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে ধাৰাবাহিক আন্দোলন কৰাৰ ঘোষণা কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক:Munna Bhai MBBS : ধেমাজি অসামৰিক চিকিৎসালয়ত ভুৱা MBBS

ABOUT THE AUTHOR

...view details