ETV Bharat / state

নিৰ্বাচনত নিয়োজিত চালকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা পৰিবহণ বিভাগৰ - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 6:56 PM IST

Free health check up camp : আই এছ বি টিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ । পুলিং-প্ৰিজাইডিং বিষয়াক ভোটকেন্দ্ৰ সমূহলৈ সুকলমে অনা-নিয়াৰ দায়িত্বত নিয়োজিত গাড়ীচালক আৰু সহায়কসকলৰ বাবে আয়োজন কৰা হয় এই শিবিৰৰ ।

Free health check up camp
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ (ETV BHARAT ASSAM)

গুৱাহাটী, ৫ মে: অহা ৭ মে'ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । আজিৰে পৰাই দুৰ্গম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ যাত্ৰা কৰিছে নিৰ্বাচনী বিষয়া তথা কৰ্মীসকলে । এই যাত্ৰাৰ প্রাকমূহুৰ্তত প্ৰতিগৰাকী পুলিং-প্ৰিজাইডিং বিষয়াক ভোটকেন্দ্ৰসমূহলৈ সুকলমে অনা-নিয়াৰ দায়িত্বত নিয়োজিত গাড়ীচালক আৰু সহায়কসকলৰ সুবিধাৰ্থে আৰু নিৰ্বাচন প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ স্বাৰ্থত আয়োজন কৰা হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ।

পৰিবহণ বিভাগৰ উদ্যোগত,কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতি আৰু কামৰূপ মহানগৰ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সহযোগত গুৱাহাটীৰ আই এছ বি টিত আয়োজন কৰা হয় এই স্বাস্থ্য পৰীক্ষা শিবিৰৰ । চকু আৰু স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে নিৰ্বাচনৰ দায়িত্বত থকা চালক আৰু পৰিচালকৰ বাবে আয়োজন কৰা এই শিবিৰত উপস্থিত থাকে পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস, কামৰূপ মহানগৰ জিলাৰ সহকাৰী আয়ুক্ত মনোৰঞ্জন দত্ত, কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয় শংকৰ মেধিকে আদি কৰি জিলা প্ৰশাসন, পৰিবহণ, স্বাস্থ্য আৰু আৰক্ষী বিভাগৰ বিষয়া কৰ্মচাৰীসকল ।

স্বাস্থ্য পৰীক্ষা শিবিৰত নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰতিগৰাকী চালক পৰিচালকৰ দায়িত্ব সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সকলো যান-বাহনৰ চালক-পৰিচালকক পথ সুৰক্ষাৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায় পৰিবহণ বিষয়া গৌতম দাসে । শিবিৰত উপস্থিত সকলোৰে সন্মুখত মুকাভিনয়ৰ জৰিয়তে পথ সুৰক্ষাৰ বাণী বিলোৱাৰ চেষ্টা চলায় জিলা পথ সুৰক্ষা সমিতিয়ে । চকু আৰু স্বাস্থ্য পৰীক্ষা কৰি প্ৰশাসনৰ এই উদ্যোগৰ শলাগ লয় চালক, পৰিচালক সকলেও ।

লগতে পঢ়ক:নলবাৰীত ৫১ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প'লিং-প্ৰিজাইডিং বিষয়া - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.