ETV Bharat / state

গুৱাহাটীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত অগপৰ বিশাল বাইক ৰেলী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 4:47 PM IST

Lok Sabha Election 2024: নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত গুৱাহাটীত অগপ দলে বিশাল বাইক ৰেলীৰ আয়োজন কৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত ৰাজপথত বাইক ৰেলী । অতুল বৰা আৰু কেশৱ মহন্তৰ অংশগ্ৰহণ ।

Lok Sabha Election 2024
গুৱাহাটীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত অগপৰ বিশাল বাইক ৰেলী (ETV Bharat Assam)

গুৱাহাটীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত অগপৰ বিশাল বাইক ৰেলী (ETV Bharat Assam)

গুৱাহাটী,৫ মে': অহা ৭ মে'ত ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিবোৰৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত শাসক-বিৰোধীয়ে ব্যাপকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে । বিজেপি আৰু কংগ্ৰেছৰ বিশাল ৰেলীৰ পিচত অগপ দলেও দেওবাৰে গুৱাহাটীত বাইক ৰেলীৰ আয়োজন কৰে । প্ৰতিকূল বতৰকো নেওচি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনৰ বাবে বাইক ৰেলীত অংশ ল'লে অগপৰ বহু কৰ্মীয়ে ।

বিজেপিৰ বাইক ৰেলীৰ পিচতে গণেশগুৰি উৰণীয়া সেতুৰ সমীপৰ পৰা আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কার্যালয়লৈ উলিওৱা হয় এই বাইক ৰেলী । অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তইও বাইক ৰেলীত অংশগ্ৰহণ কৰে । প্ৰায় ৫ হাজাৰ নেতা-কৰ্মীয়ে অংশ লয় এই বিশাল বাইক ৰেলীত । ৰেলীত অংশগ্ৰহণ কৰি অগপ সভাপতি অতুল বৰাই কয় যে ইতিমধ্যে সমাপ্ত হৈ যোৱা ১০ টা সমষ্টিৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । অন্য ৰাজনৈতিক দলবোৰৰ ভোট গোটোৱা আচল যন্ত্ৰটোয়ে নাই বুলি তেওঁ উল্লেখ কৰে ।

অতুল বৰা নিশ্চিত যে অসমৰ আটাইকেইটা সমষ্টিতে এনডিএৰ প্ৰাৰ্থী জয়ী হ'ব । চৰকাৰৰ প্ৰশংসা কৰি অতুল বৰাই কয় যে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যত বহুত কাম হৈছে । এনে কাম-কাজ ৰাইজে কংগ্ৰেছৰ শাসন কালত কেতিয়াও দেখা নাছিল বুলি তেওঁ অভিযোগ কৰে । তেওঁৰ মতে বদৰুদ্দিন আজমলে জৰা-ফুঁকা কৰিয়ে তিনিবাৰ সাংসদ হ'ল । তেওঁৰ মতে বদৰুদ্দিন আজমল এইবাৰ অতীত হ'ব লগতে কংগ্ৰেছৰ শোচনীয় পৰাজয় হ'ব । ইফালে কাৰ্যকৰী সভাপতি কেশৱ মহন্তইও কয় যে বাইক ৰেলীৰ বাবে সকলো ওলাই আহিছে । ৰাইজৰ সঁহাৰিয়ে দলটোক আৰু উৎসাহিত কৰিব । তেওঁৰ মতে বহু ভোটৰ ব্যৱধানত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব ।

লগতে পঢ়ক :গুৱাহাটী কাৰ : বিজেপিৰ পিচত বিশাল ৰোড শ্ব'ৰে কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.